Showing posts with label স্বাস্থ্য. Show all posts
Showing posts with label স্বাস্থ্য. Show all posts

Mar 26, 2012

" স্বাস্থ্য চিন্তা : : অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প "


(সুস্বাস্থ্যৰ বিষয়ে মোৰ আগৰ লিখনিৰ এইয়া কিছু পৰপূৰক সমল ৷)

              
 মানুহৰ স্বাস্থ্যৰ এটি থুলমুল আভাস বডি মাছ ইনডেস্ক (Body Mass Index ) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰ মতে শৰীৰৰ ওজনক (কিলোগ্ৰামত)  শৰীৰৰউচ্চতাৰে  (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা  ফলাফলক বডি মাছ ইনডেস্ক  ( চমুকৈ BMI ) বোলে৷ স্বাভাবিক বি,এম,আই হ'ল – ১৮.৫ - ২৪.৯৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ'লে  ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় (Obese ) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি,এম,আই  ওলিয়াই  লৈ সেইমতে উচিত পদক্ষেপ লওঁক৷
           এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় : - ৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% - ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% - ৩৫% প্ৰটিনৰ পৰা ৷আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা  আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা  আহে ৪ কেলৰী শক্তি৷
           বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্য,বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে যেনে মাখন,ঘিউ,নাৰিকল তেল) আৰু মাংস,কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম,পনীৰ ন্যুনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে : - মেদবহুলতা, বহুমূ্ত্ৰ, উচ্চ ৰক্তচাপ,শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্ , আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি ৷
           এটা কথা জনোৱা ভাল - খোৱা আহাৰ সন্তুলিত নহলে, শৰীৰ ব্যায়াম - খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহলে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷
          প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল  তত্বই তাত উপলব্দ্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দূৰাৰোগ্য ব্যাধিৰ সন্মুখীন হব ধৰিছে৷
       এতিয়া আহোঁ কিয় ফাষ্টফুড গ্ৰহণযোগ্য নহয় কথাটোলৈ৷
              ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম ৷ অকল শৰীৰৰ অপকাৰী  চেচুৰেটেড  চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷মধুমেহ,উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক, ক'লোনৰ কেন্সাৰ,  মেদবহুলতা,দন্তক্ষয় ,তেজত চৰ্বি বঢ়া , আদি বিভিন্ন ৰোগৰ বাহক হ'ল এই ফাষ্ট ফুডসমূহ৷এই ফাষ্ট ফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন,চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ,কৃত্ৰিম স্বাদ , আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷
      উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বীতিয় ঘাতক ৰূপে পৰিচিত হৈছে - এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷
        আকৰ্ষণীয় বিজ্ঞাপন যেনে পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷কে এফ চি,বাৰ্গাৰ কিং, মেকডনাল্ড আদি ফাষ্টফুডৰ  দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ইয়াৰ পৰা হব পৰা অপকাৰ সমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷মাতৃ আৰু গৃহিনীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷
কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালো -
          ব্ৰাউন ব্ৰেড বা নহলে বনত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল' ফেট চীজ) সানি তিয়ঁহ,বিলাহী আদিৰে বাৰ্গাৰ বনাব  পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷ ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া, পদীনা,ধনীয়া,নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক ৷
          আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক - শীতল ফ্ৰুট চালাড, চুজী,খীৰ,পায়স,ফলৰ পিছা ফ্ৰিজত থৈ৷
         ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ,পকৰি বনাওক - সূৰ্য্যমুখী বা অলিভ জাতীয় নিৰাপদ তেলেৰে ভাজি৷ 
          চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷
           এটা কথা লক্ষ্য কৰক - আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০কেলৰি থাকে , অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷
           এটা সময়ত এনে ৰেষ্টোৰাত হৰমোন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হব পাৰে ৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ'ল৷ভাৰতত যে বিক্ৰী নহব তাৰ  নিশ্চয়তা কোনে দিব ? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰমোনৰ বেজীদি ডাঙৰ কৰা জাতিলাউ,ৰঙালাউ,অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷ 

 শীতল পানীয়ৰ বিষয়ে :কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰব৷এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ'ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে : - এটা সৰা দাঁত  ক'কাকোলা বা পেপচীত ভলদৰে ডুবাই  থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক'কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ  এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

       শীতল পানীয়ই  পাকপ্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০মিলিলিটাৰৰ বটলত ১০০পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যুনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন ডাইঅস্কাইড, কৃত্ৰিম ৰঙ আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লীবিশ্ববিদ্যালয়ৰ কেন্টিনত  হোৱা এক প্ৰতিযোগিতাত ৮বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন ডাইঅস্কাইড পয়জনিং হৈছিল৷


