Sep 6, 2016

মূৰ্চ্ছনাৰ সফলতাৰ বাতৰি। পৰিচালক জিংকু বৰুৱা , সকলো শিশু শিল্পী আৰু আঁৰকাপোৰৰ আঁৰৰ ব্যক্তিলৈ অভিনন্দন।

May 27, 2015

সাপ সম্পৰ্কে প্ৰচলিত অন্ধবিশ্বাস বোৰ । লিখকঃ জয়দ্বীপ চক্ৰৱৰ্তী


         
সাপ সম্পৰ্কে প্ৰাচীনকালৰ পৰাই আমাৰ আমাৰ সমাজত কিছু ভুল ধাৰণা প্ৰচলিত আছে। দুৰ্ভাগ্যজনক এইটোৱেই যে বহু উচ্চ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত লোকেও এই ভুল ধাৰণাবোৰক কেৱল প্ৰশ্ৰয় দিয়াই নহয়, এই ভুল ধাৰণা সমূহৰ পক্ষে পাৰ্যমানে ওকালতি কৰি নিজা উপস্থাপনাৰে বাস্তৱধৰ্মীতাৰে সাপ সম্পৰ্কে প্ৰচলিত অতিৰঞ্জিত কাহিনীৰ সতে সাঙুৰি দিয়ে যে সাধাৰণ মানুহৰ সেইবোৰ ভুল একেবাৰে মন-মগজুৰ মাজত সোমাই যায়গৈ। বিশেষকৈ আমাৰ চলচ্চিত্ৰ আৰু লোককথাৰ সাধুবোৰৰ পৰা লোৱা পূৰ্বৰ ধাৰণা আৰু বৰ্তমান সময়ত ইন্টাৰনেটৰ যোগেদি বিশেষকৈ চছিয়েল চাইট সমূহক ব্যৱহাৰ কৰি সাপ সম্পৰ্কে চলাই থকা গুজববোৰ আৰু সাপ সম্পৰ্কীয় কুসংস্কাৰৰ বাবে বহু সময়ত মানুহকে বিপদমূখী কৰিব পাৰে। সাপ মানেই বিষধৰ নহয়! পৃথিৱীত প্ৰায় ২৫০০ পৰা ৩০০০ প্ৰজাতিৰ সাপ আছে। যাৰ মাজত মাত্ৰ ৫০০ প্ৰজাতিৰ সাপহে বিষধৰ। আমাৰ দেশেত প্ৰায় ২৭০ প্ৰজাতিৰ সাপ পোৱা যায় যদিও বিষধৰ সাপ আছে মাত্ৰ ২০টা মান প্ৰজাতিৰ। অসমত প্ৰাপ্ত প্ৰায় ৩৫ প্ৰজাতিৰ সাপৰ কেৱল ৭টা মান প্ৰজাতিৰ সাপহে বিষধৰ। সাধাৰণ দৃষ্টিত সাপ চিনি নোপোৱাকৈ কেৱল তাৰ দৈহিক গঠনৰ ওপৰত সাপৰ প্ৰজাতীটো বিষধৰ নে বিষহীন তাক নিশ্চিতভাৱে কোৱা টান। পিছে সাপে কামুৰাৰ দুৰ্ঘটনা ঘটিলে সেই কামোৰৰ আঘাত চাই সহজতেই ধৰিব পাৰি যে সেইটো বিষধৰ সাপৰ কামোৰ, নে নিৰ্বিষ সাপৰ কামোৰ। বিষধৰ সাপে কামুৰিলে ক্ষতস্থানত স্পষ্টকৈ কেৱল দুটি দাঁতৰ দাগ কিছু দূৰত্ব থাকিবই আনহাতে বিষহীন সাপে কামুৰিলে ক্ষতস্থানত ভালে কেইটা দাঁতৰ দাগ থাকিব আৰু সুখৰ কথা এইটোৱেই যে বিষধৰ সাপৰ কামোৰতো আনকি কামোৰাৰ খোৱা মানুহজনৰ দেহাত বিষ লগাৰ সুযোগ শতকৰা ৫০ ভাগেতকৈও কম, কিয়োনো আধাতকৈও বেছি কামোৰত সাপে মানুহৰ দেহালৈ তাৰ বিষ সোমাই দিব নোৱাৰে যাক শুকান দংশন বা ইংৰাজীত ড্ৰাই বাইট বুলি কোৱা হয়। 











         মূল কথালৈ ঘুৰি আহো, "সাত ৰজাৰ ধন এক মাণিক" পিছে কি এই মাণিক...?  আপোনালোকে সাপৰ মূৰত মণি থকাৰ কথা জানেই নিশ্চয়! সাপৰ মূৰত থকা মণিয়েই সেই সাত ৰজাৰ ধন, যি মণি সাপৰ মূৰত থাকে বুলি সৰুৰেপৰা নানাজনৰ মূখত নানান মুখৰোচক কাহিনী শুনাৰ ওপৰিও আমাৰ চলচ্চিত্ৰত, গল্পত, উপন্যাসত বহুলভাৱে প্ৰচলিত হৈ আহিছে এই মণিৰ কাহিনী, যিটো কথা সম্পৰ্ণ ভিত্তিহীন। পিছে যদিহে সাপৰ মূৰত
কোনো ধৰণৰ মণিয়েই নাথাকে বা সেই মণি থকাৰ কোনো বৈজ্ঞানিক ভিত্তিও নাই, তেন্তে ভিত্তিহীন সেই ধাৰণা মানুহৰ মাজত প্ৰচলিত হ'ল কেনেকৈ? আচলতে কাৰণটো হ'ল সাপে তাৰ জীৱনকালৰ প্ৰথম ফালে ঘনাই আৰু পৰৱৰ্তী সময়খিনিত নিৰ্দিষ্ট সময়ৰ মূৰেকত নিজৰ মোঠ (ছাল) সলায়। এই ছাল বোৰ গোটেই গাৰ পৰা খহি গ'লেও মূৰৰ ফালে কেতিয়াবে অলপমান ৰৈযায় আৰু লাহে লাহে সেই ছাল শুকাইগৈ টানহৈ সাপৰ মূৰৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰিব পাৰে আৰু সাপৰ ছাল যিহেতু চকমকই থাকে গতিকেই এই আৱৰণত জোনাক ৰাতিৰ পোহৰ বা আন যিকোনো পোহৰ পঢ়িলে চকমকাই থকা দেখা যাব পাৰে আৰু তাৰে পৰাই সাপৰ মূৰত মণিৰ ধাৰণাৰ সৃষ্টি হোৱা বুলি অনুমান কৰিব পাৰি। যিহেতুকে সাপ সম্পৰ্কে আমাৰ অহেতুক ভয় অতিকৈ বেছি সেয়ে ওচৰৰ পৰা নিৰীক্ষণ নকৰাৰ ফলত এনে ধাৰণা হোৱাটো স্বাভাৱিক, যি ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। জংঘলত ঘুৰিফুৰা এজনো বিজ্ঞান মনষ্ক মানুহ আজিলৈ পৃথিৱীৰ কোনো জংঘলতেই মণিথকা সাপ দেখিপোৱা নাই। পৃথিৱীত এটা যাদুঘৰতো সাপৰ মণিৰ সংৰক্ষণ হোৱা নাই, সাপৰ মনি যদি আছে, সেই মণি কেৱল কাহানীতহে আছে।

       প্ৰায়েই এটা কথা শুনা পাওঁ যে গোৱালা জাতীয় কিছু সাপে গৰুৰ ভৰিত মেৰিয়াই ধৰি গৰুৰ গাখীৰ চুপি খায় আৰু আচৰিত কথাটো হ'ল যে বহু শিক্ষিত মানুহো সাপে গাখীৰ খোৱাটো বিশ্বাস কৰে। সাপে পিছে কেতিয়াও গাখীৰ নাখায়, সাপৰ মুখৰ গঠন আৰু তাৰ হাওঁফাওঁ গাখীৰ চুপি খোৱাৰ বাবে উপযোগী নহয়, যিকোনো প্ৰানীৰ গাখীৰ চুপিখোৱাত জিভাৰ এক উল্লেখনীয় ভূমিকা আছে লাহি ফটা জিভাৰে সাপৰ বাবে গাখীৰ চুপি খোৱা সম্ভৱ নহয়। এইবোৰ একেবাৰেই মানুহৰ তৈয়াৰি ভুল ধাৰণা
আৰু অপপ্ৰচাৰ। সাপে নানাধৰণৰ পোকাপৰুৱা আৰু নিগনি খাই আমাৰ কৃষিৰ সুৰক্ষাত ভূমিকা ৰাখে। কিছুমান সাপে কেৱল সাপেই খায়, যেনে ৰাজফেঁটি সাপ। বহুতেই কব বিছাৰে যে গোৱালা সাপক প্ৰায়েই ৰাতি গোহালীৰ ওচৰাউচৰি দেখা যায় পিছে সঁচাটো হ'ল গোৱালা সাপৰ বৰণ আৰু তাৰ ছালৰ উজ্জলতাৰ বাবেই এই সাপবিধক ৰাতি কেৱল গোহালিৰ ওচৰতেই নহয় ইয়াক ৰাতি পথেঘাটেও বেছিকৈ দেখি। আচলতে সাপে গাখীৰ খোৱাৰ কাহিনী পিছতো আছে দুটাকৈ কাৰক তাৰে এটা সাপৰ বেজ আৰু ওজা সকলোৰ দ্বাৰা প্ৰচাৰিত, মোৰ সাপকেইটাক গাখীৰ খোৱাম বুলিকৈ সাধাৰণ মানুহৰ পৰা পইছা আদায় কৰাৰ এক ফন্দি মাথো। আনটো হৈছে এই ধাৰণাৰ প্ৰচাৰত অৰিহণা যগোৱা এবিধ ৰোগ যি ৰোগ গৰুৰ গাখীৰৰ বাটত হয়। পশু চিকিৎসাৰ ভাষাতএই ৰোগৰ নাম "মেষ্টাইটিছ" এইৰোগত ভোগা গৰুবোৰৰ গাখীৰৰ বাট ৰঙা পৰা ওপৰিও বাট ফাটি যোৱা, তেজ ওলোৱা, ফুলি ৰঙচুৱা হোৱা দেখা যায় আৰু চতুৰ বেজে এই সুযোগতে তাক সাপে গাখীৰ খোৱাৰ চিন বুলি প্ৰচাৰ কৰে, যিটো ধাৰণাই লাহেলাহে সমাজখনৰ এটা বৃহৎ অশংক প্ৰভাৱাম্বিত কৰে।     



