Jul 26, 2011

প্রিয়াংকু বৰাৰ কবিতা

মুর্চ্ছনা
তোমাৰ সতে চিনাকি মোৰ শৈশৱত
    তোমাৰ প্রেমত মই
    জীপাল হৈ বাট বুলিছো এদিন
    হাতে হাত ধৰি তুমিয়েই লৈ গৈছিলা
    নাটকৰ বহল পথাৰলৈ
    তাতেই লগ পাইছিলো
    নমস্য ব্যক্তি-- দ্বিজেন, নিপু, চন্দন
    বিজন মৰূৎ মামা সকলোকে
    মোৰ নমস্য দিকদৰ্শী
    তুমি জানানে
    তুমি গঢ়ি যোৱা দুহাতেৰে
    তোমাৰ বহল পথাৰ
    আমিবোৰ এতিয়া
    বহল পথাৰত বিচৰণ কৰো
    তোমাৰ কথাকে কৈ
    বীণাপানি
    হয় বীণাপানি নাট্যমন্দিৰ
    আজিও জিপাল হয় প্রতিতো
    গ্রীষ্মৰ বন্ধত
    এজাক শিশুৰ চুনামিয়ে কঢ়িয়াই আনে
    হাঁহি হাঁহি পাৰ কৰা
    দুটি হেঁপাহৰ নিশা
   
    তোমাক শতবাৰ প্রণাম
    তুমি আছা আমাৰ মাজত
    থাকিবা চিৰদিন চিৰকাল।
        ---প্রিয়াংকু বৰা।