Dec 4, 2012

অভিনয় : সত্যৰ অনুসন্ধান



বৰ্তমান অসমত দূৰদৰ্শণৰ বাহিৰেও কেবাটাও টিভি চেনেল গঢ় ললে। বাতৰিৰ উপৰিও নানা মনোৰঞ্জনৰ কাৰ্য্যসূচি ২৪ ঘন্টাই চলিব ধৰিছে। কিন্তু প্ৰথম অৱস্থাত মানুহে যি দৰে এই অণুষ্ঠাণ সমুহলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, লাহে লাহে মানুহৰ আগ্ৰহ কমি আহিবলৈ ধৰিছে। ইয়াৰ বিভিন্ন কাৰণৰ লগতে অন্যতম কাৰণ হ'ল অভিনেতা অভিনেত্ৰীৰ পুতৌ লগা দুৰ্বল অভিনয়। একোখন অসমীয়া ধাৰাবাহিক চাই থাকিলে এনে লাগে যেন অভিনেতা সকল যেন পৰিচালকৰ দাসহে। কেবল পৰিচালকৰ নিৰ্দেশ মানি লৈ চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ সমুহ ৰেল ষ্টেচনৰ কুলিয়ে কঢ়িওৱাদি কঢ়িয়াই লৈ গৈছে। প্ৰকৃততে জানো এজন অভিনেতা/অভিনেত্ৰীৰ পৰিচালকৰ নিৰ্দেশত চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ কঢ়ি্যাই নিয়াই কাম ? নিশ্চয় নহয়। আছলতে অভিনেতা এজন সৃষ্টিকৰ্তা।  এজন অভিনেতাক সৃষ্টিকৰ্তাৰ মৰ্য্যদা দিয়া হয়। কাৰণ তেও নাট্যকাৰে লিখা প্ৰানহীন সংলাপ সমুহত প্ৰান প্ৰতিস্থা কৰি দৰ্শকৰ হৃদয়ত প্ৰৱেশ কৰোৱাই। ই অভিনেতাৰ বাবে সত্যৰ অনুসন্ধান। এই সত্যক বিচাৰি পাবৰ বাবে অভিনেতাই পাণ্ডুলিপিৰ চৰিত্ৰৰ মাজত সোমাই এই সত্যক বিচাৰি পায়।
এতিয়া কথা হল অসমৰ বিভিন্ন টিভি চেনেল বোৰলৈ মঞ্চৰ পৰা অভিনেতাৰ সোঁত ববলৈ আৰম্ভ কৰিছে। প্ৰতিজনেই হয়তো মঞ্চৰ একোজন ভাল অভিনেতা, কিন্তু টিভিৰ পৰ্দাত দৰ্শকে তেওক মুঠেই হজম নকৰিলে। ইয়াৰ কাৰণ হল মঞ্চ আৰু টিভি দুয়োটাৰে অভিনয় কৌশলৰ ভিন্নতা আছে। সাধাৰণতে মঞ্চ অভিনেতাই ষ্টুডিঅ'ৰ মজিয়াত থকা কেমেৰা আৰু দৰ্শক একে বুলি ভবাৰ এক প্ৰৱনতা থাকে। ২য়তে অভিনয়ৰ মাত্ৰা সম্পৰ্কে অজ্ঞতা। টিভিৰ অভিনেতাই সদায় মনত ৰখা উচিৎ যে মঞ্চৰ অভিব্যক্তি(Expression)তকৈ টিভি কেমেৰাত বহু কমমাত্ৰাৰ অভিব্যক্তি প্ৰয়োজন। আমি কব পাৰোঃ    মঞ্চৰ অভিব্যক্তিক ১০০০ৰে হৰণ কৰিলে যি পোৱা যাব সি হব কেমেৰাৰ Expression.অভিনয় সত্যৰ অনুসন্ধান।