          সাপে কামোৰাৰ পিছত নিজৰ বিষ নিজে শোষণ কৰিব পাৰে! আচৰিত!!! বিষধৰ সাপৰ দাঁত ঠিক ইনজেকচন চিৰিঞ্জৰ দৰেই, দাঁতৰ মাজৰ নলিৰে সাপৰ বিষগ্ৰন্থী পৰা বিষ কামোৰা জনৰ দেহালৈ ঠিক ইনজেকচন দিয়াৰ দৰেই সোমাই দিয়ে, এতিয়া কথাটো হ'ল ইনজেকচন দিয়াৰ পিছত মানুহৰ দেহত মিলিযোৱা কোনো দৰৱ পুনৰ সেই চিৰিঞ্জৰে উলিয়াই অনাটো সম্ভৱ জানো...? চিধা কথাত অসম্ভৱ সেয়ে সাপে নিজৰ বিষ নিজে শোষণ কৰিব পৰাটোও অসম্ভৱ। এই ধাৰণাৰো জন্ম দিছে সাপৰ সেই বেজবোৰেই, কেৱল সিহঁতৰ ব্যৱসায়ৰ স্বাৰ্থত। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত সাধাৰণ মানুহৰ অজ্ঞানতাৰ সুযোগলৈ এই বেজবোৰে গঢ়ি তুলিছে এক লাভজনক ঠগবাজী ব্যৱসায়। সাপে কামোৰা ৰোগীক জীৱন ৰক্ষা কৰাৰ বাবে মানুহে তেওঁলোকৰ ওপৰতে ভৰষা কৰে। কাৰণ সাধাৰণ দৃষ্টিত এই বেজ বোৰক সফল যেনেই লাগে, তেওঁলোকৰ প্ৰতাৰণাৰ জালখন ইমান বহল আৰু সুচতুৰতাৰে পৰিচালিত যে তেওঁলোকে জৰাফুঁকাৰ দ্বাৰা ভাল কৰি তোলা মানুহৰ নাম ঠিকনালৈ মুখস্থ মাতি দিয়ে আৰু কিছুক্ষেত্ৰত লোকেও তাৰ সত্যতাক নিজ চকুৰেই দেখা পায় যেতিয়া ৰোগীজন জৰাফুঁকাৰ অন্তত লাহেলাহে সুস্থহৈ উঠে। পিছে এই সুস্থতাৰ আচল কাৰণ হ'ল আমাৰ শতকৰা ৮০ভাগ সাপেই বিষহীন আৰু বিষাক্ত সাপৰ কামোৰাৰ পিছতো শতকৰা ৫০ ভাগতকৈ অধিক ড্ৰাই বাইট অৰ্থাত সেই কামোৰত এনেও বিষ ল'গাৰ কোনো কাৰণ নাই আৰু সাপ কামোৰৰ ঘটনাবোৰ ৰাতিহে বেছিকৈ হোৱা বাবে মানুহে কি সাপে কামুৰিলে তাক নজনাকৈয়ে বেজৰ শৰণাপন্ন হয়। গতিকেই হিচাব কৰিলেই ওলাই পৰে যে শতকৰা ৯০ভাগ সাপৰ কামোৰত বেজবোৰৰ ঠাইত যিকোনো মানুহেই সেই সাপে কামোৰা ৰোগীৰ শতকৰা ৯০জনক বঁচাব পাৰিব। পিছে বেজবোৰে ৰোগীৰ কাষত আহি এনে কিছুমান ভাৱ দেখায়, যেন যে সাপে কামোৰা ৰোগীক জীৱন দান দিয়াটো তাৰ বাবে এক সাধাৰণ খেলহে। দৰকাৰ পৰিলে বেজে মন্ত্ৰৰ দ্বাৰা কামোৰো সেই সাপটিকে আনি তাৰ বিষ শোষণ কৰাব। ইয়াৰ বাবে তেওঁলোকে বহুত দিনৰ ক্ষুধাৰ্থ আৰু ৰুগীয়া সাপ ৰোগীৰ ঘৰৰ কাষৰে কোনো জপোহাত এৰি দি আহে। (উল্লেখনীয় যে সাপে আনকি মাহৰ পিছত মাহ নখোৱাকৈ জীয়াই থাকিব পাৰে, পিছে তেনে সাপ দুৰ্বল হৈ পৰে) ইয়াৰ পিছত ৰোগীৰ ঘৰত আহি কিছুসময় নানা আংবাং মন্ত্ৰ উচ্চাৰণ কৰে, তাৰ পিছত ঘোষনা কৰে যে সাপে ঘৰৰ নিচেই কাষত আহি পৰিছে। তাৰ পিছত আৰম্ভ হয় অভিনয়, এটাৰ পিছত এটা জোপোহাৰ আগত বীন বজাই সাপ বিছাৰে আৰু শেষত সেই নিৰ্দিষ্ট জপোহাৰ পৰা সাপডাল উলিয়াই আনে। সকলোৰে সন্মুখতে কৰা এই অভিনয়ৰ বাহাদুৰিত মানুহ বেজৰ প্ৰতি মুগ্ধ হৈ পৰে আৰু স্বাভাৱিক ভাৱেই তেওঁলোকক বিশ্বাসত লয়। পিছে এইবোৰ ভাওতাবাজী বাহিৰে আন একোই নহয়।


      সাপৰ বেজ বা ওঝাই সাপ ধৰাৰ বাবে যিবোৰ যাদুকৰী ক্ষমতা দেখায় বা সাপৰ বিষ নমোৱাৰ বাবে যিবোৰ অঙ্গিভঙ্গি কৰে, সেইবোৰ তন্ত্ৰমন্ত্ৰভিত্তিক নহয়। পিছে সাপৰ বেজ বা ওঝাই সাপ ধৰাৰ ক্ষেত্ৰত আটাইতকৈ ভাল বিশেষজ্ঞ, আনকি তেওঁলোক আমি ডিচকভাৰি আদি চেনেলত দেখোৱা সাপ ধৰা প্ৰকৃতিবিদ সকলোৰ সমপৰ্যায়ৰ তাত কোনো সন্দেহ নাই। তেওঁলোক মুখেৰে বিড়বিড়কৈ মন্ত্ৰমাতে ঠিকেই, পিছে সেয়া মানুহক দেখোৱাৰ বাহিৰে আন একোই নহয়। আচলতে এওঁলোকে বংশপৰম্পৰাগত ভাৱে সাপ ধৰাৰ সুকৌশল ৰপ্ত কৰে। সাপৰ বাঁহীৰ সুৰৰ তালে তালে সাপ নানাচে, বাঁহীটিৰ সুৰ সুনিবলৈ সাপৰ কাণেই নাই। বেজৰ বাঁহীৰ সুৰত নহয় সাপ নাচে বাঁহীটি ইফালে সিফালে লৰি থকাৰ তালে তালে হে। তাৰোপৰি বেজবোৰে মাজে মাজেই হাতেৰে মাটিত সজোৰে আঘাত কৰাৰ কম্পনৰ ফলত সাপৰ অনুভূতি সজাগ থাকে। পিছে এনেকৈ কেৱল ফেঁটি সাপকহে নচুৱাব পাৰি কাৰণ ফেঁটি সাপ ফোনা (Hood) তুলি আৰু মাটিৰ ওপৰত বহু সময় মূৰ ডাঙি থাকিব পাৰে। এইদৰেই সাপৰ বেজ বা ওঝাই সাধাৰণতে মানুহক মুগ্ধ কৰে ফলত দৰ্শকৰ ওচৰত বেজৰ বাঁহীৰ বিষয়টোক আৰু বেছিকৈ বিশ্বাসযোগ্য কৰি তুলে। 


         সাপ সম্পৰ্কে আন এটা ধৰণা হ'ল সাপৰ বেজক সাপে কামুৰিলে একো নহয়। প্ৰকৃতাৰ্থত এওঁলোক সাপৰ বিষদাঁত ভাঙি পেলায়, নাইবা বিষগ্ৰন্থীৰ পৰা  দাঁতলৈ সংযুক্ত নলিডাল কাটি দিয়ে ফলত সাপে বিষ প্ৰয়োগ ক্ষমতা হেৰাই পেলায়, সেয়ে বেজক সাপে কামুৰিলে একো নহয়। সাপ আৰু নেউলৰ যুদ্ধ সম্পৰ্কেও প্ৰচলিত আছে নানানটা ধাৰণা যিবোৰৰ কোনো যুক্তি নাই, তাৰে এটা ধাৰণা হ'ল নেউলে এবিধ বিশেষ ধৰণৰ গছ চিনি পায় যিটো সাপে কামোৰাৰ বিষক্ৰিয়া নষ্ট কৰিব পাৰে ! সাপ আৰু নেউলৰ সম্পৰ্ক ভাল নহয় কাৰণ সাপ বিশেষকৈ সাপৰ পোৱালী নেউলৰ খাদ্য।  সাপৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে নেউল খাদ্য শৃঙ্খলাৰ এক উল্লেখনীয় উপাদান। সাপ যেতিয়া প্ৰথমতে নেউলক আক্ৰমণ কৰাৰ বাবে মূৰ ডাঙে, নেউলো তেতিয়া ক্ষিপ্ৰতাৰে সাপক আক্ৰমণ কৰে। এই যুজত সাপে যিমান বাৰ নেউলক কামুৰি দিয়ে, সিমানবাৰেই নেউলৰ দেহৰ মসৃণ নোমৰ বাবে সেই বিষ তাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে। যুঁজি যুঁজি ভাগৰ ল'গা নেউলে কেতিয়াবা ওচৰৰ জোপোহাৰ আঁৰত লুকাই পৰে কিছু সময় বিশ্ৰামৰ বাবেহে, নেউলটো নেদেখা হোৱাৰ কিছুসময়তে সাপে স্বস্তিত মূৰ নমায় আৰু নেউলে সেই সুযোগৰে অপক্ষাত ৰৈ উভতি আহি সাপৰ মূৰত কামুৰি ধৰে। এইটো নেউলৰ এক সহজাত ৰণকৌশলহে। পিছে নেউলৰ জোপোহাত সোমোৱা এই ৰণকৌশলক বেজে নেউলে জোপোহাৰ মাজত এবিধ বিশেষ গছত গা ঘহাই অহা বুলিহে প্ৰচাৰ চলায় আৰু আমাৰ হাটে-বজাৰে সেই বিশেষ গছৰ শিপা শকত ধনৰ বিনিময়ত বিক্ৰী কৰে যাৰ কোনো সত্যতা নাই। 


       তগৰ, কামিনী জাতীয় কিছু ফুলৰ গন্ধত সাপ আহে। এইটোও এটা ভুল ধাৰণা, যদিওবা সাপৰ ঘ্ৰাণশক্তি আছে তথাপিও কোনো ধৰণৰ সুগন্ধৰ প্ৰতি সাপৰ কোনোধৰণৰ দূৰ্ৱলতা নাই। গোন্ধৰ বাবে নহয় কৰ্শলা, লতাসাপ আদি বগাই ফুৰা সাপবোৰৰ বোৰে টগৰ জাতীয় গছৰ ঘন জপোহাই উত্তম জিৰণিৰ স্থান হোৱা বাবেহে কেইবিধমান প্ৰজাতীৰ সাপে তাক এনে গছক পছন্দ কৰা দেখা যায়।  এই গছ সমূহ ঠানি বোৰ লাহি হোৱা বাবে সৰু আকাৰৰ সাপে তাত মেৰিয়াই চলিবলৈ সুবিধা পায়। এনে গছত খাদ্য হিচাপে সৰু জেঠি আৰু নানা পোক-পৰুৱাও পায়। ইয়াৰ উপৰিও খাদ্য খোৱাৰ পিছত গছত উঠি কৰ্শলা সাপক ইংৰাজী 'Y' আকাৰৰ ঠানিবোৰৰ মাজেৰে মই নিজেই এনেকৈ যোৱা দেখিছোঁ ঠিক যেনেকৈ কেতিয়াবা আমাৰ ডিঙিত খাদ্যবস্তু লাগি ধৰিলে আমি হাতেৰে ডিঙি মোহাৰি দিওঁ। মুঠতে ফুলৰ গন্ধৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।  


       সাপ প্ৰতিশোধ পৰায়ণ! এটা গোটক মিছা কথা। এই ধাৰণা মানুহে নিজেই সৃষ্টিকৰা, সাপে নিগনি ধৰাতে কেতিয়াবা কামুৰি দিয়া নিগনি পলাই যায়, তেতিয়া সাপে সেই নিগনি বিছাৰি ফুৰে। কাৰণ সাপে জানেই তাৰ কামোৰ খোৱাৰ পিছত সেই নিগনি বেছি দূৰলৈ যাব নোৱাৰে, অলপ দূৰলৈ গৈ নিগনিৰ দেহা লাহে লাহে অৱস হৈ আহে আৰু সাপে নিগনিটোক বিচাৰি উলিয়াই খায়। এই দৃশ্য দেখি মানুহে অনুমান কৰি লৈছে যে এবাৰ সাপে কাৰোবাক কামুৰিব বিছাৰিলে যেনেকৈয়ে নহওক কিয় যিকোনো উপায়েৰে তাক কামুৰিবই। এইটো মানুহৰ এটা অতিৰঞ্জিত কল্পনাৰ বাহিৰে একো নহয়। সাপৰ যোৰাক কিবা কাৰণত মাৰিলে বা সাপক আঘাতদিলে সাপে প্ৰতিশোধ লোৱাটো চিনেমা, গল্পৰ কিতাপৰ অতিৰঞ্জিত কাহিনীহে মাথোন। 