*  বিকল্প কি হব পাৰে ? 
    প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই  কিবা নহয়  কিবা খাবলৈ  দিছে;  যেনে আম,অমৰা,কৰ্দৈ,থেকেৰা,বেল,আপেল,নাচপতি,আনাৰচ, ডালিম,তৰমুজ,অমিতা, তেতেলি, লিচু নেমু,মালটা,কমলা,মৌচম্বী,বগৰী,আমলখি,জলফাই,লেতেকু,পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷এইবিলাকৰ প্ৰত্যকৰে  চৰবত বনাই খাব পাৰে৷ আৰু খাব পাৰে ডাবৰপানী,কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা বনোৱা লচ্চি আৰু নিমখীয়া মথ্থাও উপকাৰী আৰু সুস্বাদু পনীয়৷
      মুখনিত এটা কথা কম যি সকল লোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে - তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড  গ্ৰহণ নকৰক আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷
  
ডা০ ভূপেন শইকীয়া
২৪-৩-২০১২     ড'হা,  কাটাৰ

Mar 22, 2012

স্বাস্থ্য আৰু মন : সুস্বাস্থ্যৰ কেইটিমান কিটিপ-- ডা০ ভূপেন শইকীয়া ।


  শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান কথা আলোচনা কৰিম৷অসমীয়াত প্ৰবাদ আছে - দেহা থাকিলেহে বেহা৷ গতিকে সবাতকৈ ওপৰত শাৰীৰিক সুস্থতা ৷ দেহ ভালে নাথাকিলে মনো ভালে নাথাকে৷ মানব শৰীৰক এখন গাড়ীৰ লগত ৰিজাই এইদৰেও কব পাৰি - শৰীৰটো হ'ল ইঞ্জিন আৰু মনটো হ'ল গাড়ীখনৰ ড্ৰাইভাৰ৷

   মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰয়োজন হয় - ধ্যান বা মেডিটেচন৷ প্ৰাৰ্থনা ইয়াৰ কিছু সমপৰ্যায়ৰ শব্দ হব পাৰে৷ ধ্যানৰ লগত অধ্যয়ণ আৰু আত্মবিশ্লেষণ যোগ হোৱাটো বাঞ্চনীয়৷ অধ্যয়ণে যোগায় মনৰ খাদ্য ৷ মনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয় সুপৰিবেশ আৰু আত্ম মনোবলৰ৷ আকৌ আত্ম মনোবল আহে অধ্যয়ণ আৰু সজ চৰ্চাৰ দ্বাৰা৷

        এতিয়া শৰীৰ ভালে ৰাখিবলৈ লবলগীয়া যতন সমূহৰ বিষয়ে কিছু আলোচনা কৰো ৷মানুহে খাদ্য কিয় খায়, তাৰ উত্তৰ ভিন্ন ভিন্ন  হব পাৰে ৷ যেনে উদৰ পূৰালেহে শক্তি পাম, ভাল ভাল খাদ্য খাই জুতি লাগে কাৰণে খাওঁ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ খাওঁ৷ এতিয়া কথা হ'ল সুস্বাস্থ্য পাবলৈ হলে খাদ্যৰ বিষয়ে জানিবও লাগিব কি খোৱা ভাল আৰু কি কি পৰিহাৰ কৰিব লাগে৷
          পোনতে সুখাদ্যৰ চমু তালিকা এখন দিওঁ : -
১) ৰঙা চাহ: এটি কলি দুটি পাত শুকোৱাই কমকৈ মেচিনত সেকা চাহ হ'ল সৰ্বোত্তম চাহ৷ এই পৰম উপকাৰী খাদ্যৰ অসমত আবিস্কাৰ ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাবজনে  কৰিছিল৷ ভাৰতৰ বাহিৰেও চীন আৰু শ্ৰীলংকাটো চাহ খেতিৰ প্ৰচলন প্ৰায় একে সময়তে হয়৷ চাহত কেফেইন ওপৰিও ফ্লেৱনইড নামৰ কেন্সাৰ প্ৰতিৰোধক তত্ব থাকে৷ ৰঙা চাহে তেজৰ পৰা চৰ্বিৰ পৰিমাণ কমাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে৷
ঘৰত বনোৱা হাৰ্বেল টি - যেনে শুকান শেৱালি ফুল গৰম পানীত দিলে চাহৰ বৰণৰ আৰু সুগন্ধি স্বাস্থ্যসন্মত পানীয় হৈ পৰে৷

