May 27, 2015

সাপ সম্পৰ্কে প্ৰচলিত অন্ধবিশ্বাস বোৰ । লিখকঃ জয়দ্বীপ চক্ৰৱৰ্তী


         
সাপ সম্পৰ্কে প্ৰাচীনকালৰ পৰাই আমাৰ আমাৰ সমাজত কিছু ভুল ধাৰণা প্ৰচলিত আছে। দুৰ্ভাগ্যজনক এইটোৱেই যে বহু উচ্চ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত লোকেও এই ভুল ধাৰণাবোৰক কেৱল প্ৰশ্ৰয় দিয়াই নহয়, এই ভুল ধাৰণা সমূহৰ পক্ষে পাৰ্যমানে ওকালতি কৰি নিজা উপস্থাপনাৰে বাস্তৱধৰ্মীতাৰে সাপ সম্পৰ্কে প্ৰচলিত অতিৰঞ্জিত কাহিনীৰ সতে সাঙুৰি দিয়ে যে সাধাৰণ মানুহৰ সেইবোৰ ভুল একেবাৰে মন-মগজুৰ মাজত সোমাই যায়গৈ। বিশেষকৈ আমাৰ চলচ্চিত্ৰ আৰু লোককথাৰ সাধুবোৰৰ পৰা লোৱা পূৰ্বৰ ধাৰণা আৰু বৰ্তমান সময়ত ইন্টাৰনেটৰ যোগেদি বিশেষকৈ চছিয়েল চাইট সমূহক ব্যৱহাৰ কৰি সাপ সম্পৰ্কে চলাই থকা গুজববোৰ আৰু সাপ সম্পৰ্কীয় কুসংস্কাৰৰ বাবে বহু সময়ত মানুহকে বিপদমূখী কৰিব পাৰে। সাপ মানেই বিষধৰ নহয়! পৃথিৱীত প্ৰায় ২৫০০ পৰা ৩০০০ প্ৰজাতিৰ সাপ আছে। যাৰ মাজত মাত্ৰ ৫০০ প্ৰজাতিৰ সাপহে বিষধৰ। আমাৰ দেশেত প্ৰায় ২৭০ প্ৰজাতিৰ সাপ পোৱা যায় যদিও বিষধৰ সাপ আছে মাত্ৰ ২০টা মান প্ৰজাতিৰ। অসমত প্ৰাপ্ত প্ৰায় ৩৫ প্ৰজাতিৰ সাপৰ কেৱল ৭টা মান প্ৰজাতিৰ সাপহে বিষধৰ। সাধাৰণ দৃষ্টিত সাপ চিনি নোপোৱাকৈ কেৱল তাৰ দৈহিক গঠনৰ ওপৰত সাপৰ প্ৰজাতীটো বিষধৰ নে বিষহীন তাক নিশ্চিতভাৱে কোৱা টান। পিছে সাপে কামুৰাৰ দুৰ্ঘটনা ঘটিলে সেই কামোৰৰ আঘাত চাই সহজতেই ধৰিব পাৰি যে সেইটো বিষধৰ সাপৰ কামোৰ, নে নিৰ্বিষ সাপৰ কামোৰ। বিষধৰ সাপে কামুৰিলে ক্ষতস্থানত স্পষ্টকৈ কেৱল দুটি দাঁতৰ দাগ কিছু দূৰত্ব থাকিবই আনহাতে বিষহীন সাপে কামুৰিলে ক্ষতস্থানত ভালে কেইটা দাঁতৰ দাগ থাকিব আৰু সুখৰ কথা এইটোৱেই যে বিষধৰ সাপৰ কামোৰতো আনকি কামোৰাৰ খোৱা মানুহজনৰ দেহাত বিষ লগাৰ সুযোগ শতকৰা ৫০ ভাগেতকৈও কম, কিয়োনো আধাতকৈও বেছি কামোৰত সাপে মানুহৰ দেহালৈ তাৰ বিষ সোমাই দিব নোৱাৰে যাক শুকান দংশন বা ইংৰাজীত ড্ৰাই বাইট বুলি কোৱা হয়। 