       সাপ আৰু কিছু সাৱধানতা : ঘৰৰ ভঁৰাল ঘৰ সৰ্পপ্ৰতিৰোধীকৈ বনোৱাটো ভাল, কিয়োনো ভঁৰাল ঘৰতে নিগনিৰ উৎপাত আটাইতকৈ বেছি হয় আৰু সেয়েই ভঁৰালত সাপ বেছি থকা দেখা যায়, বিশেষকৈ বাৰিষাত  সাপৰ প্ৰজনন সময় আৰু তেতিয়া সাপৰ সংখ্যাও হঠাতে বৃদ্ধি হয়। বানপানীৰ সময়ত যেতিয়া চাৰিওকাষে কেৱল পানী থাকে সাপে নিৰুপায় হৈ ঘৰৰ ভিটা জাতীয় ওখ ঠাইত আশ্ৰয় লয়। এনে সময়ত ভঁৰালৰ ওচৰত বা ধানথোৱা ঠাইৰ ওচৰত শোৱাপাটী পৰাটো অত্যন্ত বিপদসঙ্কুল। গাওঁ সমূহত প্ৰায়েই আঁঠুৱা নতৰাকৈ শোৱা দেখা যায়, যিটো বিপদসঙ্কুল কিয়োনো আঁঠুৱা কেৱল মহেই নহয় সাপৰ পৰাও নিৰাপত্তা দিয়ে। সাপে সাধাৰণতে সন্ধিয়াৰ পৰা ৰাতিলৈ বেছিকৈ দংশন কৰে। এই সময়ত সাপে অত্যন্ত ক্ষুধাৰ্থ থাকে লগতে বিষৰ থলিত বিষৰ পৰিমাণো বেছিকৈ থাকে। গতিকেই এনে সময়ত অতিৰক্ত সাৱধানতাৰে চলা উচিত আন্ধাৰ বাটত সদায় টৰ্চ আৰু ভৰিত জোতা পিন্ধি ফুৰা প্ৰয়োজন। ঘৰত কাঠ-খৰিৰ দমাই থোৱা থাকিলে সৰু ল'ৰা-ছোৱালীক তাতে খেলিবলৈ যাব দিব নালাগে কাৰণ তেনে ঠাইতে সচৰাচৰ সাপক আশ্ৰয় লোৱা দেখা যায়। ঘৰত অব্যৱহৃতভাৱে থকা হাড়ি, কলহ আদি সাপ সোমাব নোৱাৰাকৈ ঢাকনি দিয়াৰ প্ৰয়োজন। সাপ সম্পৰ্কে সচেতনতা গঢ়ি তোলাৰ প্ৰয়োজন লগতে ইয়াৰ উপকাৰিতাৰ সম্পৰ্কেও ৰাইজক অৱগত কৰাটো প্ৰয়োজন। নিগনিৰ বংশবৃদ্ধি ৰোধ কৰি সাপে আমাক উপকাৰ কৰাৰ উপৰিও সাপৰ বিষৰ পৰাই সাপে কামোৰাৰ এন্টিভেনাম (antevenom) বেজী তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও সাপৰ বিষৰে অসংখ্য ৰোগৰ ঔষধো তৈয়াৰি কৰা হয় যিবোৰৰ ভিতৰত কেন্সাৰ, বাত, হেমোৰেজিক ৰোগ (Hemorrhagic diseases),  শিৰাৰত তেজ জমাবান্ধা (Thrombosis), নিদ্ৰাহীনতা, নাৰ্ভ ৰোগ, বাত (Arthritis), মৃগীৰোগ(Epilepsy), হাপানি(Asthma) আদি প্ৰধান। আজিকালি সাপৰ ছালৰে বেগ, বেল্ট, চৌখিন দ্ৰব্যাদি তৈয়াৰ হয়। তাৰোপৰি চীন, জাপান, কোৰিয়া, কম্বোডিয়া, ভিয়েতনাম আদি দেশত সাপৰ মাংস এক দামি সুস্বাদু খাদ্য। সাপৰ এই বজাৰ খনলৈ লক্ষ কৰি পৃথিৱীৰ বিভিন্ন দেশত সাপৰ ফাৰ্ম গঢ়ি উঠিছে ফলস্বৰূপে সেইবোৰ দেশত আপোনা-আপুনি প্ৰকৃতিৰ পৰা সাপ ধৰা বন্ধহৈ গৈছে অথচ আমাৰ দেশত ঠিক তাৰ উল্টাটোহে হৈ আছে। প্ৰতিদিনেই আমাৰ জংঘলৰ পৰা নোহোৱা হব ধৰিছে আমাৰ সাপবোৰ, কিছুমানে দেখিলেই হত্যা কৰিছে সাপ, কেৱল তাৰ নামটো সাপ হোৱা বাবেই লাগিলে সি যিমান বিষহীন নিৰীহেই নহওঁক কিয়। শেষত কওঁ বিষধৰ সাপৰ কামোৰৰ একমাত্ৰ চিকিৎসা antevenom (প্ৰতিবিষ) ইনজেকচন অৰ্থাৎ ডাক্তৰী চিকিৎসা। সাপে কামোৰা ৰোগীক যিমান সোনকালে সম্ভৱ নিকটস্থ হচপিটাললৈ লৈ যাওক। মানৱ জীৱন অমূল্য, বজাৰুৱা বেজৰ বহুৱালিত যাতে আৰু এজনেও হেৰুৱাই নেপেলায় নিজৰ অমূল্য জীৱন।  

সাপে কামোৰাৰ চিনসাপে কামোৰাৰ চিন



বিঃদ্ৰঃ ফেচবুকত জয় চক্ৰৱৰ্তীৰ এই লিখনীটো তেখেতৰ অনুমতি সাপেক্ষে এই ব্লগত প্ৰকাশ কৰা হ'ল। তেখতলৈ আমাৰ হিয়াভৰা ধন্যবাদ থাকিল।

Like · Comment ·   

Jul 6, 2013

ভাৰতীয় সঙ্গীতৰ এক উজ্জ্বল জোতিষ্ক পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে



       [এই লেখাটি শ্ৰদ্ধাৰ নিবেদিতা হাজৰিকা বাইদেউৱে অ:ক:ব নামৰ ফেচবুক গোট প্ৰকাশ কৰিছিল।আমাৰ অনুৰোধ মৰ্মে তেখেতে এই ব্লগত প্ৰকাশৰ অনুমতি দি ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰা বাবে আমি তেখেতৰ ওছৰত চিৰকৃতজ্ঞ]
           
     

     ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ইতিহাস অতি গৌৰৱময় আৰু আমাৰ বাবে প্ৰেৰণাদায়ক। ভাৰতীয় সঙ্গীতে বৈদিক যুগৰে পৰা বিভিন্ন ক্ৰমবিৱৰ্ত্তনৰ মাজেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছেহি। মুছলমান সকলৰ শাসন কালত ভাৰতীয় সঙ্গীতে বহু বেছি প্ৰসাৰ লাভ কৰে। এই কালচোৱাত বহু নতুন নতুন ৰাগৰ সৃষ্টি হোৱাৰ লগতে সঙ্গীতৰ ক্ৰিয়াত্মক দিশটোৱে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্ত্ত মুছলমান সকলৰ শাসন আৰু আধিপত্য কমি অহাৰ লগে লগে ভাৰতলৈ ইংৰাজ সকলৰ আগমণ হয় আৰু ভাৰতীয় সঙ্গীতৰ চৰ্চা কমি আহিবলৈ ধৰে। ইংৰাজ সকলৰ ভাৰতীয় সঙ্গীতৰ প্ৰতি থকা উদাসীনতাৰ বাবেই ভাৰতীয় সঙ্গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কিছু বাধা আহি পৰে। কিন্ত্ত সুখৰ বিষয় এয়ে যে সেই কালছোৱাতো এনে কিছু গুণী লোক ওলাল যি সকলৰ প্ৰচেষ্টাত ভাৰতীয় সঙ্গীতৰ চৰ্চা আৰু সাধনা অটুট থাকিল। ইংৰাজ সকলৰ মাজৰো কেইবাজনো গুণী লোকে ভাৰতীয় সঙ্গীতৰ মূল্য উপলদ্ধি কৰি সঙ্গীত চৰ্চাক উদগনি দিয়াৰ লগতে নিজেও চৰ্চা আৰু অধ্যয়ন কৰিবলৈ ধৰে।

ইংৰাজৰ শাসন কালত প্ৰাচাত্য সঙ্গীতে গ্ৰাস কৰিবলৈ ওলোৱা ভাৰতীয় সঙ্গীতৰ ধ্বজা পুনৰ সমাজত গৌৰৱেৰে প্ৰতিষ্ঠা কৰিবলৈ কিছু গুণী জ্ঞানী লোক উঠি পৰি লাগিল। যি কেইগৰাকী মহান সঙ্গীতজ্ঞই নিজৰ অক্লান্ত পৰিশ্ৰম, একনিষ্ঠ সাধনা আৰু অগাধ পাণ্ডিত্যৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ক্ষেত্ৰত এটি নতুন পথৰ সন্ধান দি গ’ল সেই সকলৰ ভিতৰত পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে অন্যতম। 

মুম্বাইৰ বালকেশ্বৰ নামৰ এখন গাঁৱত ১৮৬০ খৃষ্টাব্দৰ ১০ আগষ্টত ভাটখাণ্ডেজীৰ জন্ম হয়। তেওঁৰ মাক-দেউতাকৰ সঙ্গীতৰ প্ৰতি ৰাপ আছিল, সেয়েহে তেওঁ সৰুৰে পৰাই এটি সঙ্গীতময় পৰিবেশ লাভ কৰিছিল। সৰুতে তেওঁ মাকৰ পৰা ভজন শিকিছিল। কলেজত পঢ়া কালত তেওঁ নিয়মিতভাৱে সঙ্গীত শিকিবলৈ আৰম্ভ কৰে আৰু সঙ্গীত বিষয়ৰ বিভিন্ন গ্ৰন্থাদি অধ্যয়ন কৰাত মনোনিবেশ কৰে। যথাসময়ত তেওঁ সুখ্যাতিৰে বি এ এল এল বি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু মুম্বাইত ওকালতি আৰম্ভ কৰে। 

১৮৮৭ খৃষ্টাব্দত মুম্বাইৰ কেইগৰাকীমান চহকী পাৰ্চী সম্প্ৰদায়ৰ লোকে “গায়ন উত্তেজক মণ্ডলী” নামৰ এটি সঙ্গীত সন্থা আৰম্ভ কৰে। ভাটখাণ্ডেজীও সেই অনুষ্ঠানৰ সদস্য হয় আৰু এইদৰেই সেই সময়ৰ বিখ্যাত সঙ্গীতজ্ঞ সকলৰ কাষ চপাৰ সুযোগ লাভ কৰে। সেই সকলৰ সান্নিধ্যই তেওঁক প্ৰচলিত হিন্দুষ্ঠানী সঙ্গীত সম্পৰ্কে বিশদভাৱে জ্ঞান আহৰণ কৰাত সহায় কৰে। 