২) মাছ : মাছত প্ৰটিন,ভিটামিন-ডি, খনিজ তত্ব,  অমেগা-৩  আদি থাকে ৷বিশেষকৈ সাগৰীয় টুনা আৰু চালমন ফিছত৷শৰীৰৰ হাঁড়বিলাক ভালে ৰাখিবলৈ আৰু তেজৰ চৰ্বি কমাবলৈ মাছ সেই বাবে অতি উপযোগী খাদ্য ৷ অমেগা-৩ৰ পৰা হোৱা আন উপকাৰ সমূহ হ'ল - স্মৃতি শক্তি বৃদ্ধি হোৱা, মানসিক উদাসীনতা (ডিপ্ৰেচন) কমোৱা, হৃদৰোগৰ পৰা সুৰক্ষা দিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা, তেজৰ উন্নতি সধা আদি৷
৩) বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷ দুমুঠি বুট আৰু এমুঠি বাদাম ৰাতি ভিজাই থব আৰু পিছদিনা পুৱা এগিলাচ গাখীৰৰ সৈতে খাব৷ গাখীৰত আধা চামুচৰ অলপ কম হালধি গুড়ি মিহলাই লব৷ এইয়া এক স্বাস্থ্যসন্মত  শৰীৰৰ বেলেন্স খাদ্য৷ আবেলি মিশ্ৰিত ড্ৰাই ফ্ৰুটচ খালে শৰীৰত নতুন শক্তি পাব ৷

৪) নহৰু: দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত থাকে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে৷ তেজৰ চৰ্বি কমে৷
৫) দৈ:  প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ'ল পাক-প্ৰণালী, হাঁড,মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ৷
৬) অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত৷ 
৭) জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : - লাগতিয়াল এন্টিঅক্সিডেন্টৰ উৎস৷
৮) ব্ৰুকলি : - ভিটামিন-কে, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ উৎস৷ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী৷
৯) অটচ্ জাতীয় খাদ্যসমূহ : - যেনে ডালিয়া,চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে৷

 ১০)  শাক-পাচলি আৰু ফল-মূলৰ চালাড- অতি উপকাৰী খাদ্য৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে৷স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক৷

১১) চয়াবিন - প্ৰটিন আৰু শক্তিৰ বাবে চয়াবিন হ'ল লাগতিয়াল খাদ্য৷নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷
১২)  বিশুদ্ধ পানী: - এজন প্ৰাপ্তবয়স্ক লোকে ২৪ঘন্টা কমেও ২লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে ভাল;

পানীয়ে শৰীৰত প্ৰবেশ কৰা অনিষ্টকাৰী (টস্কিন) পদাৰ্থসমূহ নিস্কাষিত কৰে৷খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰক লাগতিয়াল তত্ব আহৰণ হোৱাত সহায় কৰে৷

*এইখিনিতে প্ৰশ্ন উঠিব - এন্টিঅক্সিডেন্টনো কি ?
এন্টিঅক্সিডেন্ট হ'ল আমাক সুৰক্ষা দিয়া পদাৰ্থ৷ আমাৰ খাদ্যসমূহত যেতিয়া শৰীৰে ৰাসায়নিক ক্ৰিয়া কৰে ; নাইবা আমি যেতিয়া টবেকো,ধূম্ৰপান, বিকিৰণ বা কোনো প্ৰাকৃতিক অস্বাভাবিক পাৰিপাৰ্শিকতাৰ সন্মুখীন হওঁ - তেতিয়া শৰীৰৰ অপকাৰী ফ্ৰি- ৰেডিকেলচ্ ৰ মুখামুখি হওঁ৷এন্টিঅক্সিডেন্টে আমাক এই ফ্ৰি- ৰেডিকেলচ্ ৰ পৰা সুৰক্ষা দিয়ে৷অন্যথাই ফ্ৰি- ৰেডিকেলচে শৰীৰত হৃদৰোগ,কেন্সাৰ বা আন ৰোগ উৎপন্ন কৰিব৷ সহজ কথাত কবলৈ হলে এন্টিঅক্সিডেন্ট হ'ল তেজ-পৰিশোধনকাৰী শৰীৰৰ বাবে সুৰক্ষা দিয়া অতি লাগতিয়াল পদাৰ্থ ৷

আমাৰ খাদ্য নিৰ্বাচন কৰোতে চাব লাগে যাতে ই অধিক ফাইবাৰযুক্ত, প্ৰটিন উপযুক্ত মাত্ৰাত থকা আৰু ন্যুনতম পৰিমানৰ চৰ্বি থকা হয়৷তেলৰ ভিতৰত অলিভ হ'ল সৰ্বোত্তম৷ ইয়াৰ পিছত আহে সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল৷আমাৰ খাদ্যৰ শতকৰা ১০ ৰ পৰা ৩০ভাগ চৰ্বিযুক্ত খাদ্যৰ পৰা অহাটো যুক্তিসংগত৷চৰ্বিৰ দ্বাৰা শৰীৰে ভিটামিন এ,ডি,ই,কে আহৰণ কৰে৷
চেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা বঢ়ায়, গতিকে ই অপকাৰী৷ মাখন,মাংস,নাৰিকল তেলত থাকে৷চেচুৰেটেড চৰ্বি সাধাৰন তাপমাত্ৰাত গোটা হৈ থাকে৷
আনহাতে পলিআনচেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰৰ অপকাৰী কলেষ্টৰলৰ মাত্ৰা কমায়৷সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল এই শ্ৰেণীত পৰে৷
ডালডা বা অইন ঘিউত শৰীৰৰ অপকাৰী ট্ৰান্সফেট থাকে৷