         মূল কথালৈ ঘুৰি আহো, "সাত ৰজাৰ ধন এক মাণিক" পিছে কি এই মাণিক...?  আপোনালোকে সাপৰ মূৰত মণি থকাৰ কথা জানেই নিশ্চয়! সাপৰ মূৰত থকা মণিয়েই সেই সাত ৰজাৰ ধন, যি মণি সাপৰ মূৰত থাকে বুলি সৰুৰেপৰা নানাজনৰ মূখত নানান মুখৰোচক কাহিনী শুনাৰ ওপৰিও আমাৰ চলচ্চিত্ৰত, গল্পত, উপন্যাসত বহুলভাৱে প্ৰচলিত হৈ আহিছে এই মণিৰ কাহিনী, যিটো কথা সম্পৰ্ণ ভিত্তিহীন। পিছে যদিহে সাপৰ মূৰত
কোনো ধৰণৰ মণিয়েই নাথাকে বা সেই মণি থকাৰ কোনো বৈজ্ঞানিক ভিত্তিও নাই, তেন্তে ভিত্তিহীন সেই ধাৰণা মানুহৰ মাজত প্ৰচলিত হ'ল কেনেকৈ? আচলতে কাৰণটো হ'ল সাপে তাৰ জীৱনকালৰ প্ৰথম ফালে ঘনাই আৰু পৰৱৰ্তী সময়খিনিত নিৰ্দিষ্ট সময়ৰ মূৰেকত নিজৰ মোঠ (ছাল) সলায়। এই ছাল বোৰ গোটেই গাৰ পৰা খহি গ'লেও মূৰৰ ফালে কেতিয়াবে অলপমান ৰৈযায় আৰু লাহে লাহে সেই ছাল শুকাইগৈ টানহৈ সাপৰ মূৰৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰিব পাৰে আৰু সাপৰ ছাল যিহেতু চকমকই থাকে গতিকেই এই আৱৰণত জোনাক ৰাতিৰ পোহৰ বা আন যিকোনো পোহৰ পঢ়িলে চকমকাই থকা দেখা যাব পাৰে আৰু তাৰে পৰাই সাপৰ মূৰত মণিৰ ধাৰণাৰ সৃষ্টি হোৱা বুলি অনুমান কৰিব পাৰি। যিহেতুকে সাপ সম্পৰ্কে আমাৰ অহেতুক ভয় অতিকৈ বেছি সেয়ে ওচৰৰ পৰা নিৰীক্ষণ নকৰাৰ ফলত এনে ধাৰণা হোৱাটো স্বাভাৱিক, যি ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। জংঘলত ঘুৰিফুৰা এজনো বিজ্ঞান মনষ্ক মানুহ আজিলৈ পৃথিৱীৰ কোনো জংঘলতেই মণিথকা সাপ দেখিপোৱা নাই। পৃথিৱীত এটা যাদুঘৰতো সাপৰ মণিৰ সংৰক্ষণ হোৱা নাই, সাপৰ মনি যদি আছে, সেই মণি কেৱল কাহানীতহে আছে।

