Mar 22, 2012

স্বাস্থ্য আৰু মন : সুস্বাস্থ্যৰ কেইটিমান কিটিপ-- ডা০ ভূপেন শইকীয়া ।


  শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান কথা আলোচনা কৰিম৷অসমীয়াত প্ৰবাদ আছে - দেহা থাকিলেহে বেহা৷ গতিকে সবাতকৈ ওপৰত শাৰীৰিক সুস্থতা ৷ দেহ ভালে নাথাকিলে মনো ভালে নাথাকে৷ মানব শৰীৰক এখন গাড়ীৰ লগত ৰিজাই এইদৰেও কব পাৰি - শৰীৰটো হ'ল ইঞ্জিন আৰু মনটো হ'ল গাড়ীখনৰ ড্ৰাইভাৰ৷

   মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰয়োজন হয় - ধ্যান বা মেডিটেচন৷ প্ৰাৰ্থনা ইয়াৰ কিছু সমপৰ্যায়ৰ শব্দ হব পাৰে৷ ধ্যানৰ লগত অধ্যয়ণ আৰু আত্মবিশ্লেষণ যোগ হোৱাটো বাঞ্চনীয়৷ অধ্যয়ণে যোগায় মনৰ খাদ্য ৷ মনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয় সুপৰিবেশ আৰু আত্ম মনোবলৰ৷ আকৌ আত্ম মনোবল আহে অধ্যয়ণ আৰু সজ চৰ্চাৰ দ্বাৰা৷

        এতিয়া শৰীৰ ভালে ৰাখিবলৈ লবলগীয়া যতন সমূহৰ বিষয়ে কিছু আলোচনা কৰো ৷মানুহে খাদ্য কিয় খায়, তাৰ উত্তৰ ভিন্ন ভিন্ন  হব পাৰে ৷ যেনে উদৰ পূৰালেহে শক্তি পাম, ভাল ভাল খাদ্য খাই জুতি লাগে কাৰণে খাওঁ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ খাওঁ৷ এতিয়া কথা হ'ল সুস্বাস্থ্য পাবলৈ হলে খাদ্যৰ বিষয়ে জানিবও লাগিব কি খোৱা ভাল আৰু কি কি পৰিহাৰ কৰিব লাগে৷
          পোনতে সুখাদ্যৰ চমু তালিকা এখন দিওঁ : -
১) ৰঙা চাহ: এটি কলি দুটি পাত শুকোৱাই কমকৈ মেচিনত সেকা চাহ হ'ল সৰ্বোত্তম চাহ৷ এই পৰম উপকাৰী খাদ্যৰ অসমত আবিস্কাৰ ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাবজনে  কৰিছিল৷ ভাৰতৰ বাহিৰেও চীন আৰু শ্ৰীলংকাটো চাহ খেতিৰ প্ৰচলন প্ৰায় একে সময়তে হয়৷ চাহত কেফেইন ওপৰিও ফ্লেৱনইড নামৰ কেন্সাৰ প্ৰতিৰোধক তত্ব থাকে৷ ৰঙা চাহে তেজৰ পৰা চৰ্বিৰ পৰিমাণ কমাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে৷
ঘৰত বনোৱা হাৰ্বেল টি - যেনে শুকান শেৱালি ফুল গৰম পানীত দিলে চাহৰ বৰণৰ আৰু সুগন্ধি স্বাস্থ্যসন্মত পানীয় হৈ পৰে৷

২) মাছ : মাছত প্ৰটিন,ভিটামিন-ডি, খনিজ তত্ব,  অমেগা-৩  আদি থাকে ৷বিশেষকৈ সাগৰীয় টুনা আৰু চালমন ফিছত৷শৰীৰৰ হাঁড়বিলাক ভালে ৰাখিবলৈ আৰু তেজৰ চৰ্বি কমাবলৈ মাছ সেই বাবে অতি উপযোগী খাদ্য ৷ অমেগা-৩ৰ পৰা হোৱা আন উপকাৰ সমূহ হ'ল - স্মৃতি শক্তি বৃদ্ধি হোৱা, মানসিক উদাসীনতা (ডিপ্ৰেচন) কমোৱা, হৃদৰোগৰ পৰা সুৰক্ষা দিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা, তেজৰ উন্নতি সধা আদি৷
৩) বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷ দুমুঠি বুট আৰু এমুঠি বাদাম ৰাতি ভিজাই থব আৰু পিছদিনা পুৱা এগিলাচ গাখীৰৰ সৈতে খাব৷ গাখীৰত আধা চামুচৰ অলপ কম হালধি গুড়ি মিহলাই লব৷ এইয়া এক স্বাস্থ্যসন্মত  শৰীৰৰ বেলেন্স খাদ্য৷ আবেলি মিশ্ৰিত ড্ৰাই ফ্ৰুটচ খালে শৰীৰত নতুন শক্তি পাব ৷

