বিশ্বনাথ চাৰিআলিৰ এটি উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক অনুষ্ঠান।It is a socio-cultural organisation of Biswanath Chariali;Sonitpur (Assam) জন্মঃ২০ জুন, ১৯৯৬ চন। লক্ষ্য আৰু উদ্দেশ্যঃ কণ কণ শিশু সকলৰ সবল মানসিকতা গঢ়ি তোলাৰ লগতে উঠি অহা যুৱক যুৱতী সকলক বিভিন্ন সাহিত্য-সংস্কৃতিৰ জ্ঞান দি সৰ্বাঙ্গীন উন্নতি সাধন কৰা।
Showing posts with label Assamese Drama. Show all posts
Showing posts with label Assamese Drama. Show all posts
Jun 17, 2014
Jun 14, 2014
Jun 13, 2014
Dec 4, 2012
অভিনয় : সত্যৰ অনুসন্ধান
বৰ্তমান অসমত দূৰদৰ্শণৰ বাহিৰেও কেবাটাও টিভি চেনেল গঢ় ললে। বাতৰিৰ উপৰিও নানা মনোৰঞ্জনৰ কাৰ্য্যসূচি ২৪ ঘন্টাই চলিব ধৰিছে। কিন্তু প্ৰথম অৱস্থাত মানুহে যি দৰে এই অণুষ্ঠাণ সমুহলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, লাহে লাহে মানুহৰ আগ্ৰহ কমি আহিবলৈ ধৰিছে। ইয়াৰ বিভিন্ন কাৰণৰ লগতে অন্যতম কাৰণ হ'ল অভিনেতা অভিনেত্ৰীৰ পুতৌ লগা দুৰ্বল অভিনয়। একোখন অসমীয়া ধাৰাবাহিক চাই থাকিলে এনে লাগে যেন অভিনেতা সকল যেন পৰিচালকৰ দাসহে। কেবল পৰিচালকৰ নিৰ্দেশ মানি লৈ চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ সমুহ ৰেল ষ্টেচনৰ কুলিয়ে কঢ়িওৱাদি কঢ়িয়াই লৈ গৈছে। প্ৰকৃততে জানো এজন অভিনেতা/অভিনেত্ৰীৰ পৰিচালকৰ নিৰ্দেশত চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ কঢ়ি্যাই নিয়াই কাম ? নিশ্চয় নহয়। আছলতে অভিনেতা এজন সৃষ্টিকৰ্তা। এজন অভিনেতাক সৃষ্টিকৰ্তাৰ মৰ্য্যদা দিয়া হয়। কাৰণ তেও নাট্যকাৰে লিখা প্ৰানহীন সংলাপ সমুহত প্ৰান প্ৰতিস্থা কৰি দৰ্শকৰ হৃদয়ত প্ৰৱেশ কৰোৱাই। ই অভিনেতাৰ বাবে সত্যৰ অনুসন্ধান। এই সত্যক বিচাৰি পাবৰ বাবে অভিনেতাই পাণ্ডুলিপিৰ চৰিত্ৰৰ মাজত সোমাই এই সত্যক বিচাৰি পায়।
এতিয়া কথা হল অসমৰ বিভিন্ন টিভি চেনেল বোৰলৈ মঞ্চৰ পৰা অভিনেতাৰ সোঁত ববলৈ আৰম্ভ কৰিছে। প্ৰতিজনেই হয়তো মঞ্চৰ একোজন ভাল অভিনেতা, কিন্তু টিভিৰ পৰ্দাত দৰ্শকে তেওক মুঠেই হজম নকৰিলে। ইয়াৰ কাৰণ হল মঞ্চ আৰু টিভি দুয়োটাৰে অভিনয় কৌশলৰ ভিন্নতা আছে। সাধাৰণতে মঞ্চ অভিনেতাই ষ্টুডিঅ'ৰ মজিয়াত থকা কেমেৰা আৰু দৰ্শক একে বুলি ভবাৰ এক প্ৰৱনতা থাকে। ২য়তে অভিনয়ৰ মাত্ৰা সম্পৰ্কে অজ্ঞতা। টিভিৰ অভিনেতাই সদায় মনত ৰখা উচিৎ যে মঞ্চৰ অভিব্যক্তি(Expression)তকৈ টিভি কেমেৰাত বহু কমমাত্ৰাৰ অভিব্যক্তি প্ৰয়োজন। আমি কব পাৰোঃ মঞ্চৰ অভিব্যক্তিক ১০০০ৰে হৰণ কৰিলে যি পোৱা যাব সি হব কেমেৰাৰ Expression.