       প্ৰায়েই এটা কথা শুনা পাওঁ যে গোৱালা জাতীয় কিছু সাপে গৰুৰ ভৰিত মেৰিয়াই ধৰি গৰুৰ গাখীৰ চুপি খায় আৰু আচৰিত কথাটো হ'ল যে বহু শিক্ষিত মানুহো সাপে গাখীৰ খোৱাটো বিশ্বাস কৰে। সাপে পিছে কেতিয়াও গাখীৰ নাখায়, সাপৰ মুখৰ গঠন আৰু তাৰ হাওঁফাওঁ গাখীৰ চুপি খোৱাৰ বাবে উপযোগী নহয়, যিকোনো প্ৰানীৰ গাখীৰ চুপিখোৱাত জিভাৰ এক উল্লেখনীয় ভূমিকা আছে লাহি ফটা জিভাৰে সাপৰ বাবে গাখীৰ চুপি খোৱা সম্ভৱ নহয়। এইবোৰ একেবাৰেই মানুহৰ তৈয়াৰি ভুল ধাৰণা
আৰু অপপ্ৰচাৰ। সাপে নানাধৰণৰ পোকাপৰুৱা আৰু নিগনি খাই আমাৰ কৃষিৰ সুৰক্ষাত ভূমিকা ৰাখে। কিছুমান সাপে কেৱল সাপেই খায়, যেনে ৰাজফেঁটি সাপ। বহুতেই কব বিছাৰে যে গোৱালা সাপক প্ৰায়েই ৰাতি গোহালীৰ ওচৰাউচৰি দেখা যায় পিছে সঁচাটো হ'ল গোৱালা সাপৰ বৰণ আৰু তাৰ ছালৰ উজ্জলতাৰ বাবেই এই সাপবিধক ৰাতি কেৱল গোহালিৰ ওচৰতেই নহয় ইয়াক ৰাতি পথেঘাটেও বেছিকৈ দেখি। আচলতে সাপে গাখীৰ খোৱাৰ কাহিনী পিছতো আছে দুটাকৈ কাৰক তাৰে এটা সাপৰ বেজ আৰু ওজা সকলোৰ দ্বাৰা প্ৰচাৰিত, মোৰ সাপকেইটাক গাখীৰ খোৱাম বুলিকৈ সাধাৰণ মানুহৰ পৰা পইছা আদায় কৰাৰ এক ফন্দি মাথো। আনটো হৈছে এই ধাৰণাৰ প্ৰচাৰত অৰিহণা যগোৱা এবিধ ৰোগ যি ৰোগ গৰুৰ গাখীৰৰ বাটত হয়। পশু চিকিৎসাৰ ভাষাতএই ৰোগৰ নাম "মেষ্টাইটিছ" এইৰোগত ভোগা গৰুবোৰৰ গাখীৰৰ বাট ৰঙা পৰা ওপৰিও বাট ফাটি যোৱা, তেজ ওলোৱা, ফুলি ৰঙচুৱা হোৱা দেখা যায় আৰু চতুৰ বেজে এই সুযোগতে তাক সাপে গাখীৰ খোৱাৰ চিন বুলি প্ৰচাৰ কৰে, যিটো ধাৰণাই লাহেলাহে সমাজখনৰ এটা বৃহৎ অশংক প্ৰভাৱাম্বিত কৰে।     