৪) নহৰু: দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে৷ তেজৰ চৰ্বি কমে৷
৫) দৈ:  প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ'ল পাক-প্ৰণালী, হাঁড,মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ৷
৬) অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত৷ 
৭) জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : - লাগতিয়াল এন্টিঅক্সিডেন্টৰ উৎস৷
৮) ব্ৰুকলি : - ভিটামিন-কে, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ উৎস৷ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী৷
৯) অটচ্ জাতীয় খাদ্যসমূহ : - যেনে ডালিয়া,চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে৷

 ১০)  শাক-পাচলি আৰু ফল-মূলৰ চালাড- অতি উপকাৰী খাদ্য৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে৷স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক৷

১১) চয়াবিন - প্ৰটিন আৰু শক্তিৰ বাবে চয়াবিন হ'ল লাগতিয়াল খাদ্য৷নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷
১২)  বিশুদ্ধ পানী: - এজন প্ৰাপ্তবয়স্ক লোকে ২৪ঘন্টা কমেও ২লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে ভাল;

পানীয়ে শৰীৰত প্ৰবেশ কৰা অনিষ্টকাৰী (টস্কিন) পদাৰ্থসমূহ নিস্কাষিত কৰে৷খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰক লাগতিয়াল তত্ব আহৰণ হোৱাত সহায় কৰে৷

*এইখিনিতে প্ৰশ্ন উঠিব - এন্টিঅক্সিডেন্টনো কি ?
এন্টিঅক্সিডেন্ট হ'ল আমাক সুৰক্ষা দিয়া পদাৰ্থ৷ আমাৰ খাদ্যসমূহত যেতিয়া শৰীৰে ৰাসায়নিক ক্ৰিয়া কৰে ; নাইবা আমি যেতিয়া টবেকো,ধূম্ৰপান, বিকিৰণ বা কোনো প্ৰাকৃতিক অস্বাভাবিক পাৰিপাৰ্শিকতাৰ সন্মুখীন হওঁ - তেতিয়া শৰীৰৰ অপকাৰী ফ্ৰি- ৰেডিকেলচ্ ৰ মুখামুখি হওঁ৷এন্টিঅক্সিডেন্টে আমাক এই ফ্ৰি- ৰেডিকেলচ্ ৰ পৰা সুৰক্ষা দিয়ে৷অন্যথাই ফ্ৰি- ৰেডিকেলচে শৰীৰত হৃদৰোগ,কেন্সাৰ বা আন ৰোগ উৎপন্ন কৰিব৷ সহজ কথাত কবলৈ হলে এন্টিঅক্সিডেন্ট হ'ল তেজ-পৰিশোধনকাৰী শৰীৰৰ বাবে সুৰক্ষা দিয়া অতি লাগতিয়াল পদাৰ্থ ৷

আমাৰ খাদ্য নিৰ্বাচন কৰোতে চাব লাগে যাতে ই অধিক ফাইবাৰযুক্ত, প্ৰটিন উপযুক্ত মাত্ৰাত থকা আৰু ন্যুনতম পৰিমানৰ চৰ্বি থকা হয়৷তেলৰ ভিতৰত অলিভ হ'ল সৰ্বোত্তম৷ ইয়াৰ পিছত আহে সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল৷আমাৰ খাদ্যৰ শতকৰা ১০ ৰ পৰা ৩০ভাগ চৰ্বিযুক্ত খাদ্যৰ পৰা অহাটো যুক্তিসংগত৷চৰ্বিৰ দ্বাৰা শৰীৰে ভিটামিন এ,ডি,ই,কে আহৰণ কৰে৷
চেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা বঢ়ায়, গতিকে ই অপকাৰী৷ মাখন,মাংস,নাৰিকল তেলত থাকে৷চেচুৰেটেড চৰ্বি সাধাৰন তাপমাত্ৰাত গোটা হৈ থাকে৷
আনহাতে পলিআনচেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰৰ অপকাৰী কলেষ্টৰলৰ মাত্ৰা কমায়৷সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল এই শ্ৰেণীত পৰে৷
ডালডা বা অইন ঘিউত শৰীৰৰ অপকাৰী ট্ৰান্সফেট থাকে৷