ইতিমধ্যে সঙ্গীত সম্পৰ্কীয় প্ৰাচীন আৰু মধ্যযুগীয় বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ দেখিলে যে গ্ৰন্থত উল্লেখিত তথ্যৰ লগত গায়ক বা বাদক সকলে পৰিবেশন কৰা সঙ্গীতৰ বহুখিনি অমিল আছে। সেই সময়ৰ পেছাদাৰী গায়ক সকলৰ অধিক সংখ্যকেই মুছলমান হোৱা বাবে সংস্কৃত ভাষাত লিখা প্ৰাচীন সঙ্গীত গ্ৰন্থ সমূহৰ লগত তেওঁলোকৰ পৰিচয় নোহোৱাটো স্বাভাৱিক। স্বৰলিপিৰ বিধিবদ্ধ কোনো নিয়ম নথকাত গীত বিলাক মুখে মুখেই শিকোৱা হৈছিল। তাৰ ফলত কেতিয়াবা বহুতো ৰাগৰো পৰিৱৰ্ত্তন ঘটিছিল। কিন্ত্ত প্ৰাচীন গ্ৰন্থৰ বৰ্ণনাৰ লগত মিল নাথাকিলেও পেছাদাৰী গায়ক সকলৰ মাজত প্ৰচলিত ঘৰাণা বা বংশ-পৰম্পৰাগত ভাৱে চলি অহা এই ৰাগ আৰু গীত বিলাকেই আছিল বৰ্ত্তমানৰ ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ মূল ভেটি। সেইবাবে ইয়াৰ ওপৰতে ভাটখাণ্ডেজীয়ে প্ৰচলিত ৰাগ সঙ্গীতৰ এখনি সু-সংবদ্ধ ব্যাকৰণ ৰচনা কৰিবলৈ স্থিৰ কৰিলে। তেওঁ প্ৰচলিত ৰাগ সমূহক শ্ৰেণীবদ্ধ কৰি প্ৰত্যেক ৰাগৰে বৈশিষ্ট্য সমূহ স্পষ্টভাৱে ডাঙি ধৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিলে। প্ৰচলিত হিন্দুষ্ঠানী সঙ্গীতৰ তাত্ত্বিক (THEORETICAL) দিশটোৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচনা কৰিবলৈ আৰম্ভ কৰিলে। 

তেওঁৰ সঙ্গীতৰ ক্ৰিয়াত্মক (PRACTICAL) আৰু তাত্ত্বিক (THEORETICAL) এই দুয়োটা দিশতে গুৰুত্ব প্ৰদান কৰি কেইবাখনো গ্রন্থ ৰচনা কৰে। উভয় বিষয়ৰ ওপৰত ৰচিত কেইখনমান মহত্বপূৰ্ণ গ্ৰন্থ হৈছে – প্ৰচলিত ধ্ৰুপদ,খেয়াল আদি গীত সমূহৰ স্বৰলিপি প্ৰস্ত্তত কৰি প্ৰকাশ কৰা “ক্ৰমিক পুস্তক মালিকা” (৬ ভাগত), “অভিনৱ ৰাগ মঞ্জৰী”, “ লক্ষ্মণ গীত”, “ভাটখাণ্ডে শাস্ত্ৰ” (৪ ভাগত) ইত্যাদি। ভাটখাণ্ডেজীয়ে বিলাৱল ঠাটক শুদ্ধ ঠাটৰ মান্যতা দি দহোটা ঠাটৰ ভিত্তিত হিন্দুষ্ঠানী সঙ্গীতৰ ৰাগ সমূহৰ বৰ্গীকৰণ কৰে। তেওঁ সৃষ্টি কৰি থৈ যোৱা ঠাট আৰু স্বৰলিপি পদ্ধতি বৰ্ত্তমান আমাৰ দেশৰ সৰহ সংখ্যক সঙ্গীত-শিক্ষানুষ্ঠানতে প্ৰৱৰ্ত্তন হৈ আছে। 
১৯১৬ চনত ভাটখাণ্ডেজীয়ে বৰোদাত এখন সৰ্বভাৰতীয় সঙ্গীত সন্মিলনৰ আয়োজন কৰে। সেই সন্মিলনত একত্ৰিত হোৱা ভাৰতৰ প্ৰসিদ্ধ সঙ্গীতবিদ আৰু শিল্পী সকলৰ লগত আলোচনা কৰি ভাৰতীয় সঙ্গীতৰ ক্ৰিয়াত্মক (PRACTICAL) আৰু তাত্ত্বিক (THEORETICAL) দিশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সেই সন্মীলনত পাঠ কৰা ভাটখাণ্ডেজীৰ “A short historical survey of the music of northern India” নামৰ ৰচনাই ভাৰতীয় সঙ্গীতৰ ক্ষেত্ৰত এটা নতুন দিশৰ সূচনা কৰে।

পণ্ডিত ভাটখাণ্ডেজীৰ অক্লান্ত পৰিশ্ৰমৰ ফল স্বৰূপে ১৯২৬ চনত লক্ষ্নৌত ‘মেৰিচ কলেজ অব্ হিন্দুষ্ঠানী মিউজিক’ নামৰ সঙ্গীত শিক্ষাৰ অনুষ্ঠান স্থাপিত হয়। প্ৰায় একে সময়তে তেওঁৰ যত্নত গোৱালিয়ৰ চহৰত স্থাপিত হয় ‘মাধৱ সঙ্গীত বিদ্যালয়’ নামৰ অন্য এক সঙ্গীত শিক্ষাৰ অনুষ্ঠান। লক্ষ্নৌৰ মেৰিচ কলেজ অব্ হিন্দুষ্ঠানী মিউজিকেই বৰ্ত্তমান “ভাটখাণ্ডে সঙ্গীত বিদ্যাপীঠ” নামেৰে জনাজাত। যাৰ অধীনত এতিয়া ভাৰতবৰ্ষৰ নগৰে-চহৰে অসংখ্য সঙ্গীত শিক্ষাৰ অনুষ্ঠান সুখ্যাতিৰে পৰিছালিত হৈ আহিছে। এইজনা মহান সঙ্গীতজ্ঞই অক্লান্ত পৰিশ্ৰমেৰে সঙ্গীতৰ কঠোৰ নিয়মকো সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ সহজ-সৰল কৰি তুলিলে। সঙ্গীতৰ বহু নতুন নিয়ম আৱিষ্কাৰ কৰি ভাৰতীয় সঙ্গীতক বৈজ্ঞানীক পদ্ধতিৰে প্ৰতিষ্ঠা কৰা এই গৰাকী মহান সঙ্গীতবীদে বিভিন্ন দিশত সঙ্গীতৰ উন্নতি সাধন কৰি ১৯৩৬ চনত ইহলীলা সম্বৰণ কৰে। প্ৰাচীন আৰু সমসাময়িক ভাৰতীয় সঙ্গীত সম্পৰ্কে গভীৰ অধ্যয়ন কৰি সঙ্গীতক এটি বিধিবদ্ধ ৰূপ দিয়াৰ ক্ষেত্ৰত পণ্ডিত বিষ্ণুনাৰায়ণ ভাটখাণ্ডেজীৰ অৱদান যাউতিযুগীয়া হৈ ৰ’ব।