          সাপে কামোৰাৰ পিছত নিজৰ বিষ নিজে শোষণ কৰিব পাৰে! আচৰিত!!! বিষধৰ সাপৰ দাঁত ঠিক ইনজেকচন চিৰিঞ্জৰ দৰেই, দাঁতৰ মাজৰ নলিৰে সাপৰ বিষগ্ৰন্থী পৰা বিষ কামোৰা জনৰ দেহালৈ ঠিক ইনজেকচন দিয়াৰ দৰেই সোমাই দিয়ে, এতিয়া কথাটো হ'ল ইনজেকচন দিয়াৰ পিছত মানুহৰ দেহত মিলিযোৱা কোনো দৰৱ পুনৰ সেই চিৰিঞ্জৰে উলিয়াই অনাটো সম্ভৱ জানো...? চিধা কথাত অসম্ভৱ সেয়ে সাপে নিজৰ বিষ নিজে শোষণ কৰিব পৰাটোও অসম্ভৱ। এই ধাৰণাৰো জন্ম দিছে সাপৰ সেই বেজবোৰেই, কেৱল সিহঁতৰ ব্যৱসায়ৰ স্বাৰ্থত। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত সাধাৰণ মানুহৰ অজ্ঞানতাৰ সুযোগলৈ এই বেজবোৰে গঢ়ি তুলিছে এক লাভজনক ঠগবাজী ব্যৱসায়। সাপে কামোৰা ৰোগীক জীৱন ৰক্ষা কৰাৰ বাবে মানুহে তেওঁলোকৰ ওপৰতে ভৰষা কৰে। কাৰণ সাধাৰণ দৃষ্টিত এই বেজ বোৰক সফল যেনেই লাগে, তেওঁলোকৰ প্ৰতাৰণাৰ জালখন ইমান বহল আৰু সুচতুৰতাৰে পৰিচালিত যে তেওঁলোকে জৰাফুঁকাৰ দ্বাৰা ভাল কৰি তোলা মানুহৰ নাম ঠিকনালৈ মুখস্থ মাতি দিয়ে আৰু কিছুক্ষেত্ৰত লোকেও তাৰ সত্যতাক নিজ চকুৰেই দেখা পায় যেতিয়া ৰোগীজন জৰাফুঁকাৰ অন্তত লাহেলাহে সুস্থহৈ উঠে। পিছে এই সুস্থতাৰ আচল কাৰণ হ'ল আমাৰ শতকৰা ৮০ভাগ সাপেই বিষহীন আৰু বিষাক্ত সাপৰ কামোৰাৰ পিছতো শতকৰা ৫০ ভাগতকৈ অধিক ড্ৰাই বাইট অৰ্থাত সেই কামোৰত এনেও বিষ ল'গাৰ কোনো কাৰণ নাই আৰু সাপ কামোৰৰ ঘটনাবোৰ ৰাতিহে বেছিকৈ হোৱা বাবে মানুহে কি সাপে কামুৰিলে তাক নজনাকৈয়ে বেজৰ শৰণাপন্ন হয়। গতিকেই হিচাব কৰিলেই ওলাই পৰে যে শতকৰা ৯০ভাগ সাপৰ কামোৰত বেজবোৰৰ ঠাইত যিকোনো মানুহেই সেই সাপে কামোৰা ৰোগীৰ শতকৰা ৯০জনক বঁচাব পাৰিব। পিছে বেজবোৰে ৰোগীৰ কাষত আহি এনে কিছুমান ভাৱ দেখায়, যেন যে সাপে কামোৰা ৰোগীক জীৱন দান দিয়াটো তাৰ বাবে এক সাধাৰণ খেলহে। দৰকাৰ পৰিলে বেজে মন্ত্ৰৰ দ্বাৰা কামোৰো সেই সাপটিকে আনি তাৰ বিষ শোষণ কৰাব। ইয়াৰ বাবে তেওঁলোকে বহুত দিনৰ ক্ষুধাৰ্থ আৰু ৰুগীয়া সাপ ৰোগীৰ ঘৰৰ কাষৰে কোনো জপোহাত এৰি দি আহে। (উল্লেখনীয় যে সাপে আনকি মাহৰ পিছত মাহ নখোৱাকৈ জীয়াই থাকিব পাৰে, পিছে তেনে সাপ দুৰ্বল হৈ পৰে) ইয়াৰ পিছত ৰোগীৰ ঘৰত আহি কিছুসময় নানা আংবাং মন্ত্ৰ উচ্চাৰণ কৰে, তাৰ পিছত ঘোষনা কৰে যে সাপে ঘৰৰ নিচেই কাষত আহি পৰিছে। তাৰ পিছত আৰম্ভ হয় অভিনয়, এটাৰ পিছত এটা জোপোহাৰ আগত বীন বজাই সাপ বিছাৰে আৰু শেষত সেই নিৰ্দিষ্ট জপোহাৰ পৰা সাপডাল উলিয়াই আনে। সকলোৰে সন্মুখতে কৰা এই অভিনয়ৰ বাহাদুৰিত মানুহ বেজৰ প্ৰতি মুগ্ধ হৈ পৰে আৰু স্বাভাৱিক ভাৱেই তেওঁলোকক বিশ্বাসত লয়। পিছে এইবোৰ ভাওতাবাজী বাহিৰে আন একোই নহয়।


      সাপৰ বেজ বা ওঝাই সাপ ধৰাৰ বাবে যিবোৰ যাদুকৰী ক্ষমতা দেখায় বা সাপৰ বিষ নমোৱাৰ বাবে যিবোৰ অঙ্গিভঙ্গি কৰে, সেইবোৰ তন্ত্ৰমন্ত্ৰভিত্তিক নহয়। পিছে সাপৰ বেজ বা ওঝাই সাপ ধৰাৰ ক্ষেত্ৰত আটাইতকৈ ভাল বিশেষজ্ঞ, আনকি তেওঁলোক আমি ডিচকভাৰি আদি চেনেলত দেখোৱা সাপ ধৰা প্ৰকৃতিবিদ সকলোৰ সমপৰ্যায়ৰ তাত কোনো সন্দেহ নাই। তেওঁলোক মুখেৰে বিড়বিড়কৈ মন্ত্ৰমাতে ঠিকেই, পিছে সেয়া মানুহক দেখোৱাৰ বাহিৰে আন একোই নহয়। আচলতে এওঁলোকে বংশপৰম্পৰাগত ভাৱে সাপ ধৰাৰ সুকৌশল ৰপ্ত কৰে। সাপৰ বাঁহীৰ সুৰৰ তালে তালে সাপ নানাচে, বাঁহীটিৰ সুৰ সুনিবলৈ সাপৰ কাণেই নাই। বেজৰ বাঁহীৰ সুৰত নহয় সাপ নাচে বাঁহীটি ইফালে সিফালে লৰি থকাৰ তালে তালে হে। তাৰোপৰি বেজবোৰে মাজে মাজেই হাতেৰে মাটিত সজোৰে আঘাত কৰাৰ কম্পনৰ ফলত সাপৰ অনুভূতি সজাগ থাকে। পিছে এনেকৈ কেৱল ফেঁটি সাপকহে নচুৱাব পাৰি কাৰণ ফেঁটি সাপ ফোনা (Hood) তুলি আৰু মাটিৰ ওপৰত বহু সময় মূৰ ডাঙি থাকিব পাৰে। এইদৰেই সাপৰ বেজ বা ওঝাই সাধাৰণতে মানুহক মুগ্ধ কৰে ফলত দৰ্শকৰ ওচৰত বেজৰ বাঁহীৰ বিষয়টোক আৰু বেছিকৈ বিশ্বাসযোগ্য কৰি তুলে। 