এতিয়া শৰীৰৰ বাবে অলাগতিয়াল খাদ্যৰ তালিকাখন দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব : -
১) পিজ্জা - মৈদা,ক্ৰিম আৰু ট্ৰান্সফেটৰ সমাহাৰ
২) বাৰ্গাৰ - উচ্চমাত্ৰাত কলেষ্টৰল, শৰ্কৰা আৰু শৰীৰৰ অনিষ্টকাৰী চৰ্বিযুক্ত
৩) নুডুলচ - একো ফুডভেল্যু নাই৷ মাত্ৰ মৈদাৰে তৈয়াৰী ষ্টাৰ্চ
৪) শীতল পানীয়সমূহ - একো ফুডভেল্যু নাই৷ কাৰ্বনযুক্ত হোৱাৰ বাবে শৰীৰক কেলচিয়াম আৰু ভিটমিন-ডি আহৰণ কৰাত বাধা দিয়ে৷
৫) আইচক্ৰিম - কৃত্ৰিম ৰঙ, প্ৰিজাৰ্ভেটিৱ আৰু ক্ৰিমৰ সংমিশ্ৰণ ; কলেষ্টৰল আৰু মেদবহুলতা বৃদ্ধিৰ কাৰক
৬) টিন ফুড- একো ফুডভেল্যু নাই৷প্ৰিজাৰ্ভেটিৱ, চেনি আৰু চডিয়ামযুক্ত ৷ কেতিয়বা বিষাক্তও হৈ পৰে ৷
৭) চিপচ্ - সৰু ল'ৰা ছোৱালীৰ অতিকে প্ৰিয় চিপচ্ বেয়া চৰ্বি আৰু বেচি চডিয়ামযুক্ত ৷ মেদবহুলতা আৰু হৃদৰোগৰ কাৰক হব পাৰে৷
৮) ছোলে-ভটোৰে, চিংৰা,পকৰী আদি - মছলাযুক্ত মুখ ৰুচিকাৰক খাদ্য শৰীৰৰ অপকাৰী ডালডা বা বনস্পতি জাতীয় ট্ৰান্সফেটেৰে তৈয়াৰ কৰা হয়৷ এইবিলাকে হৃদৰোগৰ ওপৰিও গ্ৰেষ্ট্ৰাইটিচ, এচিডিটি আদি কৰে ৷

 মুখনিত সুস্বাস্থ্যৰ বাবে অন্যান্য লাগতিয়াল কথা :
     * নিয়মিত খোজকঢ়া,ব্যায়াম বা যোগাসন কৰা
      *শাৰীৰিক অন্যান্য সক্ৰিয় কৰ্ম যেনে ফুলনিৰ বা বাৰীৰ কাম কৰা
      *  ধূম্ৰপান আৰু মদ্যপান  বা আন কোনো বদ অভ্যাস থাকিলে তাক ত্যাগ কৰা
      * ৰাতি অন্তত: ৬৷৷ ঘন্টাৰ নিয়মীয়া নিদ্ৰা যোৱা
       *যোগাত্মক আশাবাদী চিন্তাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা

 সকলোলৈ  মোৰ এটি ব্যক্তিগত পৰামৰ্শ : কাৰ্যালয়ত কাম আৰম্ভ কৰাৰ আগতে দুই মিনিট চকু মুদি মৌনভাবে ধ্যান কৰক চোন৷মনলৈ যি ভাব আহে আহিব দিয়ক, জোৰ কৰি একো ভাবিব নালাগে৷ - ইয়াৰ পিছত আপুনি একাগ্ৰতাৰে
কামত মনোনিবেশ কৰিব পাৰিব৷

ডা০ ভূপেন শইকীয়া
২২৷৩৷২০১২
ড'হা,  কাটাৰ

{শ্ৰদ্ধাৰ ডা০ ভূপেন শইকীয়া দেৱে তেখেতৰ এই লিখনীটো অনুগ্ৰহ কৰি প্ৰকাশৰ অনুমতি প্ৰদান কৰা বাবে তেখেতলৈ হিয়া ভৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালো।}

4 comments:

  1. ইমান সহজ সৰলকৈ লেখা .....
    বহুখিনি উপকৃত হলো তথা নজনা কথা কেইবাটাও জানিলো।
    ছাৰলৈ বহুত বহুত ধন্যবাদ।

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালো আপোনাৰ মন্তব্যৰ বাবে।

      Delete
  2. অনেক ভাল লাগল ।আপনার চমৎকার পোস্ট এর জন্য অসংখ্য ধন্যবাদ। । আশা করি এইরকম পোস্ট আর পাব। সময় থাকলে আমার এই desh online store সাইটে ঘুরে আস্তে পারেন।

    ReplyDelete
    Replies
    1. নিশ্চয় চেষ্টা করব। আপনাকে অনেক ধন্যবাদ।

      Delete