অভিনেতাই সত্যৰ মাজত ডুবগৈ সত্যক বিছাৰি উলিয়াব লাগে।কিন্তু মঞ্চত যি ধৰণে সত্যৰ অনুসন্ধান চলে, টিভিত সেই ধৰণে নহয়।টিভিৰ অভিনয় হয় কেমেৰাৰ সন্মুখত। এতিয়া কথা হল কেমেৰা এটা নিৰ্জব বস্তু। ই চলাফুৰা কৰে কেমেৰামেন আৰু পৰিচালকৰ নিৰ্দ্দেশত। কেমাৰাৰ প্ৰধান সংঙ্গী হল পোহৰ।অভিনেতাৰ শৰীৰৰ সৈতে পাৰিপাৰ্শ্বিক পটভুমিক যুক্ত বা বিযুক্ত ভাবে কেমাৰাই যিখিনিক গ্ৰহণ কৰে তাক আমি Shot বুলি কও।এই Shot বিভিন্ন নামৰ হয়, যেনে : Close-Shot, Long-Shot, Mid-shot,Mid-Long,Mid-Close,Big-Close ইত্যাদি।অভিনেতা একোজনে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ যাওতে এই shot সম্পৰ্কে সদাই সচেতন হব লাগে।এইখিনিতে মোৰ মনলৈ আহিছে কামাল হাচান আৰু ৰতি অগ্নীহোত্ৰী অভিনিত "এক দুজে কে লিয়ে"ৰ এটা দৃশ্যৰ কথা। ছবিখন নিশ্বয় বহুতে চাইছে।দৃশ্যটো আছিল কামাল হাচান আৰু ৰতি দুয়োৰ এক প্ৰেমালাপৰ। কামাল হাচানৰ মুখত কেমেৰা close-upৰ পৰা zoom-out হৈছে।কামাল হাচানৰ হাতৰ মাজত ৰতিৰ কোমল হাতখন।পুনৰ কেমেৰা ৰতি আৰু কামালৰ হাতত zoom-in কৰিছে।এইবাৰ কামালৰ মুখত কেমেৰাৰ Big-close।এই মূহুৰ্ত্তত আমি কামাল হাচানৰ মুখৰ সুক্ষ্ম অভিব্যক্তি দেখা পাওঁ।কামালে ৰতিৰ হাতখন মুখৰ ওছৰলৈ আনি আঙুলি এটাৰ ওলাই থকা নখৰ সুত এডাল কামুৰি চিঙি দিয়ে। সম্পূৰ্ণ দৃশ্যটোত হাত আৰু মুখৰ অভিব্যক্তি ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে তেতিয়াই আমি অনুভব কৰো যে ই যেন সঁচাকৈ ঘটি আছে। এয়াই সত্যৰ সন্ধান।
কেমেৰাই যিকোনো অভিব্যক্তিকে ১০০০ গুণ ডাঙৰকৈ দেখে। গতিকে কেমেৰাৰ সন্মুখত অত্যন্ত সাৱধানে অভিনয় কৰিব লগিয়া হয়। এইখিনিতে উল্লেখ কৰা ভাল যে এজন প্ৰজোযকে প্ৰায়ে চলচিত্ৰৰ অভিনেতাক টিভিৰ ধাৰাবাহিক বিলাকত অভিনয় কৰোৱাব বিছাৰে।তাৰ দুটা কাৰণ।১) চলচিত্ৰ অভিনেতাৰ গ্লেমাৰ বিক্ৰী কৰি মুনাফা লোৱা।