         সাপ সম্পৰ্কে আন এটা ধৰণা হ'ল সাপৰ বেজক সাপে কামুৰিলে একো নহয়। প্ৰকৃতাৰ্থত এওঁলোক সাপৰ বিষদাঁত ভাঙি পেলায়, নাইবা বিষগ্ৰন্থীৰ পৰা  দাঁতলৈ সংযুক্ত নলিডাল কাটি দিয়ে ফলত সাপে বিষ প্ৰয়োগ ক্ষমতা হেৰাই পেলায়, সেয়ে বেজক সাপে কামুৰিলে একো নহয়। সাপ আৰু নেউলৰ যুদ্ধ সম্পৰ্কেও প্ৰচলিত আছে নানানটা ধাৰণা যিবোৰৰ কোনো যুক্তি নাই, তাৰে এটা ধাৰণা হ'ল নেউলে এবিধ বিশেষ ধৰণৰ গছ চিনি পায় যিটো সাপে কামোৰাৰ বিষক্ৰিয়া নষ্ট কৰিব পাৰে ! সাপ আৰু নেউলৰ সম্পৰ্ক ভাল নহয় কাৰণ সাপ বিশেষকৈ সাপৰ পোৱালী নেউলৰ খাদ্য।  সাপৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে নেউল খাদ্য শৃঙ্খলাৰ এক উল্লেখনীয় উপাদান। সাপ যেতিয়া প্ৰথমতে নেউলক আক্ৰমণ কৰাৰ বাবে মূৰ ডাঙে, নেউলো তেতিয়া ক্ষিপ্ৰতাৰে সাপক আক্ৰমণ কৰে। এই যুজত সাপে যিমান বাৰ নেউলক কামুৰি দিয়ে, সিমানবাৰেই নেউলৰ দেহৰ মসৃণ নোমৰ বাবে সেই বিষ তাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে। যুঁজি যুঁজি ভাগৰ ল'গা নেউলে কেতিয়াবা ওচৰৰ জোপোহাৰ আঁৰত লুকাই পৰে কিছু সময় বিশ্ৰামৰ বাবেহে, নেউলটো নেদেখা হোৱাৰ কিছুসময়তে সাপে স্বস্তিত মূৰ নমায় আৰু নেউলে সেই সুযোগৰে অপক্ষাত ৰৈ উভতি আহি সাপৰ মূৰত কামুৰি ধৰে। এইটো নেউলৰ এক সহজাত ৰণকৌশলহে। পিছে নেউলৰ জোপোহাত সোমোৱা এই ৰণকৌশলক বেজে নেউলে জোপোহাৰ মাজত এবিধ বিশেষ গছত গা ঘহাই অহা বুলিহে প্ৰচাৰ চলায় আৰু আমাৰ হাটে-বজাৰে সেই বিশেষ গছৰ শিপা শকত ধনৰ বিনিময়ত বিক্ৰী কৰে যাৰ কোনো সত্যতা নাই। 