নিবেদিতা হাজৰিকা
৬ জুলাই,২০১৩

Feb 26, 2013

হেলিটচিচ


হেলিটচিচ

ডাঃ ভূপেন শইকীয়া

         লিখনিটোৰ আৰম্ভণিতে সহৃদয় পাঠকসকলক এটি ৰসাল কাহিনী জনাব খুজিছোঁ৷ এজন সুঠাম ডেকা মানুহে চিকিৎসকৰ ওচৰলৈ গৈ কৈছে : মোৰ অসুখটো চাওকচোন৷ খোৱা-লোৱা মোৰ ঠিকেই আছে৷ কিন্তু পুৱা শুই উঠিবৰ মন নাযায়, কাম-বন একো কৰিবৰো মন নাযায়৷ চিকিৎসকে ডেকাজনক মূৰৰ পৰা ভৰিলৈ পিটিকি, টুকুৰিয়াই, স্থেথস্কোপ লগাই চাই কলে – তোমাৰ শৰীৰ ঠিকেই আছে৷ এলাহহে হৈছে৷ তেতিয়া ডেকাজনে চিকিৎসকক কলে – মোক এইটোকেই ডাক্তৰী ভাষাত ক’ব লাগে, কাৰণ ঘৰত মই বেমাৰটোৰ নাম সকলোকে জনাব লাগিব!
একেদৰে মই আজি আলোচনা কৰিব লোৱা বিষয়টোৰ নাম ডাক্তৰী ভাষাত – ‘হেলিটচিচ’৷ গ্ৰীক আৰু লেটিন ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা এই শব্দটোৰ অৰ্থ হ’ল – মুখৰ দুৰ্গন্ধ৷ বিশ্বৰ প্ৰায় ২৫শতাংশ লোকৰ কম বেচি পৰিমাণে ‘হেলিটচিচ’ ৰোগ আছে৷ ইয়াৰে ৯০শতাংশই সঠিক চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি৷ আকৌ ৮০শতাংশ এই ৰোগৰ উৎপত্তিৰ স্থল হ’ল মুখমণ্ডল৷ অধ্যয়নৰ পৰা জনা যায় খৃষ্টপূৰ্ব ১৫৫০চনৰ পৰাই মুখৰদুৰ্গন্ধআঁতৰাবলৈ বনৌষধিৰ সৈতে গৃহ নিৰ্মিত মদিৰা ব্যৱহাৰ কৰা হৈছিল৷ কেনেডাৰ এটি দলে ডেকা বয়সতে মৃত্যু হোৱা ২১০০বছৰ পুৰণি ইজিপ্তৰ মামীৰ শৰীৰৰ অধ্যয়ন কৰি এই নিস্কৰ্ষত আহিছে পোকে খোৱা দাঁতৰ গুৰুতৰ ৰোগৰ ফলতেই সেই যুৱকজনৰ মৃত্যু ঘটিছিল৷ হয়তো আজিৰ আধুনিক চিকিৎসা পোৱা হলে অল্পায়ুতে মৰণ নহ’লহেতেন৷ ৰোমান, গ্ৰীক,ইছলামিক সাহিত্যত আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰা মানুহৰ মুখৰ স্বাস্থ্যৰ সচেতনতাৰ বিষয়ে লিখনি পঢ়িবলৈ পোৱা যায়৷ জনা যায় কি দৰে দেশ ভেদে বেলেগ বেলেগ সামগ্ৰী মুখৰদুৰ্গন্ধআঁতৰাবলৈ ব্যৱহাৰ কৰিছিল৷ ভূমধ্য সাগৰৰ দাঁতিকাষৰীয়া দেশসমূহত পিষ্টাচিয়ালেন্টিকাচ গছৰ দাঁতোন, ভাৰতত নীম গছৰ দাঁতোন, থাইলেণ্ডত মধুৰী আমৰ দাঁতোন, চীন দেশত কণীৰ বাকলি,ইৰাকত লং আৰু ইটালীতধনীয়া পাত ব্যৱহাৰ কৰিছিল৷ ১৯২০ চনৰ পৰা ব্যৱসায় আৰম্ভ কৰা ‘লিষ্টাৰিন’ মাউথৱাচৰ বিষয়ে আমাৰ পাঠকসকল নিশ্চয় অৱগত৷ যদিও ই মুখৰ দুৰ্গন্ধিৰ মাত্ৰ সাময়িক উপশম ঘটাব পাৰে – ইয়াৰ উদ্ভাৱনে মানুহৰ এই দিশত সচেতনতাৰ কথাকে সূচায়৷
মুখৰ দুৰ্গন্ধ হব পাৰে অস্থায়ী বা দীৰ্ঘ দিনীয়া (ক্ৰ’নিক৷ কাৰোবাৰ বাবে ই এক দু:স্বপ্নৰ দৰে আতংকৰ বিষয় হৈ পৰে, আকৌ কোনোজন নিজৰ দুৰৱস্থাৰ বিষয়ে মুঠেও অৱগত নহ’বও পাৰে৷ মুখৰদুৰ্গন্ধ বেচি হোৱা ব্যক্তিজনে নিজে মুখত মেটিলিক,অম্লজাতীয়, গেলা কণীৰ দৰে বা আন বেয়া স্বাদ অনুভৱ কৰিব পাৰে৷ আপোনাৰ নিজৰ মুখৰ পৰা দুৰ্গন্ধ ওলাইছে নেকি তাক জনাৰ দুটা উপায় আছে৷আপোনাৰ পৰিয়ালৰ সদস্য বা বিশ্বাসী বন্ধুৰ দ্বাৰা সেয়া জানিব পাৰে৷ নহ’লে নিজে এইদৰে পৰীক্ষা কৰি চাব পাৰে – সোঁহাতৰ মণিবন্ধত ভিতৰৰ ফাললৈ চেলেকক৷ ৩/৪ মিনিট চেলেকা ঠাইখিনি শুকুৱালৈ প্ৰতীক্ষা কৰক৷ শুকুৱাৰ পিছত আপোনাৰ যদি চৰ্দি লাগি থকা নাই নিজে ঘ্ৰাণলৈ পৰীক্ষা কৰি চাওক কেনে গোন্ধাইছে৷ ডেন্টিষ্টৰ ওচৰত গলে ‘হেলিমিটাৰ’ নামৰ পৰ্টেবল চালফাইড মনিটৰৰ সহায়ত মুখৰদুৰ্গন্ধৰ পৰিমাণ জুখিও চাব পাৰে৷
যদি খোৱাৰ পিছত মুখখন আপুনি ভালকৈ নোধোৱে, তেতিয়া মুখমণ্ডলৰ ভিতৰৰ দাঁত,আলু,তালু, জিভা আৰু টনচিলত থকা বেক্টেৰীয়াসমূহে খাদ্যৰ অৱশিষ্টকপচাব ধৰে আৰু সিহঁতি নিজাববীয়াকৈ হাইড্ৰ’জেনচাইফাইড, ডাইমিথাইলচাইফাইড, এলাইলমিথাইলচাইফাইড, মিথাইলমাৰকাপ্তান, এমোনিয়া আৰু কাৰ্বোনেট জাতীয় ভলেটাইল ৰাসায়নিক তত্ব উৎপাদন কৰে – যাৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়৷ মুখৰদুৰ্গন্ধ উৎপত্তি কৰা বেক্টেৰীয়াসমূহ প্ৰায়বিলাকেই হ’ল এন-এৰ’বিক বেক্টেৰীয়া৷ শুনি আচৰিত নহ’ব আমাৰ মুখৰ ভিতৰখন কমেও ৬০০বিধ বেক্টেৰীয়াৰ আশ্ৰয়স্থলী৷ এইবিলাক হ’ল ‘কমেনচেল’ অৰ্থাৎ সুবিধাবাদী, হলা গছত বাগী কুঠাৰ মাৰিবলৈ সুযোগৰ অপেক্ষাত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যাক ‘ইমিউনিটি’ বোলা হয়, তাৰ হীন-দেড়ি ঘটিলেই আমাক ৰোগাক্ৰান্ত কৰিবলৈ যথেষ্ট৷ চাইনাচৰ অসুখ আৰু নাকৰ বিভিন্ন এলাৰ্জিত নাকৰ পৰা বেচিকৈ নিৰ্গত হোৱা সেঙুন জাতীয় মিউকাচেমুখৰচেলাইভাৰ লগ লাগি বিঘটন ঘটাই দুৰ্গন্ধ উৎপাদন কৰে৷
অন্যান্য দুৰ্গন্ধ ওপজাব পৰা ৰোগসমূহ হ’ল – চাইন’চাটিচ আৰু নেজেল এলাৰ্জি, ডায়েবেটিজ, লিভাৰৰ বিকাৰ, কিডনিৰ অসুখ যেনে ইউৰেমিয়া, বিভিন্ন কেঞ্চাৰ, খাদ্যনলীৰ ৰোগ,পাকস্থলীৰ উগাৰ অহা ৰোগ, বদহজম ইত্যাদি৷ ধূম্ৰ পাণ, মদ্যপান, বেচিকৈ কেঁচা পিঁয়াজ-নহৰু সেৱন কৰা, বেচিকৈ গাখীৰৰপৰাতৈয়াৰহোৱাবস্তু খোৱাও মুখৰদুৰ্গন্ধৰ কাৰক হব পাৰে৷ জিৰ’ষ্টমিয়া নামৰ মুখ শুকাই থকা ৰোগত, লঘোনীয়া অৱস্থাত শৰীৰৰ চৰ্বিক্ষয় হৈ কিট’ন নিৰ্গত হলে দুৰ্গন্ধ ওলায়৷ দন্ত্য চিকিৎসকৰ মতে হেলিটচিচৰ এক প্ৰধান কাৰণ হৈছে মুখত জমা হোৱা খাদ্যৰ কোমল অৱশেষ৷ এই কোমল অৱশেষবোৰেই সময় যোৱাৰ লগে লগে বিভিন্ন খনিজ লৱণৰ প্ৰভাৱত টান হৈ পাথৰ বা কেলকুলাচৰ ৰূপ লয়৷ ইয়াত আঁতৰ কৰিবলৈ দন্ত্য চিকিৎসকৰ সহায় ল’ব লাগে৷ দুৰ্গন্ধ ওপজোৱা মুখৰ ৰোগসমূহ হ’ল: মুখৰ, জিভাৰ ঘাঁ, দাঁতৰ আলুৰ জিঞ্জিভাইটিচ, ,দাঁত পোকে খোৱা আৰু দাঁতৰ আন আন অসুখ, চেলাইভেৰীগ্লেণ্ডৰ অসুখ, টনচিল আৰু ফেৰিংছৰ অসুখ৷লঘোনত, ডি-হাইড্ৰেচনত বা জিৰ’ষ্টমিয়া ৰোগত মূখ শুকাই থাকিলে চেলাইভাৰ অভাৱত বেক্টেৰীয়াসমূহে জমা হ’বলৈ সুযোগ পায়৷ গতিকে দেখা যায় মুখৰ থুই বা চেলাইভাই আমাক বেক্টেৰীয়াৰ বিৰুদ্ধে সুৰক্ষা দি থাকে৷ তদুপৰি মুখৰ পৰা ওলোৱা এই ৰসে পাচন ক্ৰিয়াতো সহায় কৰে৷ যাৰমুখ সঘনাই শুকাই যায় তেনেলোকে চুগাৰফ্ৰিচুইংগাম ব্যৱহাৰ কৰাটো বাঞ্ছনীয়৷ কিছুমান ঔষধেও মুখৰদুৰ্গন্ধৰসৃষ্টি কৰিব পাৰে৷ সেইবিলাকৰ কিছুমান হ’ল : এঞ্জাইনাত ব্যৱহাৰ কৰা নাইট্ৰাইট, ফেনাৰগান জাতীয় ট্ৰেন্কুইলাইজাৰ, কেঞ্চাৰ কেম’থিৰাপিৰ দৰৱ আদি৷
এইখিনিতে পাঠকসকলক আন এটি দুৰ্লভ অসুখৰ কথা জনাব খুজিছোঁ – এই ৰোগত কেৱল মুখেই নহয়, শৰীৰ ঘাম আৰু প্ৰস্ৰাবো মাছ-মাছ গোন্ধায়৷খাদ্যৰ হজম কৰা এবিধ এনজাইমৰ অভাৱত এই ৰোগ হয় যাক ‘ট্ৰায়মিথাইলএমিনুৰিয়া’ নামেৰে জনা যায়৷ আকৌ প্ৰায় এক শতাংশ লোক হেলিটফোবিয়াতভোগে৷ অতি সচেতন এনে লোকসকল মুখৰদুৰ্গন্ধৰ চিকাৰ বুলি অবাবতে চিন্তা গ্ৰস্ত হৈ থাকে৷

এতিয়া প্ৰতিবিধানৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ৷
সৰুতে স্কুলীয়া পাঠ্যপুথিত ”দাঁত” নামৰ এটি চমু প্ৰৱন্ধত পঢ়া মনত পৰে – দাঁতৰ ব্যৱহাৰ ‘বালেক পালেক খালেক’ নহৈ ‘বালেক পালেক চোবালেকখালেক’ হ’ব লাগে৷ অৰ্থাৎ বালকসকল তোমালোকে ভালদ’ৰে (পাৰিলে ৩২বাৰ) চোবাইহে খাদ্য খাব লাগে৷ সেই একেদৰে সকলো চিকিৎসকে মুখব্ৰাছ কৰাৰ বিষয়ে একমত হৈ ক’ব যে আপোনালোকে দাঁত-মুখ ৪০৷৪৫ চেকেণ্ড ব্ৰাছ কৰিয়েই পৰ্বটো সামৰি নথ’ব৷ দাঁতৰ চুকে-কোনে, ভিতৰে-বাহিৰে আৰু জিভাখন ভালদৰে ব্ৰাছ কৰক৷ ইয়াৰ বাবে হয়তো ৪৷৫ মিনিট সময় খৰচ হব৷ দাঁতৰ ফাঁকত সোমোৱা খাদ্য পদাৰ্থৰ আঁহ থাকিলে তাক সাৱধানেৰে ডেন্টেলফ্লচৰ সহায়ত উলিয়াই বাহিৰ কৰক৷ ডেন্টেলফ্লচহ’ল নাইলন বা টেফলন জাতীয় প্লাষ্টিকৰে বনোৱা পাতল সূতাৰ দৰে সঁজুলি৷ ডেন্টিষ্টৰ ওচৰত নহ’লে চাৰ্জিকেলমাৰ্টত কিনিবলৈ পাব৷ পৰাপক্ষত খৰিকা ব্যৱহাৰ নকৰিব৷ বেছিকৈ খৰিকা ব্যৱহাৰ কৰিলে সেইয়া অভ্যাস হৈ পৰে আৰু দাঁতৰ আলুত লাগি তেজ ওলাব পাৰে৷ ডেণ্টেল ফ্লচে দুই দাঁতৰ মাজৰ ব্ৰাচ বা খৰিকাই ঢুকি নোপোৱা ঠাইখিনি সহজে চাফা কৰিব পাৰে ।
লিখনিটোত দুটা কথা আৰু যোগ দিওঁ৷ আমি সকলোৱে বছৰত পৰাপক্ষত দুবাৰ দাঁত পৰীক্ষা কৰোৱাটো ভাল৷ প্ৰয়োজন সাপেক্ষে দাঁতত জমা হোৱা টান মলিৰ লেয়াৰ(টাৰটাৰ বা কেলকুলাচ) আতৰাবলৈডেন্টিষ্টৰ দ্বাৰা স্কেলিং কৰাই পৰিষ্কাৰ কৰাব লাগে৷ দুৰ্গন্ধ ওপজোৱা ৰাগিয়াল দ্ৰব্য সমূহৰ সংগ পৰিত্যাগ কৰি স্বাস্থ্যসন্মত জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যবিধি মানি চলক৷ মেদবহুলতাকআঁতৰাবলৈ যত্নপৰ হওক৷ লজেঞ্চ পৰিত্যাগ কৰক৷ গাখীৰৰপৰাতৈয়াৰহোৱা খাদ্য যেনে চীজ সীমিত পৰিমাণতহে গ্ৰহণ কৰিব৷অতি কাঢ়াকৈ কফি খোৱাও বেয়া৷ চ’ডা,ক’ক কোলা, মিৰিণ্ডা, পেপচীজাতীয় দন্তক্ষয় কৰা শীতল পানীয়ৰ সংগএৰক৷ নিতৌ পৰ্যাপ্ত পৰিমাণৰ ৪৷৫লিটাৰ পানী খাওক৷ডায়েটিং কৰিলে জুলীয়া বা লাগতিয়াল পানীয় বেচিকৈ গ্ৰহণ কৰিব৷ কোনো খাদ্য খোৱাৰ পিছত মুখখন আৰু ডিঙিটো ভালকৈ কুলকুলি কৰক৷ দিনে অন্তত: দুবাৰ ব্ৰাছ কৰক৷জিভাখন ভালদৰে ব্ৰাছ কৰি পৰিষ্কাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব৷টুথপেষ্টৰ পৰিমাণ এটা কাবুলি বুটমাহৰ সমান হলেই যথেষ্ট,বাকীখিনি লোকচানহে হয়৷দাঁতৰ এনামেলৰ সুৰক্ষাৰ বাবে হাৰ্ডব্ৰাছৰ সলনি চফ্ট বা মিডিয়ামব্ৰাছহে ব্যৱহাৰ কৰক৷টুথপেষ্ট আপোনাৰ পচন্দ অনুসৰি যি কোনোৱেই ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু সেয়া ফ্লৰাইডযুক্ত হ’লে ভাল৷ আকৌ বেচিদাঁতৰ শিৰশিৰনি অনুভৱ কৰা সকলে অন্তত: এবাৰ চেঞ্চ’ডাইনযুক্তপেষ্ট মিহলাই ব্ৰাছ কৰিব লাগে৷কৃত্ৰিম দাঁত ব্যৱহাৰ কৰিলে তাক ব্যৱহাৰ কৰাৰ আগতে মুখ আৰু জিভাখন ভালকৈ পৰিষ্কাৰ কৰি ল’ব৷ আগতে উল্লেখ কৰা ‘লিষ্টাৰিন’ৰ বাহিৰেও ক্লৰ’হেস্কিডিন আৰু জিংক গ্লুকনেটযুক্তবহুবোৰমাউথৱাচ আজিকালি বজাৰত উপলব্ধ৷মনত ৰাখিব এইবিলাকে সাময়িক উপশমহে দিব পাৰে৷
এইখিনিতে আপোনালোকক জনাব খোজোঁ যে মূল কাৰণ উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিলে নব্বৈ শতাংশ হেলিটচিচ ৰোগীয়েই সম্পূৰ্ণ সুস্থ হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত প্ৰবায়োটিক ঔষধৰ ব্যৱহাৰত সুফল পোৱা গৈছে৷
এতিয়া অলপ ঘৰুৱা উপচাৰৰ কথা আলোচনা কৰিম৷ গছপাতত থকা সেউজীয়া উপাদন’ক্ল’ৰফিল’ হেলিটচিচ দূৰ কৰাত প্ৰমাণিত সিদ্ধ হৈছে৷ গতিকে আপুনি ধনীয়া,পদীনা,পালেং আৰু সেউজীয়া শাক-পাচলিৰ সৈতে আত্মীয়তা গঢ়ি তোলক৷ তিঁয়হ, গাজৰ,কল, আপেল,ডালিম আদি চোবাই খালে কেৱল মুখমণ্ডলৰ ব্যায়াম হোৱাই নহয়-আপুনি অনেক ৰোগ প্ৰতিৰোধকাৰীএন্টিঅস্কিডেন্টৰ সহায় লাভ কৰিব৷ পানমছলা, জৰ্দা, নানাবিধচাদা, ৰজনীগন্ধা আদিৰ সলনি লং,ইলাচি, চফ,ডালচেনি ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰক৷ আমাৰ অসমীয়া তামোল পাণৰ সীমিত ব্যৱহাৰে মুখৰদুৰ্গন্ধ দূৰ কৰাটো নিৰ্ঘাত সত্য৷কিন্তু তামোল-পাণত চূণ মিহলালে সেই মিশ্ৰণ কাৰচিন’জেনিক হৈ পৰে৷
দৰাচলতে বিভিন্ন অসুখ দেখুৱাবলৈ অহা এক বুজন সংখ্যক ৰোগীৰ মাজত আমি চিকিৎসকসকলে হেলিটচিচ লক্ষ্য কৰোঁ৷ তাৰে খুব তাকৰীয়া জনহে সেই বিষয়ে জ্ঞাত৷ দোষটো হ’ল ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱ৷ জ্বৰ বা আন অসুখত বিচনাত পৰিলেই বহুতে গা ধুব বাদ দিয়ে৷ মুখখনো পাল মাৰিহে ধোৱে৷ সাধাৰণ সচেতনতা আৰু স্বাস্থ্যৰ ৰক্ষাৰ বিধিৰ পালনে বহুতবোৰ ৰোগক চিৰিয়াচ পৰ্যায়লৈ যাব নিদিয়াকৈ ৰাখিব পাৰে৷
শেষত দুটি তেনেই সহজ আৰু সুলভ উপচাৰ এটি পাঠক সকললৈ আগবঢ়াই মোৰ লিখনি সামৰিম : -অলপ আদাৰ ৰসৰ সৈতে এচামুচ নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই দিনে ২৷৩বাৰ মুখ আৰু ডিঙিৰ কুলকুলি কৰক – মুখৰ দুৰ্গন্ধকেইদিন মানতে আতৰ হব৷ ৰুচি অনুসৰি সামান্য লোণ মিহলাই এই মিশ্ৰণটো আপুনি খোৱাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে৷ আনটো বিধি হ’ল : পকা কলৰ বাকলিৰ ভিতৰফালেদি দাঁত আৰু আলুক ঘঁহি ৩৷ ৪ মিনিট সময় ৰ’ব৷ তাৰ পিছত নিমখেৰে মাজি মুখখন ভালদৰে কুলকুলি কৰক৷ এসপ্তাহ দিনে দুবাৰ নিয়মীয়াকৈ এইদৰে কৰাৰ পিছত মাজে মাজে কৰিলেও হ’ব৷এনে কৰিলে মুখৰদুৰ্গন্ধআঁতৰোৱাত সহায় হোৱাৰ উপৰিও আপুনি এক সজীৱতা অনুভৱ কৰিব৷