২)কেমেৰাৰ সন্মুখত সাৱলিল অভিনয় কৰিব পাৰে। বৰ্তমান আমি দৰ্শক হিচাপে যি সকল অভিনেতাক গ্ৰহন কৰিছো সেই সকল মুলত চলচিত্ৰৰ অভিনেতা। মঞ্চ অভিনেতা সকল মঞ্চত যথেষ্ঠ সহজ ভাবে অভিনয় কৰে কিন্তু চলচিত্ৰত সিমান সহজ বা সাৱলিল হব নোৱাৰে। আতাইতকৈ আছৰিত কথা যে মঞ্চ অভিনেতা সকল চলচিত্ৰত যিমান সাৱলিল টিভিত কিন্তু সিমান সাৱলিল নহয়। সলিল দে নামৰ কলিকতা দূৰদৰ্শণৰ এজন অভিজ্ঞ প্ৰযোজক, পৰিচালক, অভিনেতা তথা চিত্ৰনাট্যকাৰ   কৈছিল যে ভাল ভাল চলচিত্ৰ অভিনেতায়ো এই --তিনি ঠেঙিয়া ডিজিটেল যন্ত্ৰটোক ভয় কৰে।তাৰ কাৰণটো হল, চিনেমা আৰু টিভিৰ shot লোৱাৰ পদ্ধতি ভিন্ন। টিভিত Shooting কৰোতে অভিনেতাই নাজানে কেতিয়া কি shot লৈ আছে।কাৰণ সাধাৰণতে তিনিটা কেমেৰাই একে সময়তে বিভিন্ন shot লৈ থাকে । প্ৰযোজক আৰু সম্পাদকে online সম্পাদনা কৰি থাকে। ইয়াৰউপৰি, চলচিত্ৰৰ shooting কৰোতে সৰু সৰু shot লোৱা হয় বাবে অভিনেতাৰ মূখস্ত বিদ্যাৰ ওপৰত বেছি নিৰ্ভৰ নকৰিলেও চলে।কিন্তু টিভিৰ বাবে shootingত সেই সুবিধা নাপায়।[অৱশ্যে এটা কেমেৰাৰে shooting কৰাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়।]
গতিকে টেলিভিচনৰ অভিনয়ৰ ক্ষেত্ৰত অভিনেতাৰ প্ৰয়োজন এটা টেনচন-মুক্ত মন আৰু নিৰোগী দেহা।মনত অকনমান টেনচন আহিলে ই অতি কুন্ধচ ভাবে কেমেৰাত ধৰা পৰি যাব। এটা কথা প্ৰতিজন অভিনেতাই মনত ৰখা উচিৎ যে টেলিভিচনত বেছি ভাগেই close shot ব্যৱহাৰ হয়। প্ৰতিজন অভিনেতাৰ সংলাপ মনত ৰখা অৰ্থাৎ মুখস্ত বিদ্যা শক্তিশালী হব লাগিব। গতিকে দেখা গল যে টেলিভিচনৰ অভিনয় বেছি সুক্ষ্ম হয় লাগিব।
টেলিভিচনৰ বানিজ্যিক প্ৰযোজনা আৰু অভিনয়: বৰ্তমান টিভিত যিবোৰ ধাৰাবাহিক বা অপেৰা চলি আছে তাৰ আঁৰত আছে একোটা বানিজ্যিক উদ্দেশ্য। অৰ্থাৎ মুনাফা অৰ্জন । সেয়ে কোনো প্ৰযোজকে এটা shot লবৰ বাবে ২ বা ৩ বাৰৰ অধিক সুযোগ কোনো অভিনেতাকে দিব নোখোজে।কাৰণ প্ৰতিটো চেকেণ্ডৰ মূল্য বহুত।এক চেকেণ্ড অথলে যোৱাৰ অৰ্থ হল লাভ বা মুনাফা হ্ৰাস। সেয়ে অভিনেতাই নিজকে তেনে ধৰণে প্ৰস্তুত কৰা উচিৎ।
বানিজ্যিক চিৰিয়েলৰ বাবে অভিনেতাক লাগে:
১)পুৰ্ণ অনুভুতিৰ এটা মন।
২)অতি প্ৰখৰ স্মৃতি শক্তি
৩)তৎক্ষনাত চৰিত্ৰ আৰু দৃশ্য বুজাৰ ক্ষমতা।