       তগৰ, কামিনী জাতীয় কিছু ফুলৰ গন্ধত সাপ আহে। এইটোও এটা ভুল ধাৰণা, যদিওবা সাপৰ ঘ্ৰাণশক্তি আছে তথাপিও কোনো ধৰণৰ সুগন্ধৰ প্ৰতি সাপৰ কোনোধৰণৰ দূৰ্ৱলতা নাই। গোন্ধৰ বাবে নহয় কৰ্শলা, লতাসাপ আদি বগাই ফুৰা সাপবোৰৰ বোৰে টগৰ জাতীয় গছৰ ঘন জপোহাই উত্তম জিৰণিৰ স্থান হোৱা বাবেহে কেইবিধমান প্ৰজাতীৰ সাপে তাক এনে গছক পছন্দ কৰা দেখা যায়।  এই গছ সমূহ ঠানি বোৰ লাহি হোৱা বাবে সৰু আকাৰৰ সাপে তাত মেৰিয়াই চলিবলৈ সুবিধা পায়। এনে গছত খাদ্য হিচাপে সৰু জেঠি আৰু নানা পোক-পৰুৱাও পায়। ইয়াৰ উপৰিও খাদ্য খোৱাৰ পিছত গছত উঠি কৰ্শলা সাপক ইংৰাজী 'Y' আকাৰৰ ঠানিবোৰৰ মাজেৰে মই নিজেই এনেকৈ যোৱা দেখিছোঁ ঠিক যেনেকৈ কেতিয়াবা আমাৰ ডিঙিত খাদ্যবস্তু লাগি ধৰিলে আমি হাতেৰে ডিঙি মোহাৰি দিওঁ। মুঠতে ফুলৰ গন্ধৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।  


       সাপ প্ৰতিশোধ পৰায়ণ! এটা গোটক মিছা কথা। এই ধাৰণা মানুহে নিজেই সৃষ্টিকৰা, সাপে নিগনি ধৰাতে কেতিয়াবা কামুৰি দিয়া নিগনি পলাই যায়, তেতিয়া সাপে সেই নিগনি বিছাৰি ফুৰে। কাৰণ সাপে জানেই তাৰ কামোৰ খোৱাৰ পিছত সেই নিগনি বেছি দূৰলৈ যাব নোৱাৰে, অলপ দূৰলৈ গৈ নিগনিৰ দেহা লাহে লাহে অৱস হৈ আহে আৰু সাপে নিগনিটোক বিচাৰি উলিয়াই খায়। এই দৃশ্য দেখি মানুহে অনুমান কৰি লৈছে যে এবাৰ সাপে কাৰোবাক কামুৰিব বিছাৰিলে যেনেকৈয়ে নহওক কিয় যিকোনো উপায়েৰে তাক কামুৰিবই। এইটো মানুহৰ এটা অতিৰঞ্জিত কল্পনাৰ বাহিৰে একো নহয়। সাপৰ যোৰাক কিবা কাৰণত মাৰিলে বা সাপক আঘাতদিলে সাপে প্ৰতিশোধ লোৱাটো চিনেমা, গল্পৰ কিতাপৰ অতিৰঞ্জিত কাহিনীহে মাথোন। 


