Jul 17, 2010

মূৰ্চ্ছনাৰ বিষয়ে সামান্য.....

মূৰ্চ্ছনাৰ প্ৰতিস্থা: ১৯৯৬ চনৰ ২০ জুন।  
মূৰ্চ্ছনাৰ বিষয়ববীয়া সকল
সভাপতিঃ শ্রীদ্বিজেন মহন্ত।
সম্পাদকঃ শ্রীমৰূৎ বৰদলৈ।
উপদেষ্টাঃ শ্রীযুত কৃষ্ণ ভুঞাঁ।
মূৰ্চ্ছনাৰ মুঠ সভ্য মাত্র ৩৯ জন।
মূৰ্চ্ছনাৰ ভগ্নী অনুষ্ঠান :
ক)মূৰ্চ্ছনা দৃশ্য শ্রব্য বিভাগ।-----সম্পাদক : নিপু বৰঠাকুৰ।
খ)মূৰ্চ্ছনা সমজ সেৱা বিভাগ।---সম্পাদক: মতিউৰ ৰহমান।
গ)মূৰ্চ্ছনা সাহিত্য  বিভাগ।----সম্পাদক : মানিক বৰুৱা।
ঘ)মূৰ্চ্ছনা সহায়ক গোট।   ----সম্পাদক :চন্দন ভুঞা।
 মূৰ্চ্ছনাৰ ইয়াৰ উপৰিও এখন নিজা সংঙ্গীত বিদ্যালয় আছে।"মূৰ্চ্ছনা কলা নিকেতন" নামৰ এই সঙ্গীত বিদ্যালয় খন ২০০০ চনৰ ৫ মাৰ্চ তাৰিখে প্রতিষ্ঠা কৰা হয়।অশেষ কষ্ট কৰি স্থানীয় প্রতিভাবান ছাত্র-ছাত্রী সকলক সংগীত শিক্ষা দিয়াৰ অৰ্থে লক্ষ্ণৌৰ ভাতখাণ্ডে সঙ্গীত বিদ্যাপিঠৰ অধিনত এই বিদ্যালয় নিজা পৰীক্ষা কেন্দ্র সহ চলি আছে।
   মূৰ্চ্ছনাৰ VCD নিৰ্ম্মান :
 ২০০৩ চনত 'মূৰ্চ্ছনা'ৰ সৌজন্যত "গ্রহণী"নামৰ প্রথম VCD নিৰ্ম্মাণ কৰা হয়।শ্রীদ্বিজেন মহন্তৰ পৰিচালনাত নিৰ্ম্মাণ হোৱা উক্ত VCD ৰাইজৰ মাজত বেচ জনপ্রিয়তা অৰ্জন কৰিছিল।
   ২০০৪ চনত কৃষ্ণ ভূঞাঁৰ কাহিনী আৰু  দ্বিজেন মহন্তৰ পৰিচালনাত নিৰ্ম্মাণ কৰা হয় আন এখন VCD "শংকিতা শৰ্বৰী"।(অভিনেত্রী অংকিতা শইকীয়াৰ প্রথম VCD)

   ২০০৫ চনত অসম জুৰি খলকনি লগোৱা হাস্যমধুৰ VCD "ফেনখোৱা"নিৰ্ম্মাণ হয় মূৰ্চ্ছনাৰ দ্বাৰা(প্রযোজনা শ্রীপ্রনব দাস)।তাৰপাছত ২০০৬ চনত ফেনখোৱাৰ ২য় খণ্ড "ফেনখোৱাৰ প্রতিশোধ" নিৰ্ম্মাণ কৰা হয়।