Oct 2, 2012

"আচলতে এনেকৈয়ে" এখন পুৰ্ণাঙ্গ অসমীয়া নাটক।
























যোৱা ৩০ চেপ্তেম্বৰ ২০১২ তাৰিখ বিশ্বনাথ চাৰিআলিৰ বীনাপাণি নাট্য মন্দিৰত "মূৰ্চ্ছনা"ৰ শিল্পী সকলে কৃষ্ণ ভুঞা ৰচিত আৰু পৰিচালিত নাট "আচলতে এনেকৈয়ে" সফলতাৰে মঞ্চস্থ কৰে।নাটকৰ কেইটিমান মুহুৰ্তৰ আলোক চিত্ৰ ৰাইজৰ বাবে মুকলি কৰা হ'ল।

Mar 26, 2012

" স্বাস্থ্য চিন্তা : : অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প "


(সুস্বাস্থ্যৰ বিষয়ে মোৰ আগৰ লিখনিৰ এইয়া কিছু পৰপূৰক সমল ৷)

              
 মানুহৰ স্বাস্থ্যৰ এটি থুলমুল আভাস বডি মাছ ইনডেস্ক (Body Mass Index ) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰ মতে শৰীৰৰ ওজনক (কিলোগ্ৰামত)  শৰীৰৰউচ্চতাৰে  (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা  ফলাফলক বডি মাছ ইনডেস্ক  ( চমুকৈ BMI ) বোলে৷ স্বাভাবিক বি,এম,আই হ'ল – ১৮.৫ - ২৪.৯৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ'লে  ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় (Obese ) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি,এম,আই  ওলিয়াই  লৈ সেইমতে উচিত পদক্ষেপ লওঁক৷
           এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় : - ৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% - ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% - ৩৫% প্ৰটিনৰ পৰা ৷আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা  আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা  আহে ৪ কেলৰী শক্তি৷
           বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্য,বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে যেনে মাখন,ঘিউ,নাৰিকল তেল) আৰু মাংস,কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম,পনীৰ ন্যুনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে : - মেদবহুলতা, বহুমূ্ত্ৰ, উচ্চ ৰক্তচাপ,শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্ , আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি ৷
           এটা কথা জনোৱা ভাল - খোৱা আহাৰ সন্তুলিত নহলে, শৰীৰ ব্যায়াম - খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহলে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷
          প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল  তত্বই তাত উপলব্দ্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দূৰাৰোগ্য ব্যাধিৰ সন্মুখীন হব ধৰিছে৷
       এতিয়া আহোঁ কিয় ফাষ্টফুড গ্ৰহণযোগ্য নহয় কথাটোলৈ৷
              ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম ৷ অকল শৰীৰৰ অপকাৰী  চেচুৰেটেড  চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷মধুমেহ,উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক, ক'লোনৰ কেন্সাৰ,  মেদবহুলতা,দন্তক্ষয় ,তেজত চৰ্বি বঢ়া , আদি বিভিন্ন ৰোগৰ বাহক হ'ল এই ফাষ্ট ফুডসমূহ৷এই ফাষ্ট ফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন,চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ,কৃত্ৰিম স্বাদ , আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷
      উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বীতিয় ঘাতক ৰূপে পৰিচিত হৈছে - এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷
        আকৰ্ষণীয় বিজ্ঞাপন যেনে পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷কে এফ চি,বাৰ্গাৰ কিং, মেকডনাল্ড আদি ফাষ্টফুডৰ  দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ইয়াৰ পৰা হব পৰা অপকাৰ সমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷মাতৃ আৰু গৃহিনীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷
কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালো -
          ব্ৰাউন ব্ৰেড বা নহলে বনত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল' ফেট চীজ) সানি তিয়ঁহ,বিলাহী আদিৰে বাৰ্গাৰ বনাব  পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷ ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া, পদীনা,ধনীয়া,নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক ৷
          আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক - শীতল ফ্ৰুট চালাড, চুজী,খীৰ,পায়স,ফলৰ পিছা ফ্ৰিজত থৈ৷
         ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ,পকৰি বনাওক - সূৰ্য্যমুখী বা অলিভ জাতীয় নিৰাপদ তেলেৰে ভাজি৷ 
          চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷
           এটা কথা লক্ষ্য কৰক - আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০কেলৰি থাকে , অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷
           এটা সময়ত এনে ৰেষ্টোৰাত হৰমোন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হব পাৰে ৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ'ল৷ভাৰতত যে বিক্ৰী নহব তাৰ  নিশ্চয়তা কোনে দিব ? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰমোনৰ বেজীদি ডাঙৰ কৰা জাতিলাউ,ৰঙালাউ,অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷ 

