Sep 24, 2011

‌‌"আশ্রয়-নিৰাশ্রয়" মূর্চ্ছনাৰ নিবেদন।(২৪/৯/১১)

আজি চাৰিআলিৰ বীনা্পাণি নাট্যমন্দিৰত মুর্চ্ছনাৰ শৰৎৰ উপহাৰ ‌‌"আশ্রয়-নিৰাশ্রয়" নামৰ নাট খন মঞ্চস্থ হয়।কেইটিমান নাট্য মূহুর্ত্ত মোৰ কেমেৰত :

Jul 26, 2011

প্রিয়াংকু বৰাৰ কবিতা

মুর্চ্ছনা
তোমাৰ সতে চিনাকি মোৰ শৈশৱত
    তোমাৰ প্রেমত মই
    জীপাল হৈ বাট বুলিছো এদিন
    হাতে হাত ধৰি তুমিয়েই লৈ গৈছিলা
    নাটকৰ বহল পথাৰলৈ
    তাতেই লগ পাইছিলো
    নমস্য ব্যক্তি-- দ্বিজেন, নিপু, চন্দন
    বিজন মৰূৎ মামা সকলোকে
    মোৰ নমস্য দিকদৰ্শী
    তুমি জানানে
    তুমি গঢ়ি যোৱা দুহাতেৰে
    তোমাৰ বহল পথাৰ
    আমিবোৰ এতিয়া
    বহল পথাৰত বিচৰণ কৰো
    তোমাৰ কথাকে কৈ
    বীণাপানি
    হয় বীণাপানি নাট্যমন্দিৰ
    আজিও জিপাল হয় প্রতিতো
    গ্রীষ্মৰ বন্ধত
    এজাক শিশুৰ চুনামিয়ে কঢ়িয়াই আনে
    হাঁহি হাঁহি পাৰ কৰা
    দুটি হেঁপাহৰ নিশা
   
    তোমাক শতবাৰ প্রণাম
    তুমি আছা আমাৰ মাজত
    থাকিবা চিৰদিন চিৰকাল।
        ---প্রিয়াংকু বৰা।

Jun 28, 2011

শিশুনাট কৰ্ম্মশালা'২০১১,

মূৰ্চ্ছণাৰ উদ্যোগত হব লগা গ্রীষ্ম কালিন নাট কৰ্ম্মশালাৰ শুভ মূহূৰত অহা ৩০, জুন বিয়লি ৫বজাত মূৰ্চ্ছনা কলানিকেতনত হ'ব।সকলো শুভাকাংক্ষি আৰু কুশীলব সকলক আমন্ত্রণ জনালো।

Jan 14, 2011

লভিতা নাটকৰ কেইটিমান দৃশ্যত মূৰ্চ্ছনাৰ শিশু শিল্পী সকল......

লভিতাৰ ৰূপত অন্বেষা মহন্ত

লভিতা ৰূপত অন্বেষাৰ সৈতে অন্য শিশু শিল্পী সকল

"চাহাব মই গাৱলিয়া ছোৱালী...........

পিতৃৰ মৃতদেহৰ কাষৰ পৰা লভিতাক গোলাপ ককাইদেউৱে আতৰাই নিয়াৰ দৃশ্য


লভিতাক গোলাপৰ বুজনি দিয়াৰ দৃশ্য...