কোনোবাই যদি এই ৰচনা খন পঢ়ি উপকৃত হয় মই নথৈ সুখী হ’ম৷
[বিঃ দ্ৰঃ এই ৰচনা ইতিমধ্যে ফেইচবুকৰ অ:ক:ব নামৰ গোটত আৰু সাহিত্য ডট অৰ্গ নামৰ ই-আলোচনিত প্ৰকাশ পাইছে। আমাৰ বিশেষ অনুৰোধত এই ৰচনা "মূৰ্চ্ছনা"ত পুনঃ প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে আমি লিখক ডা০ভূপেন শইকীয়া দেৱলৈ এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলো।]

Dec 4, 2012

অভিনয় : সত্যৰ অনুসন্ধান



বৰ্তমান অসমত দূৰদৰ্শণৰ বাহিৰেও কেবাটাও টিভি চেনেল গঢ় ললে। বাতৰিৰ উপৰিও নানা মনোৰঞ্জনৰ কাৰ্য্যসূচি ২৪ ঘন্টাই চলিব ধৰিছে। কিন্তু প্ৰথম অৱস্থাত মানুহে যি দৰে এই অণুষ্ঠাণ সমুহলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, লাহে লাহে মানুহৰ আগ্ৰহ কমি আহিবলৈ ধৰিছে। ইয়াৰ বিভিন্ন কাৰণৰ লগতে অন্যতম কাৰণ হ'ল অভিনেতা অভিনেত্ৰীৰ পুতৌ লগা দুৰ্বল অভিনয়। একোখন অসমীয়া ধাৰাবাহিক চাই থাকিলে এনে লাগে যেন অভিনেতা সকল যেন পৰিচালকৰ দাসহে। কেবল পৰিচালকৰ নিৰ্দেশ মানি লৈ চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ সমুহ ৰেল ষ্টেচনৰ কুলিয়ে কঢ়িওৱাদি কঢ়িয়াই লৈ গৈছে। প্ৰকৃততে জানো এজন অভিনেতা/অভিনেত্ৰীৰ পৰিচালকৰ নিৰ্দেশত চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ কঢ়ি্যাই নিয়াই কাম ? নিশ্চয় নহয়। আছলতে অভিনেতা এজন সৃষ্টিকৰ্তা।  এজন অভিনেতাক সৃষ্টিকৰ্তাৰ মৰ্য্যদা দিয়া হয়। কাৰণ তেও নাট্যকাৰে লিখা প্ৰানহীন সংলাপ সমুহত প্ৰান প্ৰতিস্থা কৰি দৰ্শকৰ হৃদয়ত প্ৰৱেশ কৰোৱাই। ই অভিনেতাৰ বাবে সত্যৰ অনুসন্ধান। এই সত্যক বিচাৰি পাবৰ বাবে অভিনেতাই পাণ্ডুলিপিৰ চৰিত্ৰৰ মাজত সোমাই এই সত্যক বিচাৰি পায়।
এতিয়া কথা হল অসমৰ বিভিন্ন টিভি চেনেল বোৰলৈ মঞ্চৰ পৰা অভিনেতাৰ সোঁত ববলৈ আৰম্ভ কৰিছে। প্ৰতিজনেই হয়তো মঞ্চৰ একোজন ভাল অভিনেতা, কিন্তু টিভিৰ পৰ্দাত দৰ্শকে তেওক মুঠেই হজম নকৰিলে। ইয়াৰ কাৰণ হল মঞ্চ আৰু টিভি দুয়োটাৰে অভিনয় কৌশলৰ ভিন্নতা আছে। সাধাৰণতে মঞ্চ অভিনেতাই ষ্টুডিঅ'ৰ মজিয়াত থকা কেমেৰা আৰু দৰ্শক একে বুলি ভবাৰ এক প্ৰৱনতা থাকে। ২য়তে অভিনয়ৰ মাত্ৰা সম্পৰ্কে অজ্ঞতা। টিভিৰ অভিনেতাই সদায় মনত ৰখা উচিৎ যে মঞ্চৰ অভিব্যক্তি(Expression)তকৈ টিভি কেমেৰাত বহু কমমাত্ৰাৰ অভিব্যক্তি প্ৰয়োজন। আমি কব পাৰোঃ    মঞ্চৰ অভিব্যক্তিক ১০০০ৰে হৰণ কৰিলে যি পোৱা যাব সি হব কেমেৰাৰ Expression.অভিনয় সত্যৰ অনুসন্ধান।অভিনেতাই সত্যৰ মাজত ডুবগৈ সত্যক বিছাৰি উলিয়াব লাগে।কিন্তু মঞ্চত যি ধৰণে সত্যৰ অনুসন্ধান চলে, টিভিত সেই ধৰণে নহয়।টিভিৰ অভিনয় হয় কেমেৰাৰ সন্মুখত। এতিয়া কথা হল কেমেৰা এটা নিৰ্জব বস্তু। ই চলাফুৰা কৰে কেমেৰামেন আৰু পৰিচালকৰ নিৰ্দ্দেশত। কেমাৰাৰ প্ৰধান সংঙ্গী হল পোহৰ।অভিনেতাৰ শৰীৰৰ সৈতে পাৰিপাৰ্শ্বিক পটভুমিক যুক্ত বা বিযুক্ত ভাবে কেমাৰাই যিখিনিক গ্ৰহণ কৰে তাক আমি Shot বুলি কও।এই Shot বিভিন্ন নামৰ হয়, যেনে : Close-Shot, Long-Shot, Mid-shot,Mid-Long,Mid-Close,Big-Close ইত্যাদি।অভিনেতা একোজনে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ যাওতে এই shot সম্পৰ্কে সদাই সচেতন হব লাগে।এইখিনিতে মোৰ মনলৈ আহিছে কামাল হাচান আৰু ৰতি অগ্নীহোত্ৰী অভিনিত "এক দুজে কে লিয়ে"ৰ এটা দৃশ্যৰ কথা। ছবিখন নিশ্বয় বহুতে চাইছে।দৃশ্যটো আছিল কামাল হাচান আৰু ৰতি দুয়োৰ এক প্ৰেমালাপৰ। কামাল হাচানৰ মুখত কেমেৰা close-upৰ পৰা zoom-out হৈছে।কামাল হাচানৰ হাতৰ মাজত ৰতিৰ কোমল হাতখন।পুনৰ কেমেৰা ৰতি আৰু কামালৰ হাতত zoom-in কৰিছে।এইবাৰ কামালৰ মুখত কেমেৰাৰ Big-close।এই মূহুৰ্ত্তত আমি কামাল হাচানৰ মুখৰ সুক্ষ্ম অভিব্যক্তি দেখা পাওঁ।কামালে ৰতিৰ হাতখন মুখৰ ওছৰলৈ আনি আঙুলি এটাৰ ওলাই থকা নখৰ সুত এডাল কামুৰি চিঙি দিয়ে। সম্পূৰ্ণ দৃশ্যটোত হাত আৰু মুখৰ অভিব্যক্তি ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে তেতিয়াই আমি অনুভব কৰো যে ই যেন সঁচাকৈ ঘটি আছে। এয়াই সত্যৰ সন্ধান।
কেমেৰাই যিকোনো অভিব্যক্তিকে ১০০০ গুণ ডাঙৰকৈ দেখে। গতিকে কেমেৰাৰ সন্মুখত অত্যন্ত সাৱধানে অভিনয় কৰিব লগিয়া হয়। এইখিনিতে উল্লেখ কৰা ভাল যে এজন প্ৰজোযকে প্ৰায়ে চলচিত্ৰৰ অভিনেতাক টিভিৰ ধাৰাবাহিক বিলাকত অভিনয় কৰোৱাব বিছাৰে।তাৰ দুটা কাৰণ।১) চলচিত্ৰ অভিনেতাৰ গ্লেমাৰ বিক্ৰী কৰি মুনাফা লোৱা।২)কেমেৰাৰ সন্মুখত সাৱলিল অভিনয় কৰিব পাৰে। বৰ্তমান আমি দৰ্শক হিচাপে যি সকল অভিনেতাক গ্ৰহন কৰিছো সেই সকল মুলত চলচিত্ৰৰ অভিনেতা। মঞ্চ অভিনেতা সকল মঞ্চত যথেষ্ঠ সহজ ভাবে অভিনয় কৰে কিন্তু চলচিত্ৰত সিমান সহজ বা সাৱলিল হব নোৱাৰে। আতাইতকৈ আছৰিত কথা যে মঞ্চ অভিনেতা সকল চলচিত্ৰত যিমান সাৱলিল টিভিত কিন্তু সিমান সাৱলিল নহয়। সলিল দে নামৰ কলিকতা দূৰদৰ্শণৰ এজন অভিজ্ঞ প্ৰযোজক, পৰিচালক, অভিনেতা তথা চিত্ৰনাট্যকাৰ   কৈছিল যে ভাল ভাল চলচিত্ৰ অভিনেতায়ো এই --তিনি ঠেঙিয়া ডিজিটেল যন্ত্ৰটোক ভয় কৰে।তাৰ কাৰণটো হল, চিনেমা আৰু টিভিৰ shot লোৱাৰ পদ্ধতি ভিন্ন। টিভিত Shooting কৰোতে অভিনেতাই নাজানে কেতিয়া কি shot লৈ আছে।কাৰণ সাধাৰণতে তিনিটা কেমেৰাই একে সময়তে বিভিন্ন shot লৈ থাকে । প্ৰযোজক আৰু সম্পাদকে online সম্পাদনা কৰি থাকে। ইয়াৰউপৰি, চলচিত্ৰৰ shooting কৰোতে সৰু সৰু shot লোৱা হয় বাবে অভিনেতাৰ মূখস্ত বিদ্যাৰ ওপৰত বেছি নিৰ্ভৰ নকৰিলেও চলে।কিন্তু টিভিৰ বাবে shootingত সেই সুবিধা নাপায়।[অৱশ্যে এটা কেমেৰাৰে shooting কৰাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়।]
গতিকে টেলিভিচনৰ অভিনয়ৰ ক্ষেত্ৰত অভিনেতাৰ প্ৰয়োজন এটা টেনচন-মুক্ত মন আৰু নিৰোগী দেহা।মনত অকনমান টেনচন আহিলে ই অতি কুন্ধচ ভাবে কেমেৰাত ধৰা পৰি যাব। এটা কথা প্ৰতিজন অভিনেতাই মনত ৰখা উচিৎ যে টেলিভিচনত বেছি ভাগেই close shot ব্যৱহাৰ হয়। প্ৰতিজন অভিনেতাৰ সংলাপ মনত ৰখা অৰ্থাৎ মুখস্ত বিদ্যা শক্তিশালী হব লাগিব। গতিকে দেখা গল যে টেলিভিচনৰ অভিনয় বেছি সুক্ষ্ম হয় লাগিব।
টেলিভিচনৰ বানিজ্যিক প্ৰযোজনা আৰু অভিনয়: বৰ্তমান টিভিত যিবোৰ ধাৰাবাহিক বা অপেৰা চলি আছে তাৰ আঁৰত আছে একোটা বানিজ্যিক উদ্দেশ্য। অৰ্থাৎ মুনাফা অৰ্জন । সেয়ে কোনো প্ৰযোজকে এটা shot লবৰ বাবে ২ বা ৩ বাৰৰ অধিক সুযোগ কোনো অভিনেতাকে দিব নোখোজে।কাৰণ প্ৰতিটো চেকেণ্ডৰ মূল্য বহুত।এক চেকেণ্ড অথলে যোৱাৰ অৰ্থ হল লাভ বা মুনাফা হ্ৰাস। সেয়ে অভিনেতাই নিজকে তেনে ধৰণে প্ৰস্তুত কৰা উচিৎ।
বানিজ্যিক চিৰিয়েলৰ বাবে অভিনেতাক লাগে:
১)পুৰ্ণ অনুভুতিৰ এটা মন।
২)অতি প্ৰখৰ স্মৃতি শক্তি
৩)তৎক্ষনাত চৰিত্ৰ আৰু দৃশ্য বুজাৰ ক্ষমতা।