 শীতল পানীয়ৰ বিষয়ে :কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰব৷এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ'ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে : - এটা সৰা দাঁত  ক'কাকোলা বা পেপচীত ভলদৰে ডুবাই  থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক'কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ  এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

       শীতল পানীয়ই  পাকপ্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০মিলিলিটাৰৰ বটলত ১০০পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যুনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন ডাইঅস্কাইড, কৃত্ৰিম ৰঙ আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লীবিশ্ববিদ্যালয়ৰ কেন্টিনত  হোৱা এক প্ৰতিযোগিতাত ৮বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন ডাইঅস্কাইড পয়জনিং হৈছিল৷


*  বিকল্প কি হব পাৰে ? 
    প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই  কিবা নহয়  কিবা খাবলৈ  দিছে;  যেনে আম,অমৰা,কৰ্দৈ,থেকেৰা,বেল,আপেল,নাচপতি,আনাৰচ, ডালিম,তৰমুজ,অমিতা, তেতেলি, লিচু নেমু,মালটা,কমলা,মৌচম্বী,বগৰী,আমলখি,জলফাই,লেতেকু,পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷এইবিলাকৰ প্ৰত্যকৰে  চৰবত বনাই খাব পাৰে৷ আৰু খাব পাৰে ডাবৰপানী,কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা বনোৱা লচ্চি আৰু নিমখীয়া মথ্থাও উপকাৰী আৰু সুস্বাদু পনীয়৷
      মুখনিত এটা কথা কম যি সকল লোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে - তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড  গ্ৰহণ নকৰক আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷
  
ডা০ ভূপেন শইকীয়া
২৪-৩-২০১২     ড'হা,  কাটাৰ

Mar 22, 2012

স্বাস্থ্য আৰু মন : সুস্বাস্থ্যৰ কেইটিমান কিটিপ-- ডা০ ভূপেন শইকীয়া ।


  শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান কথা আলোচনা কৰিম৷অসমীয়াত প্ৰবাদ আছে - দেহা থাকিলেহে বেহা৷ গতিকে সবাতকৈ ওপৰত শাৰীৰিক সুস্থতা ৷ দেহ ভালে নাথাকিলে মনো ভালে নাথাকে৷ মানব শৰীৰক এখন গাড়ীৰ লগত ৰিজাই এইদৰেও কব পাৰি - শৰীৰটো হ'ল ইঞ্জিন আৰু মনটো হ'ল গাড়ীখনৰ ড্ৰাইভাৰ৷

   মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰয়োজন হয় - ধ্যান বা মেডিটেচন৷ প্ৰাৰ্থনা ইয়াৰ কিছু সমপৰ্যায়ৰ শব্দ হব পাৰে৷ ধ্যানৰ লগত অধ্যয়ণ আৰু আত্মবিশ্লেষণ যোগ হোৱাটো বাঞ্চনীয়৷ অধ্যয়ণে যোগায় মনৰ খাদ্য ৷ মনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয় সুপৰিবেশ আৰু আত্ম মনোবলৰ৷ আকৌ আত্ম মনোবল আহে অধ্যয়ণ আৰু সজ চৰ্চাৰ দ্বাৰা৷