অভিনয় সত্যৰ অনুসন্ধান।অভিনেতাই সত্যৰ মাজত ডুবগৈ সত্যক বিছাৰি উলিয়াব লাগে।কিন্তু মঞ্চত যি ধৰণে সত্যৰ অনুসন্ধান চলে, টিভিত সেই ধৰণে নহয়।টিভিৰ অভিনয় হয় কেমেৰাৰ সন্মুখত। এতিয়া কথা হল কেমেৰা এটা নিৰ্জব বস্তু। ই চলাফুৰা কৰে কেমেৰামেন আৰু পৰিচালকৰ নিৰ্দ্দেশত। কেমাৰাৰ প্ৰধান সংঙ্গী হল পোহৰ।অভিনেতাৰ শৰীৰৰ সৈতে পাৰিপাৰ্শ্বিক পটভুমিক যুক্ত বা বিযুক্ত ভাবে কেমাৰাই যিখিনিক গ্ৰহণ কৰে তাক আমি Shot বুলি কও।এই Shot বিভিন্ন নামৰ হয়, যেনে : Close-Shot, Long-Shot, Mid-shot,Mid-Long,Mid-Close,Big-Close ইত্যাদি।অভিনেতা একোজনে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ যাওতে এই shot সম্পৰ্কে সদাই সচেতন হব লাগে।এইখিনিতে মোৰ মনলৈ আহিছে কামাল হাচান আৰু ৰতি অগ্নীহোত্ৰী অভিনিত "এক দুজে কে লিয়ে"ৰ এটা দৃশ্যৰ কথা। ছবিখন নিশ্বয় বহুতে চাইছে।দৃশ্যটো আছিল কামাল হাচান আৰু ৰতি দুয়োৰ এক প্ৰেমালাপৰ। কামাল হাচানৰ মুখত কেমেৰা close-upৰ পৰা zoom-out হৈছে।কামাল হাচানৰ হাতৰ মাজত ৰতিৰ কোমল হাতখন।পুনৰ কেমেৰা ৰতি আৰু কামালৰ হাতত zoom-in কৰিছে।এইবাৰ কামালৰ মুখত কেমেৰাৰ Big-close।এই মূহুৰ্ত্তত আমি কামাল হাচানৰ মুখৰ সুক্ষ্ম অভিব্যক্তি দেখা পাওঁ।কামালে ৰতিৰ হাতখন মুখৰ ওছৰলৈ আনি আঙুলি এটাৰ ওলাই থকা নখৰ সুত এডাল কামুৰি চিঙি দিয়ে। সম্পূৰ্ণ দৃশ্যটোত হাত আৰু মুখৰ অভিব্যক্তি ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে তেতিয়াই আমি অনুভব কৰো যে ই যেন সঁচাকৈ ঘটি আছে। এয়াই সত্যৰ সন্ধান।
কেমেৰাই যিকোনো অভিব্যক্তিকে ১০০০ গুণ ডাঙৰকৈ দেখে। গতিকে কেমেৰাৰ সন্মুখত অত্যন্ত সাৱধানে অভিনয় কৰিব লগিয়া হয়। এইখিনিতে উল্লেখ কৰা ভাল যে এজন প্ৰজোযকে প্ৰায়ে চলচিত্ৰৰ অভিনেতাক টিভিৰ ধাৰাবাহিক বিলাকত অভিনয় কৰোৱাব বিছাৰে।তাৰ দুটা কাৰণ।১) চলচিত্ৰ অভিনেতাৰ গ্লেমাৰ বিক্ৰী কৰি মুনাফা লোৱা।২)কেমেৰাৰ সন্মুখত সাৱলিল অভিনয় কৰিব পাৰে। বৰ্তমান আমি দৰ্শক হিচাপে যি সকল অভিনেতাক গ্ৰহন কৰিছো সেই সকল মুলত চলচিত্ৰৰ অভিনেতা। মঞ্চ অভিনেতা সকল মঞ্চত যথেষ্ঠ সহজ ভাবে অভিনয় কৰে কিন্তু চলচিত্ৰত সিমান সহজ বা সাৱলিল হব নোৱাৰে। আতাইতকৈ আছৰিত কথা যে মঞ্চ অভিনেতা সকল চলচিত্ৰত যিমান সাৱলিল টিভিত কিন্তু সিমান সাৱলিল নহয়। সলিল দে নামৰ কলিকতা দূৰদৰ্শণৰ এজন অভিজ্ঞ প্ৰযোজক, পৰিচালক, অভিনেতা তথা চিত্ৰনাট্যকাৰ কৈছিল যে ভাল ভাল চলচিত্ৰ অভিনেতায়ো এই --তিনি ঠেঙিয়া ডিজিটেল যন্ত্ৰটোক ভয় কৰে।