       সাপ আৰু কিছু সাৱধানতা : ঘৰৰ ভঁৰাল ঘৰ সৰ্পপ্ৰতিৰোধীকৈ বনোৱাটো ভাল, কিয়োনো ভঁৰাল ঘৰতে নিগনিৰ উৎপাত আটাইতকৈ বেছি হয় আৰু সেয়েই ভঁৰালত সাপ বেছি থকা দেখা যায়, বিশেষকৈ বাৰিষাত  সাপৰ প্ৰজনন সময় আৰু তেতিয়া সাপৰ সংখ্যাও হঠাতে বৃদ্ধি হয়। বানপানীৰ সময়ত যেতিয়া চাৰিওকাষে কেৱল পানী থাকে সাপে নিৰুপায় হৈ ঘৰৰ ভিটা জাতীয় ওখ ঠাইত আশ্ৰয় লয়। এনে সময়ত ভঁৰালৰ ওচৰত বা ধানথোৱা ঠাইৰ ওচৰত শোৱাপাটী পৰাটো অত্যন্ত বিপদসঙ্কুল। গাওঁ সমূহত প্ৰায়েই আঁঠুৱা নতৰাকৈ শোৱা দেখা যায়, যিটো বিপদসঙ্কুল কিয়োনো আঁঠুৱা কেৱল মহেই নহয় সাপৰ পৰাও নিৰাপত্তা দিয়ে। সাপে সাধাৰণতে সন্ধিয়াৰ পৰা ৰাতিলৈ বেছিকৈ দংশন কৰে। এই সময়ত সাপে অত্যন্ত ক্ষুধাৰ্থ থাকে লগতে বিষৰ থলিত বিষৰ পৰিমাণো বেছিকৈ থাকে। গতিকেই এনে সময়ত অতিৰক্ত সাৱধানতাৰে চলা উচিত আন্ধাৰ বাটত সদায় টৰ্চ আৰু ভৰিত জোতা পিন্ধি ফুৰা প্ৰয়োজন। ঘৰত কাঠ-খৰিৰ দমাই থোৱা থাকিলে সৰু ল'ৰা-ছোৱালীক তাতে খেলিবলৈ যাব দিব নালাগে কাৰণ তেনে ঠাইতে সচৰাচৰ সাপক আশ্ৰয় লোৱা দেখা যায়। ঘৰত অব্যৱহৃতভাৱে থকা হাড়ি, কলহ আদি সাপ সোমাব নোৱাৰাকৈ ঢাকনি দিয়াৰ প্ৰয়োজন। সাপ সম্পৰ্কে সচেতনতা গঢ়ি তোলাৰ প্ৰয়োজন লগতে ইয়াৰ উপকাৰিতাৰ সম্পৰ্কেও ৰাইজক অৱগত কৰাটো প্ৰয়োজন। নিগনিৰ বংশবৃদ্ধি ৰোধ কৰি সাপে আমাক উপকাৰ কৰাৰ উপৰিও সাপৰ বিষৰ পৰাই সাপে কামোৰাৰ এন্টিভেনাম (antevenom) বেজী তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও সাপৰ বিষৰে অসংখ্য ৰোগৰ ঔষধো তৈয়াৰি কৰা হয় যিবোৰৰ ভিতৰত কেন্সাৰ, বাত, হেমোৰেজিক ৰোগ (Hemorrhagic diseases),  শিৰাৰত তেজ জমাবান্ধা (Thrombosis), নিদ্ৰাহীনতা, নাৰ্ভ ৰোগ, বাত (Arthritis), মৃগীৰোগ(Epilepsy), হাপানি(Asthma) আদি প্ৰধান। আজিকালি সাপৰ ছালৰে বেগ, বেল্ট, চৌখিন দ্ৰব্যাদি তৈয়াৰ হয়। তাৰোপৰি চীন, জাপান, কোৰিয়া, কম্বোডিয়া, ভিয়েতনাম আদি দেশত সাপৰ মাংস এক দামি সুস্বাদু খাদ্য। সাপৰ এই বজাৰ খনলৈ লক্ষ কৰি পৃথিৱীৰ বিভিন্ন দেশত সাপৰ ফাৰ্ম গঢ়ি উঠিছে ফলস্বৰূপে সেইবোৰ দেশত আপোনা-আপুনি প্ৰকৃতিৰ পৰা সাপ ধৰা বন্ধহৈ গৈছে অথচ আমাৰ দেশত ঠিক তাৰ উল্টাটোহে হৈ আছে। প্ৰতিদিনেই আমাৰ জংঘলৰ পৰা নোহোৱা হব ধৰিছে আমাৰ সাপবোৰ, কিছুমানে দেখিলেই হত্যা কৰিছে সাপ, কেৱল তাৰ নামটো সাপ হোৱা বাবেই লাগিলে সি যিমান বিষহীন নিৰীহেই নহওঁক কিয়। শেষত কওঁ বিষধৰ সাপৰ কামোৰৰ একমাত্ৰ চিকিৎসা antevenom (প্ৰতিবিষ) ইনজেকচন অৰ্থাৎ ডাক্তৰী চিকিৎসা। সাপে কামোৰা ৰোগীক যিমান সোনকালে সম্ভৱ নিকটস্থ হচপিটাললৈ লৈ যাওক। মানৱ জীৱন অমূল্য, বজাৰুৱা বেজৰ বহুৱালিত যাতে আৰু এজনেও হেৰুৱাই নেপেলায় নিজৰ অমূল্য জীৱন।  

সাপে কামোৰাৰ চিনসাপে কামোৰাৰ চিন



বিঃদ্ৰঃ ফেচবুকত জয় চক্ৰৱৰ্তীৰ এই লিখনীটো তেখেতৰ অনুমতি সাপেক্ষে এই ব্লগত প্ৰকাশ কৰা হ'ল। তেখতলৈ আমাৰ হিয়াভৰা ধন্যবাদ থাকিল।

Like · Comment ·   

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. ধন্যবাদ দাদা

    ReplyDelete