        এতিয়া শৰীৰ ভালে ৰাখিবলৈ লবলগীয়া যতন সমূহৰ বিষয়ে কিছু আলোচনা কৰো ৷মানুহে খাদ্য কিয় খায়, তাৰ উত্তৰ ভিন্ন ভিন্ন  হব পাৰে ৷ যেনে উদৰ পূৰালেহে শক্তি পাম, ভাল ভাল খাদ্য খাই জুতি লাগে কাৰণে খাওঁ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ খাওঁ৷ এতিয়া কথা হ'ল সুস্বাস্থ্য পাবলৈ হলে খাদ্যৰ বিষয়ে জানিবও লাগিব কি খোৱা ভাল আৰু কি কি পৰিহাৰ কৰিব লাগে৷
          পোনতে সুখাদ্যৰ চমু তালিকা এখন দিওঁ : -
১) ৰঙা চাহ: এটি কলি দুটি পাত শুকোৱাই কমকৈ মেচিনত সেকা চাহ হ'ল সৰ্বোত্তম চাহ৷ এই পৰম উপকাৰী খাদ্যৰ অসমত আবিস্কাৰ ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাবজনে  কৰিছিল৷ ভাৰতৰ বাহিৰেও চীন আৰু শ্ৰীলংকাটো চাহ খেতিৰ প্ৰচলন প্ৰায় একে সময়তে হয়৷ চাহত কেফেইন ওপৰিও ফ্লেৱনইড নামৰ কেন্সাৰ প্ৰতিৰোধক তত্ব থাকে৷ ৰঙা চাহে তেজৰ পৰা চৰ্বিৰ পৰিমাণ কমাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে৷
ঘৰত বনোৱা হাৰ্বেল টি - যেনে শুকান শেৱালি ফুল গৰম পানীত দিলে চাহৰ বৰণৰ আৰু সুগন্ধি স্বাস্থ্যসন্মত পানীয় হৈ পৰে৷

২) মাছ : মাছত প্ৰটিন,ভিটামিন-ডি, খনিজ তত্ব,  অমেগা-৩  আদি থাকে ৷বিশেষকৈ সাগৰীয় টুনা আৰু চালমন ফিছত৷শৰীৰৰ হাঁড়বিলাক ভালে ৰাখিবলৈ আৰু তেজৰ চৰ্বি কমাবলৈ মাছ সেই বাবে অতি উপযোগী খাদ্য ৷ অমেগা-৩ৰ পৰা হোৱা আন উপকাৰ সমূহ হ'ল - স্মৃতি শক্তি বৃদ্ধি হোৱা, মানসিক উদাসীনতা (ডিপ্ৰেচন) কমোৱা, হৃদৰোগৰ পৰা সুৰক্ষা দিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা, তেজৰ উন্নতি সধা আদি৷
৩) বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷ দুমুঠি বুট আৰু এমুঠি বাদাম ৰাতি ভিজাই থব আৰু পিছদিনা পুৱা এগিলাচ গাখীৰৰ সৈতে খাব৷ গাখীৰত আধা চামুচৰ অলপ কম হালধি গুড়ি মিহলাই লব৷ এইয়া এক স্বাস্থ্যসন্মত  শৰীৰৰ বেলেন্স খাদ্য৷ আবেলি মিশ্ৰিত ড্ৰাই ফ্ৰুটচ খালে শৰীৰত নতুন শক্তি পাব ৷

৪) নহৰু: দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে৷ তেজৰ চৰ্বি কমে৷
৫) দৈ:  প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ'ল পাক-প্ৰণালী, হাঁড,মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ৷
৬) অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত৷ 
৭) জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : - লাগতিয়াল এন্টিঅক্সিডেন্টৰ উৎস৷
৮) ব্ৰুকলি : - ভিটামিন-কে, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ উৎস৷ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী৷
৯) অটচ্ জাতীয় খাদ্যসমূহ : - যেনে ডালিয়া,চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে৷