এতিয়া শৰীৰৰ বাবে অলাগতিয়াল খাদ্যৰ তালিকাখন দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব : -
১) পিজ্জা - মৈদা,ক্ৰিম আৰু ট্ৰান্সফেটৰ সমাহাৰ
২) বাৰ্গাৰ - উচ্চমাত্ৰাত কলেষ্টৰল, শৰ্কৰা আৰু শৰীৰৰ অনিষ্টকাৰী চৰ্বিযুক্ত
৩) নুডুলচ - একো ফুডভেল্যু নাই৷ মাত্ৰ মৈদাৰে তৈয়াৰী ষ্টাৰ্চ
৪) শীতল পানীয়সমূহ - একো ফুডভেল্যু নাই৷ কাৰ্বনযুক্ত হোৱাৰ বাবে শৰীৰক কেলচিয়াম আৰু ভিটমিন-ডি আহৰণ কৰাত বাধা দিয়ে৷
৫) আইচক্ৰিম - কৃত্ৰিম ৰঙ, প্ৰিজাৰ্ভেটিৱ আৰু ক্ৰিমৰ সংমিশ্ৰণ ; কলেষ্টৰল আৰু মেদবহুলতা বৃদ্ধিৰ কাৰক
৬) টিন ফুড- একো ফুডভেল্যু নাই৷প্ৰিজাৰ্ভেটিৱ, চেনি আৰু চডিয়ামযুক্ত ৷ কেতিয়বা বিষাক্তও হৈ পৰে ৷
৭) চিপচ্ - সৰু ল'ৰা ছোৱালীৰ অতিকে প্ৰিয় চিপচ্ বেয়া চৰ্বি আৰু বেচি চডিয়ামযুক্ত ৷ মেদবহুলতা আৰু হৃদৰোগৰ কাৰক হব পাৰে৷
৮) ছোলে-ভটোৰে, চিংৰা,পকৰী আদি - মছলাযুক্ত মুখ ৰুচিকাৰক খাদ্য শৰীৰৰ অপকাৰী ডালডা বা বনস্পতি জাতীয় ট্ৰান্সফেটেৰে তৈয়াৰ কৰা হয়৷ এইবিলাকে হৃদৰোগৰ ওপৰিও গ্ৰেষ্ট্ৰাইটিচ, এচিডিটি আদি কৰে ৷

 মুখনিত সুস্বাস্থ্যৰ বাবে অন্যান্য লাগতিয়াল কথা :
     * নিয়মিত খোজকঢ়া,ব্যায়াম বা যোগাসন কৰা
      *শাৰীৰিক অন্যান্য সক্ৰিয় কৰ্ম যেনে ফুলনিৰ বা বাৰীৰ কাম কৰা
      *  ধূম্ৰপান আৰু মদ্যপান  বা আন কোনো বদ অভ্যাস থাকিলে তাক ত্যাগ কৰা
      * ৰাতি অন্তত: ৬৷৷ ঘন্টাৰ নিয়মীয়া নিদ্ৰা যোৱা
       *যোগাত্মক আশাবাদী চিন্তাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা

 সকলোলৈ  মোৰ এটি ব্যক্তিগত পৰামৰ্শ : কাৰ্যালয়ত কাম আৰম্ভ কৰাৰ আগতে দুই মিনিট চকু মুদি মৌনভাবে ধ্যান কৰক চোন৷মনলৈ যি ভাব আহে আহিব দিয়ক, জোৰ কৰি একো ভাবিব নালাগে৷ - ইয়াৰ পিছত আপুনি একাগ্ৰতাৰে
কামত মনোনিবেশ কৰিব পাৰিব৷

ডা০ ভূপেন শইকীয়া
২২৷৩৷২০১২
ড'হা,  কাটাৰ

{শ্ৰদ্ধাৰ ডা০ ভূপেন শইকীয়া দেৱে তেখেতৰ এই লিখনীটো অনুগ্ৰহ কৰি প্ৰকাশৰ অনুমতি প্ৰদান কৰা বাবে তেখেতলৈ হিয়া ভৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালো।}