Oct 2, 2012

"আচলতে এনেকৈয়ে" এখন পুৰ্ণাঙ্গ অসমীয়া নাটক।
























যোৱা ৩০ চেপ্তেম্বৰ ২০১২ তাৰিখ বিশ্বনাথ চাৰিআলিৰ বীনাপাণি নাট্য মন্দিৰত "মূৰ্চ্ছনা"ৰ শিল্পী সকলে কৃষ্ণ ভুঞা ৰচিত আৰু পৰিচালিত নাট "আচলতে এনেকৈয়ে" সফলতাৰে মঞ্চস্থ কৰে।নাটকৰ কেইটিমান মুহুৰ্তৰ আলোক চিত্ৰ ৰাইজৰ বাবে মুকলি কৰা হ'ল।

Mar 26, 2012

" স্বাস্থ্য চিন্তা : : অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প "


(সুস্বাস্থ্যৰ বিষয়ে মোৰ আগৰ লিখনিৰ এইয়া কিছু পৰপূৰক সমল ৷)

              
 মানুহৰ স্বাস্থ্যৰ এটি থুলমুল আভাস বডি মাছ ইনডেস্ক (Body Mass Index ) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰ মতে শৰীৰৰ ওজনক (কিলোগ্ৰামত)  শৰীৰৰউচ্চতাৰে  (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা  ফলাফলক বডি মাছ ইনডেস্ক  ( চমুকৈ BMI ) বোলে৷ স্বাভাবিক বি,এম,আই হ'ল – ১৮.৫ - ২৪.৯৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ'লে  ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় (Obese ) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি,এম,আই  ওলিয়াই  লৈ সেইমতে উচিত পদক্ষেপ লওঁক৷
           এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় : - ৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% - ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% - ৩৫% প্ৰটিনৰ পৰা ৷আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা  আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা  আহে ৪ কেলৰী শক্তি৷
           বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্য,বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে যেনে মাখন,ঘিউ,নাৰিকল তেল) আৰু মাংস,কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম,পনীৰ ন্যুনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে : - মেদবহুলতা, বহুমূ্ত্ৰ, উচ্চ ৰক্তচাপ,শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্ , আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি ৷
           এটা কথা জনোৱা ভাল - খোৱা আহাৰ সন্তুলিত নহলে, শৰীৰ ব্যায়াম - খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহলে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷
          প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল  তত্বই তাত উপলব্দ্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দূৰাৰোগ্য ব্যাধিৰ সন্মুখীন হব ধৰিছে৷
       এতিয়া আহোঁ কিয় ফাষ্টফুড গ্ৰহণযোগ্য নহয় কথাটোলৈ৷
              ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম ৷ অকল শৰীৰৰ অপকাৰী  চেচুৰেটেড  চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷মধুমেহ,উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক, ক'লোনৰ কেন্সাৰ,  মেদবহুলতা,দন্তক্ষয় ,তেজত চৰ্বি বঢ়া , আদি বিভিন্ন ৰোগৰ বাহক হ'ল এই ফাষ্ট ফুডসমূহ৷এই ফাষ্ট ফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন,চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ,কৃত্ৰিম স্বাদ , আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷
      উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বীতিয় ঘাতক ৰূপে পৰিচিত হৈছে - এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷
        আকৰ্ষণীয় বিজ্ঞাপন যেনে পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷কে এফ চি,বাৰ্গাৰ কিং, মেকডনাল্ড আদি ফাষ্টফুডৰ  দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ইয়াৰ পৰা হব পৰা অপকাৰ সমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷মাতৃ আৰু গৃহিনীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷
কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালো -
          ব্ৰাউন ব্ৰেড বা নহলে বনত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল' ফেট চীজ) সানি তিয়ঁহ,বিলাহী আদিৰে বাৰ্গাৰ বনাব  পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷ ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া, পদীনা,ধনীয়া,নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক ৷
          আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক - শীতল ফ্ৰুট চালাড, চুজী,খীৰ,পায়স,ফলৰ পিছা ফ্ৰিজত থৈ৷
         ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ,পকৰি বনাওক - সূৰ্য্যমুখী বা অলিভ জাতীয় নিৰাপদ তেলেৰে ভাজি৷ 
          চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷
           এটা কথা লক্ষ্য কৰক - আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০কেলৰি থাকে , অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷
           এটা সময়ত এনে ৰেষ্টোৰাত হৰমোন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হব পাৰে ৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ'ল৷ভাৰতত যে বিক্ৰী নহব তাৰ  নিশ্চয়তা কোনে দিব ? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰমোনৰ বেজীদি ডাঙৰ কৰা জাতিলাউ,ৰঙালাউ,অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷ 

 শীতল পানীয়ৰ বিষয়ে :কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰব৷এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ'ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে : - এটা সৰা দাঁত  ক'কাকোলা বা পেপচীত ভলদৰে ডুবাই  থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক'কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ  এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

       শীতল পানীয়ই  পাকপ্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০মিলিলিটাৰৰ বটলত ১০০পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যুনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন ডাইঅস্কাইড, কৃত্ৰিম ৰঙ আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লীবিশ্ববিদ্যালয়ৰ কেন্টিনত  হোৱা এক প্ৰতিযোগিতাত ৮বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন ডাইঅস্কাইড পয়জনিং হৈছিল৷


*  বিকল্প কি হব পাৰে ? 
    প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই  কিবা নহয়  কিবা খাবলৈ  দিছে;  যেনে আম,অমৰা,কৰ্দৈ,থেকেৰা,বেল,আপেল,নাচপতি,আনাৰচ, ডালিম,তৰমুজ,অমিতা, তেতেলি, লিচু নেমু,মালটা,কমলা,মৌচম্বী,বগৰী,আমলখি,জলফাই,লেতেকু,পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷এইবিলাকৰ প্ৰত্যকৰে  চৰবত বনাই খাব পাৰে৷ আৰু খাব পাৰে ডাবৰপানী,কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা বনোৱা লচ্চি আৰু নিমখীয়া মথ্থাও উপকাৰী আৰু সুস্বাদু পনীয়৷
      মুখনিত এটা কথা কম যি সকল লোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে - তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড  গ্ৰহণ নকৰক আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷
  
ডা০ ভূপেন শইকীয়া
২৪-৩-২০১২     ড'হা,  কাটাৰ

Mar 22, 2012

স্বাস্থ্য আৰু মন : সুস্বাস্থ্যৰ কেইটিমান কিটিপ-- ডা০ ভূপেন শইকীয়া ।


  শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান কথা আলোচনা কৰিম৷অসমীয়াত প্ৰবাদ আছে - দেহা থাকিলেহে বেহা৷ গতিকে সবাতকৈ ওপৰত শাৰীৰিক সুস্থতা ৷ দেহ ভালে নাথাকিলে মনো ভালে নাথাকে৷ মানব শৰীৰক এখন গাড়ীৰ লগত ৰিজাই এইদৰেও কব পাৰি - শৰীৰটো হ'ল ইঞ্জিন আৰু মনটো হ'ল গাড়ীখনৰ ড্ৰাইভাৰ৷

   মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰয়োজন হয় - ধ্যান বা মেডিটেচন৷ প্ৰাৰ্থনা ইয়াৰ কিছু সমপৰ্যায়ৰ শব্দ হব পাৰে৷ ধ্যানৰ লগত অধ্যয়ণ আৰু আত্মবিশ্লেষণ যোগ হোৱাটো বাঞ্চনীয়৷ অধ্যয়ণে যোগায় মনৰ খাদ্য ৷ মনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয় সুপৰিবেশ আৰু আত্ম মনোবলৰ৷ আকৌ আত্ম মনোবল আহে অধ্যয়ণ আৰু সজ চৰ্চাৰ দ্বাৰা৷

        এতিয়া শৰীৰ ভালে ৰাখিবলৈ লবলগীয়া যতন সমূহৰ বিষয়ে কিছু আলোচনা কৰো ৷মানুহে খাদ্য কিয় খায়, তাৰ উত্তৰ ভিন্ন ভিন্ন  হব পাৰে ৷ যেনে উদৰ পূৰালেহে শক্তি পাম, ভাল ভাল খাদ্য খাই জুতি লাগে কাৰণে খাওঁ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ খাওঁ৷ এতিয়া কথা হ'ল সুস্বাস্থ্য পাবলৈ হলে খাদ্যৰ বিষয়ে জানিবও লাগিব কি খোৱা ভাল আৰু কি কি পৰিহাৰ কৰিব লাগে৷
          পোনতে সুখাদ্যৰ চমু তালিকা এখন দিওঁ : -
১) ৰঙা চাহ: এটি কলি দুটি পাত শুকোৱাই কমকৈ মেচিনত সেকা চাহ হ'ল সৰ্বোত্তম চাহ৷ এই পৰম উপকাৰী খাদ্যৰ অসমত আবিস্কাৰ ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাবজনে  কৰিছিল৷ ভাৰতৰ বাহিৰেও চীন আৰু শ্ৰীলংকাটো চাহ খেতিৰ প্ৰচলন প্ৰায় একে সময়তে হয়৷ চাহত কেফেইন ওপৰিও ফ্লেৱনইড নামৰ কেন্সাৰ প্ৰতিৰোধক তত্ব থাকে৷ ৰঙা চাহে তেজৰ পৰা চৰ্বিৰ পৰিমাণ কমাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে৷
ঘৰত বনোৱা হাৰ্বেল টি - যেনে শুকান শেৱালি ফুল গৰম পানীত দিলে চাহৰ বৰণৰ আৰু সুগন্ধি স্বাস্থ্যসন্মত পানীয় হৈ পৰে৷

২) মাছ : মাছত প্ৰটিন,ভিটামিন-ডি, খনিজ তত্ব,  অমেগা-৩  আদি থাকে ৷বিশেষকৈ সাগৰীয় টুনা আৰু চালমন ফিছত৷শৰীৰৰ হাঁড়বিলাক ভালে ৰাখিবলৈ আৰু তেজৰ চৰ্বি কমাবলৈ মাছ সেই বাবে অতি উপযোগী খাদ্য ৷ অমেগা-৩ৰ পৰা হোৱা আন উপকাৰ সমূহ হ'ল - স্মৃতি শক্তি বৃদ্ধি হোৱা, মানসিক উদাসীনতা (ডিপ্ৰেচন) কমোৱা, হৃদৰোগৰ পৰা সুৰক্ষা দিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা, তেজৰ উন্নতি সধা আদি৷
৩) বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷ দুমুঠি বুট আৰু এমুঠি বাদাম ৰাতি ভিজাই থব আৰু পিছদিনা পুৱা এগিলাচ গাখীৰৰ সৈতে খাব৷ গাখীৰত আধা চামুচৰ অলপ কম হালধি গুড়ি মিহলাই লব৷ এইয়া এক স্বাস্থ্যসন্মত  শৰীৰৰ বেলেন্স খাদ্য৷ আবেলি মিশ্ৰিত ড্ৰাই ফ্ৰুটচ খালে শৰীৰত নতুন শক্তি পাব ৷

৪) নহৰু: দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে৷ তেজৰ চৰ্বি কমে৷
৫) দৈ:  প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ'ল পাক-প্ৰণালী, হাঁড,মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ৷
৬) অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত৷ 
৭) জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : - লাগতিয়াল এন্টিঅক্সিডেন্টৰ উৎস৷
৮) ব্ৰুকলি : - ভিটামিন-কে, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ উৎস৷ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী৷
৯) অটচ্ জাতীয় খাদ্যসমূহ : - যেনে ডালিয়া,চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে৷

 ১০)  শাক-পাচলি আৰু ফল-মূলৰ চালাড- অতি উপকাৰী খাদ্য৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে৷স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক৷

১১) চয়াবিন - প্ৰটিন আৰু শক্তিৰ বাবে চয়াবিন হ'ল লাগতিয়াল খাদ্য৷নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷
১২)  বিশুদ্ধ পানী: - এজন প্ৰাপ্তবয়স্ক লোকে ২৪ঘন্টা কমেও ২লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে ভাল;

পানীয়ে শৰীৰত প্ৰবেশ কৰা অনিষ্টকাৰী (টস্কিন) পদাৰ্থসমূহ নিস্কাষিত কৰে৷খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰক লাগতিয়াল তত্ব আহৰণ হোৱাত সহায় কৰে৷

*এইখিনিতে প্ৰশ্ন উঠিব - এন্টিঅক্সিডেন্টনো কি ?
এন্টিঅক্সিডেন্ট হ'ল আমাক সুৰক্ষা দিয়া পদাৰ্থ৷ আমাৰ খাদ্যসমূহত যেতিয়া শৰীৰে ৰাসায়নিক ক্ৰিয়া কৰে ; নাইবা আমি যেতিয়া টবেকো,ধূম্ৰপান, বিকিৰণ বা কোনো প্ৰাকৃতিক অস্বাভাবিক পাৰিপাৰ্শিকতাৰ সন্মুখীন হওঁ - তেতিয়া শৰীৰৰ অপকাৰী ফ্ৰি- ৰেডিকেলচ্ ৰ মুখামুখি হওঁ৷এন্টিঅক্সিডেন্টে আমাক এই ফ্ৰি- ৰেডিকেলচ্ ৰ পৰা সুৰক্ষা দিয়ে৷অন্যথাই ফ্ৰি- ৰেডিকেলচে শৰীৰত হৃদৰোগ,কেন্সাৰ বা আন ৰোগ উৎপন্ন কৰিব৷ সহজ কথাত কবলৈ হলে এন্টিঅক্সিডেন্ট হ'ল তেজ-পৰিশোধনকাৰী শৰীৰৰ বাবে সুৰক্ষা দিয়া অতি লাগতিয়াল পদাৰ্থ ৷

আমাৰ খাদ্য নিৰ্বাচন কৰোতে চাব লাগে যাতে ই অধিক ফাইবাৰযুক্ত, প্ৰটিন উপযুক্ত মাত্ৰাত থকা আৰু ন্যুনতম পৰিমানৰ চৰ্বি থকা হয়৷তেলৰ ভিতৰত অলিভ হ'ল সৰ্বোত্তম৷ ইয়াৰ পিছত আহে সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল৷আমাৰ খাদ্যৰ শতকৰা ১০ ৰ পৰা ৩০ভাগ চৰ্বিযুক্ত খাদ্যৰ পৰা অহাটো যুক্তিসংগত৷চৰ্বিৰ দ্বাৰা শৰীৰে ভিটামিন এ,ডি,ই,কে আহৰণ কৰে৷
চেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা বঢ়ায়, গতিকে ই অপকাৰী৷ মাখন,মাংস,নাৰিকল তেলত থাকে৷চেচুৰেটেড চৰ্বি সাধাৰন তাপমাত্ৰাত গোটা হৈ থাকে৷
আনহাতে পলিআনচেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰৰ অপকাৰী কলেষ্টৰলৰ মাত্ৰা কমায়৷সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল এই শ্ৰেণীত পৰে৷
ডালডা বা অইন ঘিউত শৰীৰৰ অপকাৰী ট্ৰান্সফেট থাকে৷

এতিয়া শৰীৰৰ বাবে অলাগতিয়াল খাদ্যৰ তালিকাখন দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব : -
১) পিজ্জা - মৈদা,ক্ৰিম আৰু ট্ৰান্সফেটৰ সমাহাৰ
২) বাৰ্গাৰ - উচ্চমাত্ৰাত কলেষ্টৰল, শৰ্কৰা আৰু শৰীৰৰ অনিষ্টকাৰী চৰ্বিযুক্ত
৩) নুডুলচ - একো ফুডভেল্যু নাই৷ মাত্ৰ মৈদাৰে তৈয়াৰী ষ্টাৰ্চ
৪) শীতল পানীয়সমূহ - একো ফুডভেল্যু নাই৷ কাৰ্বনযুক্ত হোৱাৰ বাবে শৰীৰক কেলচিয়াম আৰু ভিটমিন-ডি আহৰণ কৰাত বাধা দিয়ে৷
৫) আইচক্ৰিম - কৃত্ৰিম ৰঙ, প্ৰিজাৰ্ভেটিৱ আৰু ক্ৰিমৰ সংমিশ্ৰণ ; কলেষ্টৰল আৰু মেদবহুলতা বৃদ্ধিৰ কাৰক
৬) টিন ফুড- একো ফুডভেল্যু নাই৷প্ৰিজাৰ্ভেটিৱ, চেনি আৰু চডিয়ামযুক্ত ৷ কেতিয়বা বিষাক্তও হৈ পৰে ৷
৭) চিপচ্ - সৰু ল'ৰা ছোৱালীৰ অতিকে প্ৰিয় চিপচ্ বেয়া চৰ্বি আৰু বেচি চডিয়ামযুক্ত ৷ মেদবহুলতা আৰু হৃদৰোগৰ কাৰক হব পাৰে৷
৮) ছোলে-ভটোৰে, চিংৰা,পকৰী আদি - মছলাযুক্ত মুখ ৰুচিকাৰক খাদ্য শৰীৰৰ অপকাৰী ডালডা বা বনস্পতি জাতীয় ট্ৰান্সফেটেৰে তৈয়াৰ কৰা হয়৷ এইবিলাকে হৃদৰোগৰ ওপৰিও গ্ৰেষ্ট্ৰাইটিচ, এচিডিটি আদি কৰে ৷

 মুখনিত সুস্বাস্থ্যৰ বাবে অন্যান্য লাগতিয়াল কথা :
     * নিয়মিত খোজকঢ়া,ব্যায়াম বা যোগাসন কৰা
      *শাৰীৰিক অন্যান্য সক্ৰিয় কৰ্ম যেনে ফুলনিৰ বা বাৰীৰ কাম কৰা
      *  ধূম্ৰপান আৰু মদ্যপান  বা আন কোনো বদ অভ্যাস থাকিলে তাক ত্যাগ কৰা
      * ৰাতি অন্তত: ৬৷৷ ঘন্টাৰ নিয়মীয়া নিদ্ৰা যোৱা
       *যোগাত্মক আশাবাদী চিন্তাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা

 সকলোলৈ  মোৰ এটি ব্যক্তিগত পৰামৰ্শ : কাৰ্যালয়ত কাম আৰম্ভ কৰাৰ আগতে দুই মিনিট চকু মুদি মৌনভাবে ধ্যান কৰক চোন৷মনলৈ যি ভাব আহে আহিব দিয়ক, জোৰ কৰি একো ভাবিব নালাগে৷ - ইয়াৰ পিছত আপুনি একাগ্ৰতাৰে
কামত মনোনিবেশ কৰিব পাৰিব৷

ডা০ ভূপেন শইকীয়া
২২৷৩৷২০১২
ড'হা,  কাটাৰ

{শ্ৰদ্ধাৰ ডা০ ভূপেন শইকীয়া দেৱে তেখেতৰ এই লিখনীটো অনুগ্ৰহ কৰি প্ৰকাশৰ অনুমতি প্ৰদান কৰা বাবে তেখেতলৈ হিয়া ভৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালো।}