 ১০)  শাক-পাচলি আৰু ফল-মূলৰ চালাড- অতি উপকাৰী খাদ্য৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে৷স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক৷

১১) চয়াবিন - প্ৰটিন আৰু শক্তিৰ বাবে চয়াবিন হ'ল লাগতিয়াল খাদ্য৷নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷
১২)  বিশুদ্ধ পানী: - এজন প্ৰাপ্তবয়স্ক লোকে ২৪ঘন্টা কমেও ২লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে ভাল;

পানীয়ে শৰীৰত প্ৰবেশ কৰা অনিষ্টকাৰী (টস্কিন) পদাৰ্থসমূহ নিস্কাষিত কৰে৷খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰক লাগতিয়াল তত্ব আহৰণ হোৱাত সহায় কৰে৷

*এইখিনিতে প্ৰশ্ন উঠিব - এন্টিঅক্সিডেন্টনো কি ?
এন্টিঅক্সিডেন্ট হ'ল আমাক সুৰক্ষা দিয়া পদাৰ্থ৷ আমাৰ খাদ্যসমূহত যেতিয়া শৰীৰে ৰাসায়নিক ক্ৰিয়া কৰে ; নাইবা আমি যেতিয়া টবেকো,ধূম্ৰপান, বিকিৰণ বা কোনো প্ৰাকৃতিক অস্বাভাবিক পাৰিপাৰ্শিকতাৰ সন্মুখীন হওঁ - তেতিয়া শৰীৰৰ অপকাৰী ফ্ৰি- ৰেডিকেলচ্ ৰ মুখামুখি হওঁ৷এন্টিঅক্সিডেন্টে আমাক এই ফ্ৰি- ৰেডিকেলচ্ ৰ পৰা সুৰক্ষা দিয়ে৷অন্যথাই ফ্ৰি- ৰেডিকেলচে শৰীৰত হৃদৰোগ,কেন্সাৰ বা আন ৰোগ উৎপন্ন কৰিব৷ সহজ কথাত কবলৈ হলে এন্টিঅক্সিডেন্ট হ'ল তেজ-পৰিশোধনকাৰী শৰীৰৰ বাবে সুৰক্ষা দিয়া অতি লাগতিয়াল পদাৰ্থ ৷

আমাৰ খাদ্য নিৰ্বাচন কৰোতে চাব লাগে যাতে ই অধিক ফাইবাৰযুক্ত, প্ৰটিন উপযুক্ত মাত্ৰাত থকা আৰু ন্যুনতম পৰিমানৰ চৰ্বি থকা হয়৷তেলৰ ভিতৰত অলিভ হ'ল সৰ্বোত্তম৷ ইয়াৰ পিছত আহে সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল৷আমাৰ খাদ্যৰ শতকৰা ১০ ৰ পৰা ৩০ভাগ চৰ্বিযুক্ত খাদ্যৰ পৰা অহাটো যুক্তিসংগত৷চৰ্বিৰ দ্বাৰা শৰীৰে ভিটামিন এ,ডি,ই,কে আহৰণ কৰে৷
চেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা বঢ়ায়, গতিকে ই অপকাৰী৷ মাখন,মাংস,নাৰিকল তেলত থাকে৷চেচুৰেটেড চৰ্বি সাধাৰন তাপমাত্ৰাত গোটা হৈ থাকে৷
আনহাতে পলিআনচেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰৰ অপকাৰী কলেষ্টৰলৰ মাত্ৰা কমায়৷সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল এই শ্ৰেণীত পৰে৷
ডালডা বা অইন ঘিউত শৰীৰৰ অপকাৰী ট্ৰান্সফেট থাকে৷