তাৰ কাৰণটো হল, চিনেমা আৰু টিভিৰ shot লোৱাৰ পদ্ধতি ভিন্ন। টিভিত Shooting কৰোতে অভিনেতাই নাজানে কেতিয়া কি shot লৈ আছে।কাৰণ সাধাৰণতে তিনিটা কেমেৰাই একে সময়তে বিভিন্ন shot লৈ থাকে । প্ৰযোজক আৰু সম্পাদকে online সম্পাদনা কৰি থাকে। ইয়াৰউপৰি, চলচিত্ৰৰ shooting কৰোতে সৰু সৰু shot লোৱা হয় বাবে অভিনেতাৰ মূখস্ত বিদ্যাৰ ওপৰত বেছি নিৰ্ভৰ নকৰিলেও চলে।কিন্তু টিভিৰ বাবে shootingত সেই সুবিধা নাপায়।[অৱশ্যে এটা কেমেৰাৰে shooting কৰাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়।]
গতিকে টেলিভিচনৰ অভিনয়ৰ ক্ষেত্ৰত অভিনেতাৰ প্ৰয়োজন এটা টেনচন-মুক্ত মন আৰু নিৰোগী দেহা।মনত অকনমান টেনচন আহিলে ই অতি কুন্ধচ ভাবে কেমেৰাত ধৰা পৰি যাব। এটা কথা প্ৰতিজন অভিনেতাই মনত ৰখা উচিৎ যে টেলিভিচনত বেছি ভাগেই close shot ব্যৱহাৰ হয়। প্ৰতিজন অভিনেতাৰ সংলাপ মনত ৰখা অৰ্থাৎ মুখস্ত বিদ্যা শক্তিশালী হব লাগিব। গতিকে দেখা গল যে টেলিভিচনৰ অভিনয় বেছি সুক্ষ্ম হয় লাগিব।
টেলিভিচনৰ বানিজ্যিক প্ৰযোজনা আৰু অভিনয়: বৰ্তমান টিভিত যিবোৰ ধাৰাবাহিক বা অপেৰা চলি আছে তাৰ আঁৰত আছে একোটা বানিজ্যিক উদ্দেশ্য। অৰ্থাৎ মুনাফা অৰ্জন । সেয়ে কোনো প্ৰযোজকে এটা shot লবৰ বাবে ২ বা ৩ বাৰৰ অধিক সুযোগ কোনো অভিনেতাকে দিব নোখোজে।কাৰণ প্ৰতিটো চেকেণ্ডৰ মূল্য বহুত।এক চেকেণ্ড অথলে যোৱাৰ অৰ্থ হল লাভ বা মুনাফা হ্ৰাস। সেয়ে অভিনেতাই নিজকে তেনে ধৰণে প্ৰস্তুত কৰা উচিৎ।
বানিজ্যিক চিৰিয়েলৰ বাবে অভিনেতাক লাগে:
১)পুৰ্ণ অনুভুতিৰ এটা মন।
২)অতি প্ৰখৰ স্মৃতি শক্তি
৩)তৎক্ষনাত চৰিত্ৰ আৰু দৃশ্য বুজাৰ ক্ষমতা।
Oct 2, 2012
Sep 24, 2011
Aug 9, 2011
Jul 26, 2011
প্রিয়াংকু বৰাৰ কবিতা
মুর্চ্ছনা
তোমাৰ সতে চিনাকি মোৰ শৈশৱত
তোমাৰ প্রেমত মই
জীপাল হৈ বাট বুলিছো এদিন
হাতে হাত ধৰি তুমিয়েই লৈ গৈছিলা
নাটকৰ বহল পথাৰলৈ
তাতেই লগ পাইছিলো
নমস্য ব্যক্তি-- দ্বিজেন, নিপু, চন্দন
বিজন মৰূৎ মামা সকলোকে
মোৰ নমস্য দিকদৰ্শী
তুমি জানানে
তুমি গঢ়ি যোৱা দুহাতেৰে
তোমাৰ বহল পথাৰ
আমিবোৰ এতিয়া
বহল পথাৰত বিচৰণ কৰো
তোমাৰ কথাকে কৈ
বীণাপানি
হয় বীণাপানি নাট্যমন্দিৰ
আজিও জিপাল হয় প্রতিতো
গ্রীষ্মৰ বন্ধত
এজাক শিশুৰ চুনামিয়ে কঢ়িয়াই আনে
হাঁহি হাঁহি পাৰ কৰা
দুটি হেঁপাহৰ নিশা
তোমাক শতবাৰ প্রণাম
তুমি আছা আমাৰ মাজত
থাকিবা চিৰদিন চিৰকাল।
---প্রিয়াংকু বৰা।
Jul 24, 2011
মূৰ্চ্ছনাৰ শিশু সকলৰ১৫তম নাট্য নিৱেদন....
কৃষ্ণ ভুঞাঁ ৰচিত নাট "ৰাজকুমাৰী আৱন্তীকা"ৰ কেইটিমান মুহুর্ত্ত্ব...
Subscribe to:
Posts (Atom)



