এতিয়া শৰীৰৰ বাবে অলাগতিয়াল খাদ্যৰ তালিকাখন দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব : -
১) পিজ্জা - মৈদা,ক্ৰিম আৰু ট্ৰান্সফেটৰ সমাহাৰ
২) বাৰ্গাৰ - উচ্চমাত্ৰাত কলেষ্টৰল, শৰ্কৰা আৰু শৰীৰৰ অনিষ্টকাৰী চৰ্বিযুক্ত
৩) নুডুলচ - একো ফুডভেল্যু নাই৷ মাত্ৰ মৈদাৰে তৈয়াৰী ষ্টাৰ্চ
৪) শীতল পানীয়সমূহ - একো ফুডভেল্যু নাই৷ কাৰ্বনযুক্ত হোৱাৰ বাবে শৰীৰক কেলচিয়াম আৰু ভিটমিন-ডি আহৰণ কৰাত বাধা দিয়ে৷
৫) আইচক্ৰিম - কৃত্ৰিম ৰঙ, প্ৰিজাৰ্ভেটিৱ আৰু ক্ৰিমৰ সংমিশ্ৰণ ; কলেষ্টৰল আৰু মেদবহুলতা বৃদ্ধিৰ কাৰক
৬) টিন ফুড- একো ফুডভেল্যু নাই৷প্ৰিজাৰ্ভেটিৱ, চেনি আৰু চডিয়ামযুক্ত ৷ কেতিয়বা বিষাক্তও হৈ পৰে ৷
৭) চিপচ্ - সৰু ল'ৰা ছোৱালীৰ অতিকে প্ৰিয় চিপচ্ বেয়া চৰ্বি আৰু বেচি চডিয়ামযুক্ত ৷ মেদবহুলতা আৰু হৃদৰোগৰ কাৰক হব পাৰে৷
৮) ছোলে-ভটোৰে, চিংৰা,পকৰী আদি - মছলাযুক্ত মুখ ৰুচিকাৰক খাদ্য শৰীৰৰ অপকাৰী ডালডা বা বনস্পতি জাতীয় ট্ৰান্সফেটেৰে তৈয়াৰ কৰা হয়৷ এইবিলাকে হৃদৰোগৰ ওপৰিও গ্ৰেষ্ট্ৰাইটিচ, এচিডিটি আদি কৰে ৷

 মুখনিত সুস্বাস্থ্যৰ বাবে অন্যান্য লাগতিয়াল কথা :
     * নিয়মিত খোজকঢ়া,ব্যায়াম বা যোগাসন কৰা
      *শাৰীৰিক অন্যান্য সক্ৰিয় কৰ্ম যেনে ফুলনিৰ বা বাৰীৰ কাম কৰা
      *  ধূম্ৰপান আৰু মদ্যপান  বা আন কোনো বদ অভ্যাস থাকিলে তাক ত্যাগ কৰা
      * ৰাতি অন্তত: ৬৷৷ ঘন্টাৰ নিয়মীয়া নিদ্ৰা যোৱা
       *যোগাত্মক আশাবাদী চিন্তাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা

 সকলোলৈ  মোৰ এটি ব্যক্তিগত পৰামৰ্শ : কাৰ্যালয়ত কাম আৰম্ভ কৰাৰ আগতে দুই মিনিট চকু মুদি মৌনভাবে ধ্যান কৰক চোন৷মনলৈ যি ভাব আহে আহিব দিয়ক, জোৰ কৰি একো ভাবিব নালাগে৷ - ইয়াৰ পিছত আপুনি একাগ্ৰতাৰে
কামত মনোনিবেশ কৰিব পাৰিব৷

ডা০ ভূপেন শইকীয়া
২২৷৩৷২০১২
ড'হা,  কাটাৰ

{শ্ৰদ্ধাৰ ডা০ ভূপেন শইকীয়া দেৱে তেখেতৰ এই লিখনীটো অনুগ্ৰহ কৰি প্ৰকাশৰ অনুমতি প্ৰদান কৰা বাবে তেখেতলৈ হিয়া ভৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালো।}